চীনে জীয়াই ৰাখিব বিচাৰিছে সীমান্ত বিবাদ

লাদাখ সম্পৰ্কত সেনা প্রধান মনোজ পাণ্ডে

0 21

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ মে’ : লাদাখ সীমান্তত সংঘাত নিৰাময়ত চীনৰ কিমান ইচ্ছা আছে, তাক লৈ প্রশ্ন তুলিলে স্বয়ং দেশৰ সেনা প্রধান জেনেৰেল মনোজ পাণ্ডেই। তেওঁ জনায়, ভাৰতে বিচাৰিছে সীমান্তলৈ ঘূৰি আহক শান্তি আৰু স্বস্তি। তেওঁ কয় যে, এই প্ৰক্ৰিয়াটো কোনোমতেই একপক্ষীয় হব নোৱাৰে। এই বিষয়ে তেওঁ কার্যতঃ বেইজিঙৰফালেই আঙুলি তুলিছে। মনোজ পাণ্ডেই চীনৰ ইচ্যুত কয়— “মূল সমস্যা হৈছে সীমান্ত ইচ্যুৰ সমাধান। যি দেখা গৈছে, সেয়া হ’ল, চীনৰ উদ্দেশ্য হ’ল সীমান্ত ইচ্যুক জীয়াই ৰখা।” ইয়াৰ লগতে তেওঁ আৰু কয় যে, দেশক ৰক্ষা আৰু দেশৰ সেনাৰ সীমান্তক নিৰাপত্তা দিয়াই ভাৰতৰ লক্ষ্য। যাতে সীমান্তত স্থিতাৱস্থা বাহাল থাকে। উল্লেখ্য যে, সদ্য ৩০ এপ্রিলত নতুন সেনা প্রধান হিচাবে দায়িত্ব গ্রহণ কৰে মনোজ পাণ্ডেই। উল্লেখ্য যে বিগত ২০২০ চনৰ মে’ মাহৰ পৰা লাদাখৰ পূব প্রান্তত চীনৰ আগ্রাসন ভাৰতৰ মূৰ কামোৰণিৰ মূল কাৰণ। সেই সময়ত ভাৰত যে চীনক যোগ্য উত্তৰেই দিছে কেৱল, তেনে নহয়। তাৰ লগে লগে ব্যৱসায়িক দিশৰ পৰাও চীনক মোক্ষম জবাব দিয়ে কেন্দ্রই। আনহাতে, এই ঘটনাৰ তিনি বছৰ হৈ যোৱাৰ পিছতো লাদাখত সীমান্ত ৰেখাক লৈ বিবাদৰ সমাধান সূত্র এতিয়াও পোৱা নাই। সেই বিষয়তেই ভাৰতৰ সেনাপ্রধানে মুখ খোলে। এই বিষয়ৰ সমাধানসূত্র লৈ দুই পক্ষৰ আলোচনা কিমান আগুৱাইছে সেই লৈ বক্তব্য ৰাখিছে সেনা প্রধানে। তেওঁ কয় যে, বহুকেইটা এলেকাক লৈ মত পার্থক্য এতিয়াও ৰৈ গৈছে। তথাপি সেই ঠাইবোৰৰ সমাধান সূত্র বাহিৰ কৰিবলৈ চীনৰ লগত আলোচনা অব্যাহত থাকিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More