Browsing Category

অসম

চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ত অজাযুছাপৰ  প্ৰতিবাদ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৪ জুন : অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ (অজাযুছাপ) তিনিচুকীয়া জিলা সমিতিয়ে আজি শেহতীয়াভাৱে অসম চৰকাৰে ৰাজ্যৰ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পাঠদান কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্ত বাতিল কৰা আৰু চৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহত স্হায়ী প্ৰধান শিক্ষক নিযুক্তি দিয়া দাবীত উপায়ুক্তৰ কাৰ্যালয় সন্মুখত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ কাৰ্যসূচীত উপস্থিত থাকি অজাযুছাপৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক সুৰজিৎ মৰাণ,…

বিহপুৰীয়া মহাবিদ্যালয়ত দুই তৰপীয়া তদন্ত আৰম্ভঃ শিক্ষক গোটৰ স্বস্তি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৪ জুনঃ বিহপুৰীয়া মহাবিদ্যালয়ৰ আভ্যন্তৰীণ সমস্যাৰাজিৰ সমাধানৰ দাবীত শিক্ষক গোটে যোৱা ১১ মে’ৰ পৰা চলাই অহা ধৰ্মঘটৰ পিছত অৱশেষত গা লৰিল চৰকাৰ তথা শিক্ষা বিভাগৰ। শিক্ষক গোটৰ যুক্তিসংগত আন্দোলনক নস্যাৎ কৰিবলৈ বিভিন্ন পক্ষই নানান ষড়যন্ত্ৰ কৰাৰ পিছত অৱশেষত দুটা পৰ্যায়ত তদন্ত আৰম্ভ হৈছে। সেইমৰ্মে জিলা প্ৰশাসন আৰু উচ্চ শিক্ষাধিকৰ্তাই কালিৰে পৰা পৃথকে তদন্ত আৰম্ভ কৰিছে ৷ যোৱা ১৩ জুনত লক্ষীমপুৰ জিলাৰ জিলা উন্নয়ন আয়ুক্তৰ নেতৃত্বত এটা দলে বিহপুৰীয়া মহাবিদ্যালয়ৰ শিক্ষক গোটৰ প্ৰতিনিধি, মহাবিদ্যালয় পৰিচালনা সমিতিৰ…

লখিমপুৰত শিঙৰা নদীয়ে মথাউৰি ভাঙি উটুৱাই নিলে তিনিটাকৈ পকী গৃহ

বহু গাঁও জলমগ্ন উদ্ধাৰ অভিযান অব্যাহত শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৪ জুনঃ লখিমপুৰ জিলাৰ নাওবৈচা ৰাজহ চক্ৰৰ অন্তৰ্গত শলমৰীয়াত আজি দুপৰীয়া শিঙৰা নদীয়ে মথাউৰি ভাঙি জলপ্ৰলয়ৰ সৃষ্টি কৰে৷ নদীখনৰ বাঢ়নী পানীয়ে সোঁপাৰৰ মথাউৰিটোৰ প্ৰায় ১০০ মিটাৰ অংশ আজি দুপৰীয়া প্ৰায় ডেৰ বজাত ছিঙি নিয়াৰ ফলত ৰাজহ চক্ৰটোৰ ১০-১৫ খন গাঁও ভয়াৱহ বানৰ কবলত পৰিছে৷ উল্লেখ্য যে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে লখিমপুৰ জিলাতো কেবাদিন ধৰি হৈ থকা মূষলধাৰ বৰষুণৰ ফলত আজি শিঙৰা নদীয়ে মথাউৰি ছিঙাত সমগ্ৰ অঞ্চলটোত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ নদীখনৰ…

“কেৰিয়াৰ হাতপুথি” কিতাপখন উপহাৰ দিয়ক

মাননীয় সম্পাদক মহোদয়, হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিশেষ কৃতিত্ব অর্জন কৰা শিক্ষার্থীক আনুষ্ঠানিকভাৱে বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান-সংগঠন তথা ব্যক্তি বিশেষে অভিনন্দন জ্ঞাপন কৰি বিভিন্ন উপহাৰ দিয়ে। কৃতিত্ব অৰ্জন কৰা শিক্ষার্থীক অভিনন্দন জ্ঞাপন তথা উপহাৰ প্ৰদান কৰাটো এটা ভাল কথা। আমি ভাবোঁ নিৰ্বাচিত গ্ৰন্থৰ টোপোলা এটিও উপহাৰ হিচাপে দিলে ভাল হয়, যিবোৰ গ্ৰন্থৰ দ্বাৰা শিক্ষার্থীসকলৰ মানসিক তথা বৌদ্ধিক বিকাশত সহায় হয়, লগতে সামাজিক দ্বায়বদ্ধতাৰ কথাও মনলৈ আহে।  এইখিনিতে এটা কথা উল্লেখ কৰিব বিচাৰিছো…

বলিশালত মৃত্যুৰ ক্ষণ গণিছে লখিমপুৰৰ ১৫৩০ জোপা গছে

শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ, ১২ জুনঃ চৰকাৰে উন্নয়নৰ নামত যধে মধে বন ধবংস কৰিবলৈ বিচৰা কাৰ্যত একাংশ প্ৰকৃতিপ্ৰেমী লোকে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷ শেহতীয়াকৈ ভাৰত মালাৰ অধীনত পথ নিৰ্মাণৰ নামত এনেদৰে লখিমপুৰ জিলাত সহস্ৰাধিক পৈনত আৰু অপৈনত গছ কাটিবলৈ লোৱা সিদ্ধান্তই প্ৰকৃতিপ্ৰেমীক মৰ্মাহত কৰি তুলিছে৷ প্ৰাপ্ত তথ্য অনুসৰি কেন্দ্ৰীয় চৰকাৰে ভাৰত মালা আঁচনিৰ অধীনত উত্তৰ লখিমপুৰ নগৰৰ কে বি ৰোডৰ পৰা খাবলু ঘাট পৰ্যন্ত পূৰ্বৰ পথটো বহল আৰু সবলীকৰণৰ বাবে চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে আৰু ইতিমধ্যে বন বিভাগ, ৰাজহ বিভাগ আৰু লোক নিৰ্মাণ…

বহিঃৰাজ্যত নিহত তেজপুৰৰ যুৱক

শতাব্দ ষ্টাফ ৰিপ“ৰ্টাৰ,তেজপুৰ,১২জুনঃ বহিঃৰাজ্যলৈ যোৱা তেজপুৰৰ এজন যুৱকৰ ক্ষতবিক্ষত মৃতদেহ বিহাৰত উদ্ধাৰ হৈছে৷আনহাতে যুৱকজনৰ মৃত্যুৰ বাতৰি আজি লাভ কৰাৰ পাছত অকলশৰীয়া মাতৃয়ে পুত্ৰৰ মৃতদেহ কেনেদৰে ঘৰলৈ আনিব তাকে লৈ অস্হিৰ হৈ পৰিছে৷ উল্লেখযোগ্য যে, তেজপুৰৰ নিকটৱৰ্তী মেকেনৰ চুবুৰীৰ যুৱক প্ৰাণজিৎ নাথে যোৱা শনিবাৰে ৰে’ল যোগে পঞ্জাৱলৈ গৈছিল৷ ইয়াৰ এদিন পিছতে কালি ৰে’লত গৈ থকা অৱস্হাতে যুৱকজনৰ ৰেলৰ পৰা পৰি মৃত্যু ঘটা বুলি আজি তেজপুৰৰ মাকক খবৰ দিয়ে ৰে’ল আৰক্ষীয়ে৷ যুৱকজনৰ পৰিয়ালে প্ৰাণজিতৰ মৃত্যু ৰে’লৰ পৰা পৰি হোৱা বুলি মানি লোৱা নাই…

ধেমাজিত জি-২০, ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ আৰু নিপুণ অসমৰ পটভূমিত জিলা পৰ্যায়ৰ এদিনীয়া কৰ্মশালা

ধেমাজি, ১২ জুনঃ ধেমাজি জিলা শিক্ষা বিভাগ আৰু সমগ্ৰ শিক্ষা ধেমাজিৰ উদ্যোগত জি-২০, ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ আৰু নিপুণ অসম (FLN) ৰ পটভূমিত আজি ধেমাজি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এদিনীয়া কাৰ্যসূচীৰে জিলা পৰ্যায়ৰ এখন কৰ্মশালা অনুষ্ঠিত হৈ যায় । পুৱা ৯-১৫ বজাত জিলা তথা খণ্ড পৰ্যায়ৰ বিষয়াসকল, শিক্ষক, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু আমন্ত্ৰিত বিশিষ্ট অতিথিসকলৰ উপস্থিতিত জি-২০, ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ আৰু নিপুণ অসম (FLN) ৰ অধীনত ৰূপায়িত হৈ থকা বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা অভিযান সম্পৰ্কে সজাগতা ৰেলী উলিওৱা হয়। কৰ্মশালাখনি ধেমাজি…

আদিবাসী যুৱক যুৱতীৰ বাবে ১৫শতাংশ চৰকাৰী চাকৰি সংৰক্ষণৰ দাবী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১২জুনঃ ৰাজ্যৰ আদিবাসী যুৱক যুৱতী সকলৰ বাবে ৰাজ্যচৰকাৰৰ নিযুক্তিত ১৫শতাংশ সংৰক্ষণ দাবী কৰিছে অসম জাতীয় পৰিষদে৷তেজপুৰস্হ দলীয় কাৰ্যালয়ত আজি বিয়লি তিনিবজাত অনুষ্ঠিত এক সংবাদমেলত এই দাবী উত্থাপন কৰে দলটোৰ উপসভাপতি অঞ্জন উপাধ্যায়ৰ লগতে দলটোৰ সাংগঠনিক সম্পাদক অজয় তাঁতী,শোণিতপুৰ জিলাৰ সম্পাদক ৰূপজ্যোতি বৰা, দলটোৰ স্হানীয় নেতা অচিত তাঁতী,নৃপেন মহন্ত আৰু কুশল কালন্দীয়ে অংশ লোৱা সংবাদমেলত উপসভাপতি উপাধ্যায়ে কয় যে,আঢ়ৈশ বছৰ ধৰি ৰাজ্যত বাস কৰি অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ পৰা আদিবাসী সকলে এতিয়াও ৰিফিউজিৰ…

তিনিচুকীয়াত পুনৰ অনাঅসমীয়াৰ আক্ৰমণত ধৰাশায়ী খাটি খোৱা খিলঞ্জীয়া যুৱক

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১২ জুন : তিনিচুকীয়া চহৰত অনাঅসমীয়াৰ দপদপনি এতিয়া আৰু কোনো নতুন কথা হৈ থকা নাই ৷ বিজয়া দশমীৰ দিনা সামান্য অজুহাতত অনাঅসমীয়া গুণ্ডা প্ৰকৃতিৰ লোকে চহৰখনৰ মাজমজিয়াত সহস্ৰাধিক লোকৰ সন্মুখত কৰ্তব্যৰত আৰক্ষী বিষয়াক দুৰ্ব্যৱহাৰৰ কৰাৰ দৰে দুৰ্ভাগ্যজনক ঘটনাও তিনিচুকীয়াত সংঘটিত হৈ গৈছে ৷ কিন্তু ধনৰ বলত বলীয়ান বহিৰাগত বনিয়াই সাধাৰণ কথাতে খাটি খোৱা অসমীয়া যুৱকক প্ৰচণ্ড মাৰপিট কৰি বীৰত্ব জাহিৰ কৰিব বিচৰা কাণ্ডক কেন্দ্ৰ কৰি ইয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ দেওবাৰে সন্ধিয়া তিনিচুকীয়া চহৰত সংঘটিত তেনে…

প্ৰধান শিক্ষক পদ সৃষ্টিৰ দাবীৰ সমৰ্থনত গণ স্বাক্ষৰ অভিযান আৰম্ভ শোণিতপুৰত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১২জুনঃ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে নিখিল বড়ো প্ৰাথমিক শিক্ষক সংস্থা,সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ আৰু প্ৰাথমিক ষ্টেটপুল শিক্ষক সন্থাৰ সহযোগত ৰাজ্যৰ নিম্ন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক পদ সৃষ্টিৰ দাবীৰ সমৰ্থনত ৰাজ্যজুৰি চলাই থকা গণ স্বাক্ষৰ অভিযান আজি তেজপুৰত আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়। তেজপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি জ্যোতি ভট্টাচাৰ্য্য আৰু সম্পাদক অৱনী কুমাৰ বৰাই স্বাক্ষৰ প্ৰদান কৰি গণ স্বাক্ষৰ অভিযানৰ আৰম্ভণি কৰে। তেজপুৰৰ শিক্ষক ভৱনত আৰম্ভ কৰা এই…

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More