১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ ৩ নতুন চিকিৎসা মহাবিদ্যালয়ত হ’ব এমবিবিএছ পাঠ্যক্ৰমৰ শুভাৰম্ভণি

নৱনিৰ্মিত নগাঁও, নলবাৰী আৰু কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত আৰম্ভ হব পাঠদান

0 16

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, নগাঁও, ২৮ আগষ্ট : চলিত বৰ্ষত ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে অনুমোদন জনোৱা ৰাজ্যৰ ৩খন নতুন চিকিৎসা মহাবিদ্যালয়ত অহা ১ ছেপ্টেম্বৰৰ পৰা শুভাৰম্ভণি হ’ব চিকিৎসা বিজ্ঞান শিক্ষাৰ পাঠ্যক্ৰম। ৰাজ্যৰ নখন পুৰণি চিকিৎসা মহাবিদ্যালয়ৰ লগতে নৱনিৰ্মিত নগাঁও, নলবাৰী আৰু কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়তো এমবিবিএছ প্ৰথম বাৰ্ষিকত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সেইদিনাৰ পৰাই আনুষ্ঠানিক ভাৱে পাঠদান পৰ্ব মুকলি কৰা হ’ব। ৰাজ্যৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ তদাৰকতাত ইতিমধ্যে তিনিওখন নতুন চিকিৎসা মহাবিদ্যালয়তে এমবিবিএছ প্ৰথম বৰ্ষৰ প্ৰথমটো ‘বেটচ’ৰ নিয়মীয়া পাঠদান আৰম্ভ কৰিবলৈ যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা-গৱেষণা দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই আজি নগাঁও চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি পহিলা ছেপ্টেম্বৰত আয়োজন কৰা পাঠদান মুকলি অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। ৰাজ্যৰ অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক তথা এনএইচএমৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰীক লগত লৈ দুপৰীয়া নতুন চিকিৎসা মহাবিদ্যালয়খনত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে শ্ৰেণীকোঠা, গ্ৰন্থাগাৰ, শিক্ষণ-চিকিৎসালয় আদি পৰ্যবেক্ষণ কৰে। ইয়াৰ পাছতে মন্ত্ৰী মহন্তই অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক ডাঃ চৌধুৰীৰ লগতে নগাঁৱৰ জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, আৰক্ষী অধীক্ষক নবনীত মহন্ত, জিলা স্বাস্থ্যসেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰূপজ্যোতি মহন্তৰ উপস্থিতিত চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ মিহিৰ গোস্বামী, চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধীক্ষক ডাঃ কবীন্দ্ৰ দেৱ শৰ্মা আৰু বিভিন্ন বিভাগৰ মুৰব্বী অধ্যাপকসকলৰ সৈতে এমবিবিএছ প্ৰথম বৰ্ষৰ পাঠদানৰ বাবে চলোৱা প্ৰস্তুতিৰ বিতং পৰ্যালোচনা কৰে৷ উল্লেখ্য যে, তিনিওখন নতুন চিকিৎসালয়ত এমবিবিএছ প্ৰথম বৰ্ষৰ প্ৰথমটো বেটচৰ পাঠদানৰ শুভাৰম্ভণি কৰিবলৈ অহা ১ ছেপ্টেম্বৰত নগাঁও চিকিৎসা মহাবিদ্যালয়ত এক উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰিছে চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগে। এই অনুষ্ঠান মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি নৱনিৰ্মিত চিকিৎসা মহাবিদ্যালয় তিনিখনত আনুষ্ঠানিক ভাৱে চিকিৎসা পাঠ্যক্ৰম মুকলিৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগে নিমন্ত্ৰণ জনাইছে বুলি বিভাগীয় মন্ত্ৰী মহন্তই আজি নগাঁও চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শনৰ সময়ত স্থানীয় সাংবাদিকৰ আগত সদৰি কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More