আলফাত চলিছে নিযুক্তিৰ মেলা

নাম, ঠিকনাৰ তালিকাসহ তিনিচুকীয়া আৰক্ষীৰ জিম্মাত ৩

0 21

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১ আগষ্ট : নিজৰ শক্তি বৃদ্ধিৰ বাবে কঁকালত টঙালি বান্ধিছে আলফাই (স্বাঃ) ৷ নিষিদ্ধ ঘোষিত সংগঠনটোৰ নামত চাহ বাগিচাকে ধৰি উজনিৰ একাংশ ব্যক্তিলৈ ধনদাবী পত্ৰ প্ৰেৰণৰ খবৰে বাতৰিৰ শিৰোনাম দখল কৰি অহাৰ সময়তে পোহৰলৈ আহিছে সশস্ত্ৰ সংগঠনটোত সদস্য ভৰ্তিৰ বাবে তলে তলে অব্যাহত গোপন অভিযানৰ কথা ৷ আলফা (স্বাঃ) আৰু অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ মাজত চলি থকা ’এনকাউণ্টাৰ’ কেন্দ্ৰিক বাকযুদ্ধৰ মাজতে যোৱা কিছুদিনৰ পৰা হঠাৎ তীব্ৰ হৈ উঠা তিনিচুকীয়া আৰক্ষীৰ আলফা বিৰোধী অভিযানকালত পোহৰলৈ আহিছে নিষিদ্ধ ঘোষিত সংগঠনটোৱে নিজৰ সাংগঠনিক শক্তি বৃদ্ধিৰ বাবে অব্যাহত ৰখা নতুন সদস্য মকৰল অভিযানৰ কথা ৷ ইতিমধ্যে তিনিচুকীয়া আৰক্ষীৰ হাতত পৰিছে আলফাত সদস্য ভৰ্তিৰ বাবে যোগাযোগ কৰিবলগীয়া যুৱকৰ নাম, ঠিকনাৰ তালিকা ৷ জানিব পৰা মতে এচাম নিৰ্দিষ্ট ব্যক্তিৰ জৰিয়তে এই যুৱকসকলৰ সৈতে যোগাযোগৰ বাবে প্ৰস্তুত কৰা হৈছিল নাম, ঠিকনা সন্নিৱিষ্ট এই তালিকা ৷ উল্লেখ্য যে আলফাত চলি থকা সদস্য ভৰ্তিৰ অভিযানৰ বিষয়ে তথ্য লাভ কৰাৰ পাছত তিনিচুকীয়া আৰক্ষীয়ে অভিযান আৰম্ভ কৰে ৷ কিছুদিন পূর্বে আৰক্ষীয়ে আটক কৰে যোৰহাটৰ জুমন বৰা নামৰ এজন আলফাৰ লিংকমেনক ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ জালত পৰে চাবুৱাৰ জেৰাই গাঁৱৰ শশাংক ৰাজখোৱা নামৰ আন এজন ব্যক্তি ৷ তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত ইতিমধ্যে শনিবাৰে জিলাখনৰ ডিগবৈৰ ওপৰ মামৰণি গাঁৱত উদ্ধাৰ হৈছিল বৃহৎ পৰিমাণৰ বিস্ফোৰক ৷ তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) বিভাস দাসে আজি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে ধৃত দুই ব্যক্তিৰ পৰা আলফাত সদস্য ভৰ্তিৰ বাবে যোগাযোগ কৰিবলগীয়া যুৱকৰ নাম, ঠিকনাৰ তালিকাও আৰক্ষীয়ে লাভ কৰিছিল ৷ তেওঁলোকৰ ভাষ্যৰ ভিত্তিত তিনিচুকীয়া আৰক্ষীয়ে ইতিমধ্যে সুৰজিত গগৈ নামৰ আন এজন ব্যক্তিক আটক কৰাৰ লগতে তেওঁৰ পৰাও আলফাত যোগদানৰ বাবে যোগাযোগ কৰিবলগীয়া যুৱকৰ নাম, ঠিকনাৰ তালিকা লাভ কৰা বুলি আৰক্ষী বিষয়াজনে প্ৰকাশ কৰে ৷ জানিব পৰা মতে তিনিচুকীয়া জিলাৰ লগতে আন কেইবাখনো জিলাৰ একাধিক যুৱকক আলফালৈ নিয়াৰ বাবে প্ৰস্তুতি চলোৱা হৈছিল ৷ কিন্তু আৰক্ষীয়ে সময়োচিত পদক্ষেপ গ্ৰহণ কৰি ইয়াক বাধা দিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে ইতিমধ্যে যিসকলক চিনাক্ত কৰিছে তেওঁলোকৰ সোধাপোছা অব্যাহত আছে বুলি প্ৰকাশ ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More