আদৰ্শ গাঁও নিধি কোম্পানী ভুৱা প্ৰতিষ্ঠান নহয়, কেন্দ্ৰীয় চৰকাৰৰ অনুমোদিত সংস্থাহে- সঞ্চালক

আগশাৰীৰ ছেটেলাইট চেনেলৰ বিৰুদ্ধে গোচৰ ঃ মাজুলীৰ মানুহে তেওঁলোকৰ জমাধন ঘূৰাই পাব

0 16

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৬ আগষ্টঃ মাজুলীৰ গড়মূৰত অৱস্থিত আদৰ্শ গাঁও নিধি লিমিটেড কোনো ভুৱা বিত্তীয় প্ৰতিষ্ঠান নহয়, ই কেন্দ্ৰীয় চৰকাৰৰ অনুমোদিত এটা বিত্তীয় প্ৰতিষ্ঠান৷ যাৰ জৰিয়তে আমি ক্ষুদ্ৰ ব্যৱসায়ী সকলক কিছু আথিক ভাৱে সহায় কৰি অৰ্থনৈতিক দিশত স্বাৱলম্বী কৰাত সহায় কৰো৷ আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত এই মন্তব্য কৰিছে এঞ্জে ল গ্ৰnপ অৱ কোম্পানীৰ মেনেজিং ডাইৰে“ৰ পুলিন শইকীয়াই৷ মাজুলীত আদৰ্শ গাঁও নিধি লিমিটেডক লৈ সৃষ্টি হোৱা বিতৰ্কক সন্দৰ্ভত আজি এনেদৰে মন্তব্য কৰে সঞ্চালকগৰাকীয়ে৷ তেওঁ কয় আমাৰ নিধিত অন্তৰ্ভূক্ত হ’বলৈ হলে নূন্যতম ১০০ টকাৰ শ্বেয়াৰ লৈ সদস্য হ’ব পাৰে৷ আৰু উক্ত সদস্যসকলৰ মাজতে তেখেতসকলৰ উপাৰ্জন অনুসৰি দৈনিক মাহিলী, নিৰ্দিষ্ট সময়লৈ তেওঁলোকৰ ধন জমা কৰিব পাৰে৷ উক্ত জমাধন ৰাশি আমাৰ সদস্য সকলৰ মাজেৰে ঋণ হিচাপে কম হাৰ সুতত মোকলাই দিয়া হয়৷ উক্ত ঋণৰ প্ৰক্ৰিয়াসমূহ ৰিজাৰ্ভ বেংকৰ নীতি নিৰ্দেশনা মতে নিৰ্ধাৰণ কৰা হয়৷ আমাৰ আদৰ্শ গাঁও লিমিটেড নামৰ প্ৰতিষ্ঠানটোৰ কোনো কথা নজনাকৈ ভুৱা বেংক বুলি অপপ্ৰচাৰ চলাই ৰাইজৰ মাজত ভ্ৰান্ত ধাৰণা জাগ্ৰত কৰি আমাক যি অপযশ দিলে সেয়া দ্বিতীয়বাৰ নকৰিবলৈ সঞ্চালকগৰাকীয়ে সকীয়নি দিয়ে৷ নাম প্ৰকাশ নকৰাকৈ এটা ছেটেলাইট চেনেলৰ বিৰুদ্ধে উচ্ছ ন্যায়ালয়ত গোচৰ তৰাৰ ব্যৱস্থা কৰিছো বুলি কয়৷ তেওঁ আৰু কয় আমি মাজুলীত যদি ভুৱা বিত্তীয় প্ৰতিষ্ঠান স্থাপন কৰিছো তেনেহলে প্ৰশাসনে আমাক কিয় লগে লগে কাৰ্যালয় খুলিবলৈ অনুমতি দিলেঞ্জ আমি সম্পূৰ্ণ তথ্যপাতি লৈহে এই নিধি স্থাপন কৰিছো বুলি মন্তব্য কৰে৷ আদৰ্শ গাঁও নিধি লিমিটেড এটা বৈধ প্ৰতিষ্ঠান বুলি স্পষ্ট কৰি মাজুলীবাসীক এই ক্ষেত্ৰত ভীতিগ্ৰস্ত নহ’বলৈ আহ৩ান জনোৱাৰ লগতে তেওঁলোকৰ জমাধন নিধিৰ নিয়ম অনুসৰি ঘূৰাই পাব বুলিও কয়৷ যিগৰাকী বয়োজ্যেষ্ঠ ব্যক্তিয়ে জমাধন ঘূৰাই পোৱা নাই বুলি সংবাদ মাধ্যমত মন্তব্য কৰিছে সেই লোকজন নিধিৰ সদস্য নহয় বুলি সঞ্চালকজনে দাবী কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More