শোণিতপুৰত বানৰ প্ৰলয় অব্যাহত

0 7

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৮আগষ্টঃ শোণিতপুৰৰ বিভিন্ন অঞ্চলত ভদীয়া বানে বিপজ্জনক পৰিস্থিতিৰ উদ্ভৱ কৰাৰ লগতে একোটা অঞ্চল নিশ্চিহ্ন কৰাৰ উপক্ৰম কৰিছে৷বছৰৰ অষ্টমটো বানে ভয়ংকৰ ৰূপলোৱা বালিপৰাৰ দিঘলী বালিজান গাওঁখনৰ অস্তিত্ব নিশ্চিহ্ন হোৱাৰ উপক্ৰম কৰি আজি জৰাসৰৰ পাৰৰ পকী গাৰ্ডৱালখনৰ এটা বৃহৎ অংশ খহি পৰাত অঞ্চলটোত হাঁহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে।উল্লেখ্য যে বৰ্তমানেও অপৰিৱৰ্তিত অবস্থাত আছে বালিপৰাৰ বান পৰিস্থিতি। জৰাসৰ নৈৰ বাঢ়নী পানীৰ কবলত আছে অঞ্চলটোৰ উদমাৰী গাওঁ,ঢেকেৰী গাওঁ,দিঘলী বালিজানকে ধৰি কেইবাখনো গাঁও।বৰ্তমানেও এই অঞ্চল সমূহৰ ঘৰৰ ভিতৰে বাহিৰে পানীত আৱদ্ধ হৈ আছে সহস্ৰাধিক লোক । তেনে সময়তে ভূতৰ ওপৰত দানহ পৰাদ আজি দীঘলিৰ সমীপত জৰাসৰ নৈৰ খহনীয়া ৰোধৰ বাবে নিৰ্মান কৰা কোটি টকীয়া গাৰ্ডৱাল খনৰ প্ৰায় দুশ মিটাৰ খহি পৰে৷উল্লেখযোগ্য যে কোটিটকীয়া এইখন গাৰ্ডৱাল নিৰ্মাণ সম্পূৰ্ণ হোৱা এবছৰো হোৱা নাছিল৷গাৰ্ডৱালখনৰ নিৰ্মাণত যথেষ্ট আসোঁৱাহ থকা বুলিও অভিযোগ উঠাৰ লগতে ইয়াৰ পূৰ্বৰ বানত গাৰ্ডৱালখৰ কাষত পানীৰ সোঁতে প্ৰকাণ্ড গাঁত কৰাৰ লগতে পিছৰ আন এটা বানত এইখনত প্ৰকাণ্ড ফাঁট মেলিছিল৷কিন্তু ইয়াৰ পাছত গাৰ্ডৱালখনৰ মেৰামতি নোহোৱাত জৰাসৰৰ পানীৰ হেঁচাত আজি এইখনৰ বৃহৎ অংশ খহি পৰে আৰু পৰিণতিত এতিয়া জীয়াতু ভুগিব লগীয়াত পৰিছে ৰাইজে। জৰাসৰৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি হোৱাৰ ফলত এতিয়া বিনিদ্ৰ ৰজনী অতিবাহিত কটাবলগীয়া হৈছে এইসকল নৈ পৰীয়া ৰাইজে। যদিহে জৰাসৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পাই থাকে তেনেহলে দীঘলী বালিজানৰ কোনো চিন চাব নোহোৱা হৈ পৰিব বুলিও তেওঁলোকে আশংকা প্ৰকাশ কৰিছে৷আনহাতে বালিপৰাত বিধ্বংসী বানত আৱদ্ধ হৈ পৰা বহুসংখ্যক লোকক উদ্ধাৰৰ বাবে যোৱা নিশাও এছ ডি আৰ এফ আৰু চাৰিদুৱাৰ প্ৰশাসনে উদ্ধাৰ অভিযান চলাবলগীয়া হয়৷নিশা এনে উদ্ধাৰকাৰী দলে মানশিৰি নৈৰ বাঢ়নী পানীৰ মাজত আৱদ্ধ হৈ পৰা ১৫ টাকৈ পৰিয়ালক উদ্ধাৰ কৰে৷এই সকলৰ মাজত কেইবাগৰাকী শিশু,গৰ্ভৱতী,বিশেষভাৱে সক্ষম লোকো আছে।উল্লেখযোগ্য যে, সম্প্ৰতি অস্থায়ী শিবিৰত নিশা কটাইছে এইসকল বানাক্ৰান্তই৷আনকি ইয়াৰে একাংশই পশুধনৰ লগত সহৱস্থান কৰিবলগীয়া হৈছে৷নিশা বন্যাক্ৰান্ত সকলক চাৰিদুৱাৰ মণ্ডল যুৱ মৰ্চাৰ উদ্যাগত অস্থায়ী শিবিৰত ৰখাৰ লগতে খাদ্য বিতৰণ কৰা হয়৷ইপিনে চাৰিদিন ধৰি অপৰিবৰ্তিত অবস্থাত থকা বালিপৰাৰ বানৰ পৰিস্থিতিৰ অধিক অৱনতি ঘটাই বালিপৰাৰ জৰাসৰ নৈৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে বালিপৰাৰ ন ন অঞ্চল। জৰাসৰ নৈৰ বাঢ়নী পানীয়ে গোবিন্দপুৰ অঞ্চলটো প্লাৱিত কৰাত ইয়াৰ আবাসী ৰাইজৰ অবস্থা শোচনীয় হৈ পৰিছে। আনহাতে,ডিপোটা আৰু ঘগৰা নৈৰ বাঢ়নি পানীয়ে বৰছলাৰ বাহবাৰী আৰু বিহগুৰি অঞ্চলত কৰা প্ৰলয় এতিয়াও শাম কটা নাই৷আজি দিনত ইয়াত পানীৰ পৰিমাণ সামান্য হ্ৰাস পাইছিল য’দিও বিয়লি পুনৰ পানী বৃদ্ধি পাবলৈ লয়৷বৃহত্তৰ অঞ্চলৰ সকলো খেতিপথাৰ বৰ্তমান পানীৰ তলত থকাত সকলো কৃষকৰ অৱস্থা শোচনীয় হৈ পৰিছে৷উল্লেখযোগ্য যে,বানৰ কৱলত পৰা ছাগলী আহতৰ তলৰ শংকৰদেৱ বিদ্যা নিকেতন আৰু বাহবাৰীৰ সংযোগী পথৰ কাষৰ বিবেকানন্দ বিদ্যালয় বন্ধ ৰখাৰ উপৰি বাহঁবাৰী ডেকাচুৰীপ্ৰাথমিক বিদ্যালয় আৰু অংগনাবাদী কেন্দ্ৰ আদি বন্ধ কৰিবলৈ বাধ্য হৈছে৷ তেজপুৰৰ বিন্দুকুৰিৰো বহু অঞ্চল বৰ্তমানেও বানত ডুবগৈ আছে৷স্বাভাৱিক জীনযাত্ৰা স্তব্ধ কৰা আৰু কৃষকৰ ককাঁল ভঙা এই বানত সম্প্ৰতি বিন্দুকুৰি বজাৰৰ অৱস্থা অৱৰ্ণনীয় হৈ পৰিছ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More