জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনলৈ “হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী যুৱ বঁটা” ঘোষণা
২৯ অক্টোবৰত হেমন্ত কুমাৰ বৰুৱাৰ দ্বিতীয় মৃত্যু বাৰ্ষিকীত তেজপুৰত প্ৰদান কৰা হ'ব বঁটা
শতাব্দ ষ্টাফ ৰিপ’টাৰ, তেজপুৰ, ১ অক্টোবৰ : সন্দিকৈ ছোৱালী কলেজৰ “তুমি সাগৰিকা বৰদলৈ” ৰ পৰা অনেক গীত, কবিতা , চিত্ৰ নাট্য, বোলছবি, উপন্যাস, গল্প আদিৰে অসমীয়া কথাশিল্প আৰু শিল্পকলা ক্ষেত্ৰখনত যুৱা অৱস্থাতেই প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হোৱা প্ৰণৱ কুমাৰ বৰ্মনলৈ আগবঢ়োৱা হৈছে “হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী যুৱ বঁটা” । উল্লেখ্য যে, সৰল মনৰ সহজ প্ৰকাশ বৰ্মনৰ কবিতাৰ বৈশিষ্ট্য।কবিতাক গণ সংযোগৰ মাধ্যম কৰিব খোজা তেওঁৰ প্ৰতিটো কবিতাই আচলতে একো একোটা আন্দোলন।নাৰী, নৰক, প্ৰেম আদিৰে বিপ্লৱৰ ফিৰিঙতি হ’ব খোজা তেওঁৰ কবিতাত আছে সঁচা সৰু মানুহৰ ভালপোৱা।দ্য ফায়াৰিং ৰেঞ্জ, চুইচাইদ নট আদি চিনেমাৰে সুখ্যাতি লভিছে বৰ্মনে। সাহিত্যৰ আটাইকেইটা দিশেই চুই যোৱা তেওঁৰ কেইবা খনো কবিতা পুথি আৰু উপন্যাস আজি অনুদিত হৈছে বিভিন্ন ভাষালৈ। গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ, বোলছবি আদি সকলোতে নৈপুণ্যতাৰ বীজ গুজি দিয়া তেওঁ এগৰাকী ভাল কবি, হয়েই আনকি কবিতাই আজি তেওঁৰ পৰিচয় হৈ পৰিছে।কটন কলেজত পঢ়ি থকা অৱস্থাত ‘ছাত্ৰ বাৰ্তা’ আলোচনীত প্ৰকাশ পোৱা সাগৰিকা বৰদলৈ কবিতাটিৰ পৰা তেওঁ আজি বহু বঁটা বাহন সন্মানৰে সন্মানিত। “দুখৰ অৰণ্য নাথাকিলে ক’ত আহি জিৰাবহি সুখৰ চৰাই” “দি যাবা মোৰ কলমত তেজৰ চিয়াহী
বাৰুদৰ আখৰ লিখিম।”
” মৃত্যু মই তোমাক ভাল পাব নোৱাৰো
মই যে জীৱনৰ বিলাসী প্ৰথম প্ৰেমিক।”ৰ স্ৰষ্টা গৰাকীয়ে ১৩ খনকৈ উপন্যাস, ১২ খনকৈ নাটকসহ প্ৰায় ৫০ খনকৈ গ্ৰন্থ ৰচনা কৰিছে। এই গৰাকী জনপ্ৰিয় কবি – লেখকক অহা ২৯ অক্টোবৰত হেমন্ত কুমাৰ বৰুৱাৰ দ্বিতীয় মৃত্যু বাৰ্ষিকীৰ দিনটোত তেজপুৰত আয়োজন কৰিব লগা বিশেষ স্মৃতিচাৰণ আৰু বঁটা প্ৰদান অনুষ্ঠানত আনুষ্ঠানিক ভাৱে এই বঁটা প্ৰদান কৰা হ’ব বুলি” হেমন্ত কুমাৰ বৰুৱা স্মৃতি ৰক্ষা সমিতি “ৰ যুটীয়া সম্পাদক পল্লৱ ভট্টাচাৰ্য্য আৰু ভূপেন বৰুৱাই এক বিবৃতিত উল্লেখ কৰিছে। উল্লেখ্য যে, কৰ’ণাত আক্ৰান্ত হৈ ২০২১ বৰ্ষৰ ২৯ অক্টোবৰত অকাল মৃত্যুক সাৱটি লোৱা অধ্যাপক, লেখক, সুবক্তা, কুইজ পৰিচালক, অভিনেতা হেমন্ত কুমাৰ বৰুৱাৰ স্মৃতি যুগমীয়া কৰাৰ অৰ্থে “হেমন্ত কুমাৰ বৰুৱা স্মৃতি ৰক্ষা সমিতি” য়ে বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰি অহাৰ লগতে ২৯ অক্টোবৰৰ দিনটোত অসমৰ বিভিন্ন ক্ষেত্ৰৰ দক্ষ ব্যক্তিক “হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী যুৱ বঁটা” প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত যোৱা বছৰ এই বঁটা বিশিষ্ট নাট্য আৰু সত্ৰীয়া শিল্পী গুণাকৰ দেৱগোস্বামীক প্ৰদান কৰা হৈছিল।