আকাশলৈ চাওক, আজি পূৰ্ণিমাত অতিচন্দ্ৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১ আগষ্টঃ ১ আগষ্টৰ নিশাৰ আজিৰ চন্দ্ৰটো অতিচন্দ্ৰ, ইংৰাজীত যাক কোৱা হয় চুপাৰমুন। পূৰ্ণিমা লগা মুহূৰ্তটো হ’ব ভাৰতীয় সময় মতে আজি নিশা ০০,০৩ বজাত, ঠিক ১২ বজাৰ পিছতে অৰ্থাৎ ২ আগষ্টত। অতিচন্দ্ৰত অন্য পূৰ্ণিমাতকৈ চন্দ্ৰটো সামান্য ডাঙৰ হয়, পোহৰো সামান্য বেছি হয়, অৱশ্য ডাঙৰ হোৱাটো অৱস্থাটো খালি চকুৰে নেদেখি যদিও অতিচন্দ্ৰ কেনেকুৱা তাক আকাশলৈ চায় এবাৰ অভিজ্ঞতা লব পাৰে।