লখিমপুৰত মাৰোৱাৰী যুৱ মঞ্চৰ বিনামূলীয়া কৃত্ৰিম হাত-ভৰি আৰু কেলিপাৰ প্ৰত্যাৰোপনৰ পদক্ষেপ

অক্ষম লোকক সক্ষম কৰাৰ ব্যৱস্থা

0 49

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১ অক্টোবৰঃ মাৰোৱাৰী যুৱ মঞ্চৰ উত্তৰ লখিমপুৰ শাখা আৰু উত্তৰ লখিমপুৰ প্ৰগতি শাখাই সময়ে সময়ে বিভিন্ন জনহিতৈষীমূলক কাৰ্য সম্পাদন কৰি আহিছে৷ এনে কাৰ্যসূচীৰ অংশ হিচাবে এইবাৰ অহা ৬, ৭ আৰু ৮ অক্টোবৰত লখিমপুৰৰ গোপীনগৰ কলনীত থকা মঞ্চ ভৱনত বিনামূলীয়া কৃত্ৰিম হাত-ভৰি আৰু কেলিপাৰ প্ৰত্যাৰোপনৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে৷ আজি মাৰোৱাৰী যুৱ মঞ্চৰ হৈ নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেলত এই কথা সদৰি কৰে নৰেশ দিনোদিয়া, মায়াংক ঝাৱাৰ আৰু আৰৱ লাখোটিয়াই৷ সেয়েহে যিসকল লোকে এই সুবিধা গ্ৰহণ কৰিব বিচাৰে তেওঁলোকে এতিয়াও মঞ্চৰ লগত যোগাযোগ কৰি পঞ্জীয়ন কৰিব পাৰিব বুলি জানিবলৈ দিয়ে৷ এই পৰ্যন্ত যুৱ মঞ্চই লখিমপুৰত ৩০০ লোকৰ কৃত্ৰিম হাত-ভৰি তথা কেলিপাৰ প্ৰত্যাৰোপন কৰি ৰাইজক সেৱা কৰি আহিছে৷ অক্ষম লোকক সক্ষম কৰি নিজৰ হাত ভৰিৰ ওপৰত চলা ফুৰা কৰিব পৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে মাৰোৱাৰী যুৱ মঞ্চই৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More