আচল শিক্ষক কোন

0 368

শৈলেন বৰুৱা

      পৰিভ্ৰমী চৰাইৰ কথা আমি জানো। আমাৰ অসমলৈও শীতকালত সুদূৰ চাইবেৰিয়াৰ পৰা পক্ষী অহাৰ বতৰাও লাভ কৰোঁ। কিন্তু চৰায়ে কেনেদৰে নিৰ্ভুল পথেৰে পৰিভ্ৰমণ কৰে… সেয়া এতিয়াও বহুলাংশে ৰহস্যৰ আৱৰ্তত। শেহতীয়াকৈ ফিনলেণ্ডত এজনী মাইকী ইউৰোপীয় হানি বাজাৰ্ড চৰাইৰ দেহত উপগ্ৰহ অনুসৰণ ব্যৱস্থা লগোৱা হৈছিল। স্থানীয় লোকৰ বাবে বিশেষ আগ্ৰহৰ বিষয় আছিল যে চৰাইজনী ক’লৈ যাব… কেনেকৈ যাব… তাক তেঁওলোকে জানিব পাৰিব।WhatsApp Image 2023 09 05 at 12.31.54 AM উপগ্ৰহ অনুসৰণ ব্যৱস্থা লগোৱাৰ পিছৰ কেইটামান দিন চৰাইজনীয়ে দক্ষিণ আফ্ৰিকাৰ ফ্ৰী ষ্টেটৰ ৰেইট্জ চহৰৰ আশে-পাশে কটায়। ২০ এপ্ৰিলত উত্তৰ দিশলৈ যাত্ৰা আৰম্ভ কৰে আৰু ২ জুনত অৱশেষত ফিনলেণ্ডত উপস্থিত হয়। সম্ভৱতঃ গ্ৰীষ্মকালটো চৰাইজনীয়ে তাতে কটাব আৰু সম্ভৱতঃ অহা ঋতুত (ছিজনত) দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে পুনৰ ঘূৰি আহিব। ট্ৰেকাৰৰ পৰা পোৱা তথ্য অনুসৰি উত্তৰ দিশলৈ যাবলৈ লোৱা পথটোৰ এখন ছবি ইয়াত দিয়া হৈছে। মাত্ৰ ৪২ দিনতে চৰাইজনীয়ে প্ৰতিদিনে গড়ে ২৩০ কিলোমিটাৰতকৈ অধিক দূৰত্ব উৰি গৈ ১০০০০ কিলোমিটাৰতকৈ অধিক দূৰত্ব অতিক্ৰম কৰিলে! সেইটো আচৰিত নহয়নে! আচৰিত কথাটো হ’ল যেতিয়া পানীৰ ওপৰেৰে উৰিবলগীয়া হৈছিল তেতিয়া চৰাইজনীয়ে পানীৰ ওপৰেৰে উৰা নাছিল। তাৰ বাহিৰে চৰাইজনীয়ে কেনেকৈ উত্তৰ দিশলৈ সৰলৰেখা এডালৰ দৰে যাত্ৰা পথ নিৰূপন কৰি লৈছিল? চুডানৰ মূল ভূ ভাগৰ ওপৰেৰে চৰাইজনী উৰা নাছিল সম্ভৱতঃ বিশাল মৰুভূমিৰ বাবে। আপাত দৃষ্টিত চৰাইজনীয়ে কেনেকৈ গম পাইছিল সন্মুখত মৰুভূমি আছে বুলি? সেই সামান্য বিচ্যুতিৰ(?) পিছত চৰাইজনীয়ে আকৌ আৰম্ভ কৰিছিল একেটা দীৰ্ঘ সৰল ৰৈখিক পথ। দক্ষিণ আফ্ৰিকাৰ পৰা ফিনলেণ্ডলৈ সৰল ৰেখাৰে যাত্ৰা কৰা চৰাইজনীয়ে এতিয়া এৰি গ’ল বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন… যি কেইটা প্ৰশ্ন আপোনাৰ মনলৈও আহিছে।কিন্তু যিটো প্ৰশ্ন আপোনাৰ মনলৈ অহা নাই… সেইটো হ’ল চৰাইজনীৰ বাবে শিক্ষক কোন আছিল বা চৰাইজনীয়ে প্ৰশিক্ষণেই লৈছিল নেকি কৰ’বাত? গুগুল মেপ অবিহনে আজিৰ মানৱে নিজ জিলাখনতে ঘূৰিব নোৱাৰাৰ দিনত সেই চৰাইজনীয়ে দেখুৱাই দিলে ১০ হাজাৰ কিলোমিটাৰৰ এটা পথ… পথত আছে সাগৰ আৰু মৰুভূমি। তথাছ পথভ্ৰষ্ট হোৱা নাই নিৰ্বোধ প্ৰাণীটি। এজনী চৰায়ে কাৰ শিক্ষাদান… কাৰ প্ৰশিক্ষণত একাধিক দেশৰ ওপৰৰে উৰি মানৱ সমাজলৈ এৰি গ’ল এক শ্বাশ্বত বাৰ্তা—প্ৰকৃতিৰ বাদে কোন হ’ব পাৰে আচল শিক্ষক।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More