তিনিচুকীয়াত বিংশতম শাৰদা ট্ৰফী প্ৰদান

আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পীৰ নৃত্যানুষ্ঠানে মোহিলে ৰাইজক

0 76
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩০ অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱৰ লগত সংগতি ৰাখি প্ৰতিবছৰৰ দৰে এইবাৰো বিংশতম শাৰদা ট্ৰফী এক ভব্য অনুষ্ঠানৰ জৰিয়তে স্বৰ্গীয় শাৰদা দেৱী খৈতান মেম’ৰিয়েল ট্ৰাষ্টৰ দ্বাৰা তিনিচুকীয়াত দেওবাৰে প্ৰদান কৰা হয় ৷ প্ৰয়াত শাৰদা দেৱী খৈতানৰ পবিত্ৰ স্মৃতিত বিগত ২০০৪ চনৰ পৰা এই বটা আৰম্ভ কৰা হৈছিল ৷ দেওবাৰে তিনিচুকীয়াৰ বৰদলৈ নগৰস্থিত উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্ৰত আড়ম্বৰপূৰ্ণভাৱে বিজয়ী পূজা সমিতিসমূহৰ মাজত বটা বিতৰণ কৰা অনুষ্ঠানত অতিথি হিচাপে স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণ, জিলা আয়ুক্ত স্বপ্নীল পাল, আৰক্ষী অধীক্ষক দিলীপ অভিজিত গুৰভ, জিলা উন্নয়ন আয়ুক্ত সুশান্ত দত্ত, তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি পবিত্ৰ গগৈকে মুখ্য কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে । জ্যেষ্ঠ সাংবাদিক কৃষ্ণ উপাধ্যায় আৰু ৰঞ্জিত দত্তই পৰিচালনা কৰা অনুষ্ঠানৰ আৰম্ভণিতে শাৰদা ট্ৰফীৰ ২০ বছৰীয়া সোণালী যাত্ৰাৰ এক সুন্দৰ বাখ্যা দাঙি ধৰে সাৰদা দেৱী খৈতান মেম’ৰিয়েল ট্ৰাষ্টৰ তৰফৰ পৰা সঞ্জয় খৈতানে । ইয়াৰ পাছতে সুদূৰ উৰিষ্যাৰ বহৰামপুৰৰ বিশ্ববিখ্যাত প্ৰিন্স নৃত্যগোটে তেওঁলোকৰ নৃত্য তথা কলা-কৌশল প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰি তোলে । এইবাৰ শ্ৰেষ্ঠ জনপ্ৰিয় পূজা বঁটা লাভ কৰে নিউ তিনিচুকীয়া (হিজুগুৰি) দুৰ্গাপূজা সমিতিয়ে । আনহাতে বিভিন্ন শাখাত মা দূৰ্গেশ্বৰী দুৰ্গাপূজা সমিতিক সৰ্বশ্ৰেষ্ঠ প্ৰতিমাৰ পুৰষ্কাৰ, শ্ৰীপুৰীয়া পূৰ্বাঞ্চল দুৰ্গাপূজা সমিতিক শ্ৰেষ্ঠ পূজাৰ বঁটা, পানীতোলা যুৱ দুৰ্গাপূজা ট্ৰাষ্ট ভৱন সমিতিক শ্ৰেষ্ঠ প্ৰতিমা, শ্ৰীনৱ দুৰ্গাপূজা সমিতি ৰাণী সতী মন্দিৰক শ্ৰেষ্ঠ সাজসজ্জা, কনকলতা পথ সাৰ্বজনীন দুৰ্গাপূজা সমিতিক ডিস্ক’ভাৰী অফ দা ইয়েৰ পুৰস্কাৰ, ৰংপুৰীয়া সাৰ্বজনীন দুৰ্গাপূজা সমিতিক শ্ৰেষ্ঠ পৰম্পৰাগত পূজা বঁটা, অসম ষ্টাৰ ক্লাব দুৰ্গাপূজা সমিতিক শ্ৰেষ্ঠ ধৰ্মীয় পূজা, পল্লীনিকেতন সাৰ্বজনীন দুৰ্গা পূজা সমিতিক সৃষ্টিশীল উৎকৰ্ষ পুৰষ্কাৰ প্ৰদান কৰা হয় । লগতে স্বৰ্গীয় ৰাজু খেমকা স্মৃতি কলাশ্ৰী বঁটা মৃতশিল্পী ৰূপম পাল আৰু প্ৰয়াত কান্তেশ্বৰ উপাধ্যায় স্মৃতি আচাৰ্যশ্ৰী বঁটা পুৰোহিত পংকজ বৰকটকীক প্ৰদান কৰা হয় । ইয়াৰোপৰি জিলাখনৰ ডিগবৈৰ শ্ৰেষ্ঠ পূজাৰ বঁটা ডিগবৈ কালীবাড়ীক, ডুমডুমাৰ শ্ৰেষ্ঠ পূজাৰ বঁটা ডুমডুমা অসমীয়া পূজা তথা নাট্যমন্দিৰ সমিতিক, মাৰ্ঘেৰিটাৰ শ্ৰেষ্ঠ পূজা শ্ৰী শ্ৰীপূৰ্বাঞ্চল দুৰ্গাপূজা সমিতিক, দুলিয়াজানৰ জয়ানগৰৰ ৰাজহুৱা শ্ৰীশ্ৰী দুৰ্গাপূজাক শ্ৰেষ্ঠ পূজা, সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গাপূজা সমিতি, বালিজান তিৱাড়ী পাৰাক বিশিষ্ট বিচাৰক বঁটা আৰু শদিয়াৰ শ্ৰেষ্ঠ পূজা বঁটা  শ্ৰীশ্ৰী সাৰ্বজনীন শান্তিপুৰ দুৰ্গাপূজা সমিতিক প্ৰদান কৰা হয় ৷ বটা প্ৰদান অনুষ্ঠানত বিশ্ববিখ্যাত  প্ৰিন্স নৃত্যগোটৰ শিল্পীসকলৰ নৃত্য প্ৰদৰ্শনত মুগ্ধ হৈ জ্যেষ্ঠ অধিবক্তা ভাস্কৰ দত্তই দলটোক নগদ পাঁচ হেজাৰ টকাৰ পুৰস্কাৰ প্ৰদান কৰে ।
(ফটো দিয়া হৈছে)
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More