লখিমপুৰ নগৰৰ দিশে ধাৱমান সোৱণশিৰি

বধাকৰাত সোৱণশিৰিৰ ভয়ংকৰ খহনীয়াত ভীমপৰা মথাউৰি জাহ যোৱাৰ উপক্ৰম

0 34

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৮ আগষ্টঃ লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত বধাকৰাত সোৱণশিৰি নদীয়ে ভয়ংকৰ গৰা খহনীয়াৰ সৃষ্টি কৰিছে৷ নদীখনে এতিয়া বধাকৰাত প্ৰচণ্ড খহনীয়াৰ সৃষ্টি কৰি ভীমপৰা মথাউৰিলৈ তীব্ৰ ভাবুকি কঢ়িয়াই অনাৰ লগতে নদীখনে ক্ৰমান্বয়ে লখিমপুৰ নগৰৰ দিশে ধাৱমান হোৱা পৰিলক্ষিত হৈছে৷WhatsApp Image 2023 08 28 at 8.10.57 PM চলিত সপ্তাহত বধাকৰাৰ লাইলঙীয়াত নদীখনে তীব্ৰ খহনীয়াৰ সৃষ্টি কৰাত ভীমপৰা মাথাউৰিটো একপ্ৰকাৰে সোৱণশিৰি নদীত জাহ যোৱাৰ উপক্ৰম ঘটিছে৷ ইতিমধ্যে নদীখনৰ খহনীয়াৰ কবলত পৰি নিকটৱৰ্তী কেবাখনো গাঁও নদীৰ গৰ্ভত বিলীন হৈ যোৱাৰ পিছত পুনৰ সোণোৱাল গাঁও, হৰিদাস, মাজগাঁও, বেৰকেপ আদি গাঁওসমূহলৈ ভাবুকি নামি আহিছে৷ সোৱণশিৰি নদীয়ে বধাকৰাত এতিয়া দিনে নিশাই চপৰা চপৰে গৰা খহাৰ ফলত ভীমপৰা মথাউৰিৰ নিচেই কাষ চাপিছে নদীখন৷ যাৰফলত বধাকৰাবাসীয়ে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে৷ এই ক্ষেত্ৰত জলসম্পদ বিভাগ অথবা লখিমপুৰ জিলা প্ৰশাসনে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত স্থানীয় ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More