তেজপুৰৰ বাণ থিয়েটাৰত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চিতাভস্ম সংৰক্ষণৰ বিশেষ স্থান উদ্ঘাটন

আজীৱন সদস্য, তেজপুৰৰ সক্ৰিয় ৰাজহুৱা কৰ্মী জগন্নাথ বৰাক বিশেষ সম্বৰ্ধনা

0 5

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১ আগষ্ট :20230801 180541 নটসূৰ্য্য ফণী শৰ্মাৰ ৫৩ সংখ্যক স্মৃতিদিৱস আৰু নটসূৰ্য্য ফণী শৰ্মা সোঁৱৰণী নাট সমাৰোহৰ কালি প্ৰথম দিনটোৰ সন্ধিয়া নটসূৰ্য্য গৰাকীৰ ঘনিষ্ঠ সান্নিধ্য লাভ কৰা সুধাকণ্ঠ, ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ চিতাভস্ম সংৰক্ষণৰ বাবে বাণ থিয়েটাৰ কৰ্তৃপক্ষই ৰাজ্যখনৰ ভিতৰতে প্ৰথমবাৰৰ বাবে আটকধুনীয়াকৈ বিজ্ঞানসন্মত ভাৱে নিৰ্মাণ কৰা “চিতাভস্ম সংৰক্ষিত স্হান” আনুষ্ঠানিক ভাৱে উদ্ঘাটন কৰে শোণিতপুৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই । উল্লেখ্য যে বাণ থিয়েটাৰৰ প্ৰতীকী গীতেৰে শুভাৰম্ভ হোৱাৰ পিছত নটসূৰ্য্য ফণী শৰ্মাৰ ৫৩ সংখ্যক স্মৃতিদিৱস আৰু ছদিনীয়া নাট সমাৰোহৰ প্ৰথম দিনটোত বাণ থিয়েটাৰ প্ৰাংগনত নটসূৰ্য্য গৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে নটসূৰ্য্যৰ পুত্ৰ অজিৎ শৰ্মাই ।বাণ থিয়েটাৰৰ সভাপতি, বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰা জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, নিৰ্দিষ্ট বক্তা ৰূপে অংশ গ্ৰহণ কৰা সাহিত্য অকাডেমি বঁটা প্ৰাপক বিশিষ্ট কবি জ্ঞান পূজাৰীৰ লগতে তেজপুৰৰ বিশিষ্ট ব্যক্তি সকলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ গ্ৰহণ কৰে।ইয়াৰ পিছতেই বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আঁত ধৰা মূল অনুষ্ঠানটি আৰম্ভ হয় নটসূৰ্য্য ফণী শৰ্মাৰ জীৱন – দৰ্শন সংপৃক্ত ড০ অনিল শইকীয়া ৰচিত আৰু প্ৰয়াত দিলীপ চৌধুৰী সুৰাৰোপিত, মনোজ নাথ পৰিচালিত বাণ থিয়েটাৰৰ শিল্পীৰ সমবেত গীতেৰে ।বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীয়ে আদৰণী ভাষণ আগবঢ়োৱা অনুষ্ঠানটিত জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই সাৱলীল ভাষণ প্ৰদান কৰাৰ লগতে নিৰ্দিষ্ট বক্তাৰ আসনৰ পৰা বিশিষ্ট কবি, নাট্য সমালোচক তথা সাহিত্য অকাডেমি বঁটা বিজয়ী জ্ঞান পূজাৰীয়ে নটসূৰ্য্য নাট্য প্ৰতিভাৰ ওপৰত নিৰ্মোহ বিশ্লেষণ আগবঢ়ায়। আনহাতে এই অনুষ্ঠানতে বাণ থিয়েটাৰৰ আজীৱন সদস্য তথা তেজপুৰৰ এগৰাকী সক্ৰিয় ৰাজহুৱা কৰ্মী জগন্নাথ বৰাক বাণ থিয়েটাৰৰ পৰিয়ালৰ হৈ সভাপতি বংকিম শৰ্মা আৰু পদেন সদস্য তথা জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই সম্বৰ্ধনা পত্ৰ আৰু বিশেষ স্মাৰকেৰে সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানটিত অন্নদা কুমাৰ পদ্মপতি ন্যাসৰ বাণ থিয়েটাৰ প্ৰযোজিত নাটকৰ ২০২১ – ২৩ বৰ্ষৰ শ্ৰেষ্ঠ অভিনেতাৰ নগদ ধনৰ বঁটা দীপক মহন্তৰ “গজপুৰীয়া” নাটকৰ “গজপুৰীয়া” চৰিত্ৰ ৰূপায়ণ কৰা তিলক নাথক আৰু একেখন নাটকতে “গজপুৰীয়ানী” চৰিত্ৰ ৰূপায়ণ কৰা মুন ডেকাক শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা প্ৰদান কৰাৰ উপৰি অতিথি সকলে “কাৰ্তিক হাজৰিকা সোঁৱৰণী” বাণ থিয়েটাৰৰ শ্ৰেষ্ঠ শিশু অভিনয় শিল্পীৰ বঁটা যুটীয়া ভাৱে “গমধৰ – দ্য আন চাং হিৰ’ নাটকত পিয়লি ফুকন চৰিত্ৰ ৰূপায়ণ কৰা চৰ্চিকা চৌধুৰী আৰু বাণ থিয়েটাৰ প্ৰযোজিত শিশু নাটক “পিমু” ত পিমুৰ চৰিত্ৰ ৰূপায়ণ কৰা নিষ্ঠা মহন্তক ৰাইজৰ বিপুল হৰ্ষোল্লাসৰ মাজত প্ৰদান কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More