সোৱণশিৰিৰ এৰাসুঁতিৰ অমৃত সৰোবৰ বাঢ়নী পানীয়ে ভাঙি-চিঙি মহতিয়াই নিলে

নৈৰ বুকুত খান্দি লাখ লাখ টকা লুণ্ঠনৰ ফন্দি দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰৰ

0 131

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ ২৭ আগষ্টঃ পূৰ্বৰ ঢকুৱাখনা বিধান সভা সমষ্টি আৰু বৰ্তমান নাওবৈছা বিধানসভা সমষ্টিৰ অন্তৰ্গত সোৱণশিৰি গাঁও পঞ্চায়তৰ আলিমূৰ ভাটি গাঁৱৰ কাষৰ সোৱণশিৰি নৈৰ এৰাসুঁতিত অসম চৰকাৰৰ তিনিখনকৈ আঁচনিৰ পৰা আবন্টিত প্ৰায় ২২ লাখ টকাৰ শৰাধ কৰি খন্দা অমৃত সৰোবৰটো বহু নিৱনুৱা যুৱক-যুৱতীৰ জীৱন-জীৱিকা ধ্বংসৰ সৰোবৰো হৈ পৰিল। WhatsApp Image 2023 08 27 at 6.17.26 PM 1 খৰালি তৰাং হৈ পৰা আৰু বাৰিষা বোৱতী নদীলৈ পৰিণত হোৱা সোৱণশিৰি নৈৰ এৰাসুঁতিতো দুয়োফালে সম্পূৰ্ণ বন্ধ কৰি বিধায়ক নৱ কুমাৰ দলেৰ ঘনিষ্ঠ ঠিকাদাৰ কুলাগাম পায়েং নামৰ এজন ঠিকাদাৰৰ নেতৃত্বত ঘিলামৰা উন্নয়ন খণ্ডৰ জৰিয়তে ৬.৩০ কিলোমিটাৰ দীঘল আৰু ২.৪০ কিলোমিটাৰ বহল এটা বৃহৎ অমৃত সৰোবৰ পুখুৰী খন্দা হৈছিল।কিন্তু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দায়িত্ববাহী অভিযন্তাৰ কাণ্ড জ্ঞানহীন পৰামৰ্শত খন্দা এই অমৃত সৰোবৰটোৰ উত্তৰ আৰু দক্ষিণ দুয়োটা পাৰ বৃহস্পতিবাৰে পুৱাই সোৱণশিৰিৰ বাঢ়নী পানীয়ে ভাঙি  উটুৱাই নিয়াত আলিমূৰ ভাটিখণ্ড গাঁৱৰ নৈ কাষৰীয়া ৰাইজৰ মাজত এক বিভিষিকাময় পৰিৱেশৰ সৃষ্টি কৰে ৷ তদুপৰি সৰোবৰৰ পাৰ ভাঙি বৈ যোৱা বানে নৈৰ কাষে কাষে বহু কেইজন নিৱনুৱা যুৱকে মৎস্যপালন কৰা বহুকেইটা পুখুৰীৰ পাৰ ভাঙি-চিঙি সকলো পোহনীয়া মাছ উটুৱাই নিয়াত স্বাভাৱিকতে স্থানীয় ৰাইজ আৰু নিৱনুৱা যুৱকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ উল্লেখ্য যে চিএমজি এছ ইউ ৱাই, এম জি এনৰেগা আৰু পঞ্চদশ বিত্তীয় আয়োগ এই তিনিওটা শিতানৰ পৰা আবন্টিত পুঁজিৰে ঘিলামৰা উন্নয়ন খণ্ডৰ তত্বাৱধানত ব্ৰহ্মপুত্ৰৰ প্ৰধান উপ নৈ সোৱণশিৰিৰ এৰাসুঁতিটো সম্পূৰ্ণৰূপে বন্ধ কৰি অমৃত সৰোবৰ খন্দা হৈছিল। স্থানীয় ৰাইজে সোৱণশিৰি নৈৰ এৰাসুঁতিৰ নদীৰ বোৱতী সুঁতি বন্ধ নকৰাকৈ নদীখনৰ যিকোনো এটা পাৰে অমৃত সৰোবৰ খান্দিবলৈ বাৰম্বাৰ দাবী কৰি আহিছিল যদিও ঠিকদাৰ আৰু অভিযন্তাই চৰকাৰী ধনৰ সিংহভাগ লুণ্ঠনৰ স্বাৰ্থত  নিজৰ খেয়াল খুচিমতে আলিমূৰ ভাটিখণ্ড গাঁৱৰ মূৰত সম্পূৰ্ণকৈ এৰাসুঁতিটো বন্ধ কৰি সৰোবৰৰ পাৰ বন্ধাইছিল।WhatsApp Image 2023 08 27 at 6.17.25 PM ফলত সৰোবৰৰ উত্তৰ পাৰে সোৱণশিৰিৰ পানীৰ ধল আবদ্ধ হৈ পৰিছিল ৷ এই  আবদ্ধ জলৰাশিয়েই অৱশেষত বৃহস্পতিবাৰে পুৱা সৰোবৰৰ পাৰ ভাঙি-চিঙি মহতিয়াই নিয়ে। পৰিতাপৰ বিষয় যে,  সোৱণশিৰি নদীৰ এৰাসুঁতিত খন্দা এই অমৃত সৰোবৰৰ পাৰ বন্ধা হৈছিল সোৱণশিৰি নদীৰ এৰাসুঁতিৰ ধুলিময় বালিৰে ৷ তদুপৰি প্ৰতিবছৰে বাৰিষা ফেনে-ফুটুকাৰে ওপঙি থাকে সোৱণশিৰি নদীৰ এৰাসুঁতিসমূহ ৷ এনেবোৰ ঠাইত  অমৃত সৰোবোৰ খন্দাৰ আঁচনি কাৰ স্বাৰ্থত গ্ৰহণ কৰা হৈছিল এয়াও ৰহস্যৰ বিষয় হৈ পৰিছে। কেৱল আবন্টিত চৰকাৰী পূঁজিৰ লুণ্ঠনৰ স্বাৰ্থতে যে এই অমৃত সৰোবৰ খন্দা হৈছিল ই নিশ্চিত হৈছে ৷  প্ৰাপ্ত অভিযোগ মতে, ঠিকদাৰে ইতিমধ্যে এই সৰোবৰৰ বাবে আবন্টিত পুঁজিৰ দুটাকৈ কৃষ্টিৰ ধন উলিয়াই নিছে। অপৰিকল্পিতভাৱে নিৰ্মাণ কৰা এই অমৃত সৰোবৰৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষ আৰু  লখিমপুৰ জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে ই হ’ব লক্ষণীয় ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More