ৰূপকোঁৱৰৰ ঐতিহাসিক “পকী”ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ “ৰুক্মিণী হৰণ”

মাজুলীৰ আউনিআটী সত্ৰৰ সত্ৰীয়া শিল্পীৰ আশিস লৈ তেজপুৰৰ সৃজনী সংগীত মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ দৃষ্টিনন্দন অনুষ্ঠান

0 26

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১ আগষ্ট : মাজুলীৰ আউনিআটী সত্ৰৰ সত্ৰীয়া শিল্পী তথা গুৱাহাটীৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ সত্ৰীয়া আৰু খোল বিভাগৰ শিক্ষক অতুল ভূঞাৰ আশিস লৈ তেজপুৰৰ সৃজনী সংগীত মহাবিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীয়ে কালি সন্ধিয়া তেজপুৰৰ ৰূপকোঁৱৰৰ পৈতৃক গৃহ ঐতিহাসিক “পকী” ৰ ৰূপকোঁৱৰ মঞ্চত পৰিৱেশন কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি “ৰুক্মিণী হৰণ” ভাওনাই মুগ্ধ কৰি তোলে ৰাইজক। উল্লেখ্য যে নৃত্য শিল্পৰ ক্ষেত্ৰত বিশেষ কৃতিত্ত্বৰ পৰিচয় দি অহা তেজপুৰৰ দক্ষ নৃত্যশিল্পী মিতালী দত্ত বৰঠাকুৰৰ তৎপৰতাত গঢ়ি উঠা “সৃজনী সংগীত মহাবিদ্যালয়”ৰ উদ্যোগত যোৱা ১৮ জুলাইৰ পৰা অনুষ্ঠিত হোৱা সত্ৰীয়া নৃত্য, জ্যোতি সংগীত, ভূপেন্দ্ৰ সংগীত আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ বিশেষ পাঠদান কৰ্মশালাৰ কালি বিয়লি অনুষ্ঠিত হয় আকৰ্ষণীয় সামৰণি অনুষ্ঠান। বাণ থিয়েটাৰৰ সভাপতি, বিশিষ্ট গীতিকাৰ, সুৰকাৰ বংকিম শৰ্মাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা আৰু শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা এই সামৰণি অনুষ্ঠান আৰম্ভ হয় প্ৰশিক্ষাৰ্থী সকলে পৰিবেশন কৰা অতি আকৰ্ষণীয় গুৰু বন্দনা কাৰ্যসূচীৰে। বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আঁত ধৰা এই অনুষ্ঠানত প্ৰশিক্ষণত অংশ গ্ৰহণ কৰা কণ কণ শিশু সকলে দৃষ্টিনন্দন ৰূপত পৰিৱেশন কৰে জ্যোতি সংগীতৰ আধাৰত সমবেত নৃত্য। মুখ্য প্ৰশিক্ষক অতুল ভূঞা, জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন কুমাৰ দাস, জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ লিখন শৰ্মা, বিশিষ্ট সত্ৰীয়া শিল্পী শ্ৰীকুমাৰ বৰুৱা, সমাজকৰ্মী হিৰণ্য ভুঞা আদিক সৃজনী সংগীত মহাবিদ্যালয়ৰ তৰফৰ পৰা বিশেষ ভাৱে সন্মান জনোৱা অনুষ্ঠানটিত প্ৰশিক্ষাৰ্থী সকলে সত্ৰীয়া নৃত্যৰ আদিপাঠ মাটি আখৰাও অতি আকৰ্ষণীয় ৰূপত পৰিৱেশন কৰাৰ পিছত প্ৰত্যেক গৰাকী শিক্ষাৰ্থীক মানপত্ৰ প্ৰদান কৰে অধ্যক্ষা মিতালী দত্ত বৰঠাকুৰৰ লগতে অতিথি সকলে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More