যোৰহাটত ৰাজ্যিক ক্ৰীড়া সমাৰোহ

0 22
যোৰহাটত ৰাজ্যিক ক্ৰীড়া সমাৰোহ
শতাব্দ প্ৰতিনিধি, যোৰহাট, ১২  এপ্ৰিল : শতবর্ষত উপনীত হোৱা যোৰহাট জিলা ক্ৰীড়া সন্থাই এ টি পি এ ফুটবল প্ৰতিযোগিতা সফলতাৰে অনুষ্ঠিত কৰাৰ পাছত এইবাৰ বছৰটোৰ শেষৰ ফালে ৰাজ্যিক ক্ৰীড়া সমাৰোহ অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ লাভ কৰিছে। জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰী আৰু সাধাৰণ সম্পাদক জুল খাউণ্ড আৰু আন আন বিষয়ববীয়া সকলৰ সৈতে অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ আৰু সহকাৰী সম্পাদক নিপন দাসে এই সম্পৰ্কত প্ৰাৰম্ভিক আলোচনা কৰে।   সোনকালে ৰাজ্যিক ক্ৰীড়া সমাৰোহ সম্পৰ্কত পুনৰ বাৰ আলোচনা মিলিত হব। এই কথা প্ৰকাশ কৰিছে  জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জুল খাউণ্ডয়ে। সম্পাদক গৰাকীয়ে শত বৰ্ষত অনুষ্ঠিত হোৱা ঐতিহ্যমণ্ডিত ৫৭ তম এ টি পি এ শ্বিল্ড ফুটবল প্ৰতিযোগিতা, মাৰাথন প্ৰতিযোগিতা আৰু শতবৰ্ষ উদ্বোধনী অনুষ্ঠানত সহযোগিতা আগবঢ়োৱা যোৰহতীয়া ক্ৰীড়াপ্ৰেমী ৰাইজক ধন্যবাদ জনাইছে। সম্পাদকগৰাকীয়ে জনাইছে যে প্ৰবীণ ক্ৰীড়া সংগঠক ক্ৰীড়া সন্থাৰ প্ৰাক্তন উপ সভাপতি, প্ৰাক্তন  ৰেফাৰী নৰেন শৰ্মাৰ পৰিয়ালে প্ৰতিবছৰে এ টি পি এ শ্বিল্ড ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিবৰ বাবে ক্ৰীড়া সন্থালৈ ২৫, ০০০ টকা আগবঢ়োৱাৰ সন্মতি প্ৰকাশ কৰিছে। সম্পাদক গৰাকীয়ে শৰ্মা পৰিয়ালৰ বদান্যতাৰ শলাগ লৈছে। এইবাৰ এ টি পি এ শ্বিল্ড ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অসম চাহ খেতিয়ক সন্থা, জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, যোৰহাট মেডিকেল কলেজ, সঞ্জীৱনী হাস্পতাল, উইং পাৱাৰ, ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদ, অইল ইণ্ডিয়া, এন আৰ এল, জগত ফাৰ্মাৰ, ৰেবকান্ত  বিদ্যালয় সংগীবৃন্দ ৯২, যোৰহাট কো।কম্পজিট চেণ্টাৰ, কৃষি বিশ্ববিদ্যালয়, জিলা ক্ৰীড়া সন্থাৰ সকলো সদস্য, উপ ক্ৰীড়া সন্থা, ক্ৰীড়া সন্থাৰ পঞ্জীয়ন ভুক্ত ক্লাব, জিলা খনৰ বৰ্তমানৰ আৰু প্ৰাক্তন খেলুৱৈ, শুভাকাংক্ষী, ক্ৰীড়াপ্ৰেমী, সংবাদ মাধ্যম, ক্ৰীড়াপ্ৰেমীয়ে সকলো কাৰ্যসূচীত জনোৱা সহযোগিতাৰ বাবে ধন্যবাদ জনাইছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More