মাটি কিনি বাঘৰ বাবে গঢ়িছে অৰণ্য

ৰণথাম্বোৰত প্ৰকৃতিপ্ৰেমী দম্পতিৰ প্ৰশংসনীয় কাৰ্য

0 50

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ এপ্ৰিলঃ ভাৰতীয় অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া আদিত্য সিং আছিল দিল্লীৰ বাসিন্দা। পত্নী পুনমৰ সতে সুখৰ সংসাৰ। কিন্তু মহানগৰীৰ মায়া এৰি তেওঁলোক ১৯৯৮ চনত গুচি আহিল ৰাজস্থানৰ এক প্ৰত্যন্ত এলেকালৈ; বিখ্যাত ৰণথাম্বোৰ টাইগাৰ ৰিজাৰ্ভৰ ওচৰলৈ। আচলতে তেওঁলোকৰ প্ৰকৃতিপ্ৰেমেই দিল্লীৰ প্ৰতিষ্ঠিত এলেকাৰ পৰা ৰাজস্থানৰ এই ভিতৰুৱা এলেকালৈ আহিবলৈ উদগনি দিছিল। থাকিবলৈ সৰুকৈ ঘৰ এটা সাজি লোৱাৰ পিছতে এই দম্পতিয়ে যোৱা কুৰি বছৰত ৰণথাম্বোৰ টাইগাৰ ৰিজাৰ্ভৰ কাষৰীয়া মাটি নিয়মীয়াকৈ বিভিন্নজনৰ পৰা ক্ৰয় কৰি আহিছে। এই মাটি কিনি তেওঁলোকে কোনো ফাৰ্মহাউচ গঢ়িব খোজা নাই। তেওঁলোকে মূল অৰণ্যৰ কাষত গঢ় দিছে অৰণ্যৰ পশু-পক্ষীৰ সুবিধা হোৱাকৈ অৰণ্যাঞ্চল। আচলতে এই মাটি কিনি অৰণ্য গঢ়াৰ তাগিদা আহিছিল ২০০০ চনৰ পৰাহে। তেতিয়া বি বি চিৰ এখন তথ্যচিত্ৰৰ কামত জড়িত হৈ পৰিছিল আদিত্য সিং। তেওঁ লক্ষ্য কৰিছিল যে, তেওঁলোকে ইতিমধ্যে ক্ৰয় কৰা মাটিখিনিলৈ এটা বাঘ আহিছিল। তেতিয়াই তেওঁৰ মনলৈ আহিছিল যে বাঘ সংৰক্ষণৰ ক্ষেত্ৰত তেওঁ এক বিকল্প পন্থাৰে সহায় কৰিব পাৰে। অৱশ্যে তাৰ আগতেই আহিছিল পত্নী পুনমৰ আব্দাৰঃ দিল্লী এৰি ৰণথাম্বোৰত বসতি কৰাৰ। কাৰণ তেওঁৰ পত্নী পুনমে এবাৰ ৰণথাম্বোৰৰ পাহাৰীয়া শিলৰ ওপৰত এজনী বাঘিনী দেখিছিল তিনিটা পোৱালিৰে সৈতে। তেওঁলোকৰ সপোন আছিল এখন অৰণ্য গঢ়াৰ; য’ত থাকিব বনৰীয়া পশু-পক্ষী। সেই সপোনকে লৈ ১৯৯৮ চনত ৰণথাম্বোৰ পালেহি। ১৯৯৯ চনত সৰুকৈ এখন ৰিজ’ৰ্ট আৰম্ভ কৰিলে। অৱশ্যে ২০১৯ চনত তেওঁলোকে ৰিজৰ্টখন বন্ধ কৰি দিয়ে বন্যপ্ৰাণীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি। তেওঁলোকে ভাবিছিলঃ অৰণ্যখনৰ কাষৰীয়া ব্যক্তিগত মালিকানাধীন মাটিবোৰ যদি কোনো লোকে ক্ৰয় কৰি ব্যৱসায়িক কামত ব্যৱহাৰ কৰিবলৈ লয়, তেতিয়া বাঘকে ধৰি আন জন্তুৰো সমস্যা আহিব পাৰে। সেয়ে কোনোবাই মাটি বিক্ৰী কৰিব বিচাৰিলেই সেই মাটি তেওঁলোকে ক্ৰয় কৰিবলৈ ধৰিলে। এনেকৈয়ে তেওঁলোকে নিজা সঞ্চিত ধনেৰে কিনা ৩৫ একৰ মাটি আছে ভাদলাভত। এই ৩৫ একৰ মাটিৰ নাতিদূৰৈত আছে আন ৫ একৰ মাটি। এই মাটিখিনি এতিয়া অৰণ্যৰ সেউজীয়াৰে জীপাল হৈ পৰিছে। আদিত্য সিং আৰু তেওঁৰ পত্নী পুনম সিঙে এই অৰণ্যৰ কেবাঠাইতো পানীৰ ব্যৱস্থা কৰি দিছে গাঁঠিৰ ধন ভাঙি; যাতে গ্ৰীষ্মকালত তালৈ অহা বন্যজীৱবোৰে তৃষ্ণা নিবাৰণ কৰিব পাৰে। ভাৰতত বৰ্তমান টাইগাৰ ৰিজাৰ্ভৰ সংখ্যা ৫০ খন। ইয়াৰ ভিতৰত ৰণথাম্বোৰ হৈছে এখন সু-পৰিচিত আৰু বৃহৎ টাইগাৰ ৰিজাৰ্ভ। বৰ্তমান ইয়াত থকা বাঘৰ সংখ্যা হৈছে ৬০। সিং দম্পতিয়ে নিজৰ সঞ্চিত ধনেৰে মাটি কিনি যি অৰণ্য গঢ়ি তুলিছে এই টাইগাৰ ৰিজাৰ্ভৰ গাতে লগাই, সেই অৰণ্যৰ বাবে এতিয়া কাষৰীয়া গাঁৱৰ লোকৰ পশুধন চিকাৰৰ বাবে বাঘ ওলাই যোৱাৰ প্ৰৱণতা বহুখিনি হ্ৰাস পাইছে। যিহেতু মূল অৰণ্যৰ কাষৰীয়া নতুন অৰণ্যাঞ্চলত খাদ্য, পানী আৰু আশ্ৰয়ৰ নতুন স্ৰোতৰ সন্ধান পাইছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More