৬ অক্টোবৰত চিত্ৰগৃহলৈ অসমীয়া চলচিত্ৰ ‘এটি নক্ষত্ৰ’

0 31

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১ অক্টোবৰঃ অসমীয়া চলচিত্ৰ জগতত আৰু এখন নতুন অসমীয়া চলচিত্ৰৰ সংযোজন ঘটিব অহা ৬ অক্টোবৰত৷ আজি লখিমপুৰত এই কথা সদৰি কৰে চলচিত্ৰখনৰ প্ৰযোজক, পৰিচালক ৰুদ্ৰজিৎ মজুমদাৰে৷ অহা ৬ অক্টোবৰত অসমৰ প্ৰায়বোৰ ছবিঘৰত শুভমুক্তি ঘটিবলগা এই চলচিত্ৰখনৰ নাম হৈছে ‘এটি নক্ষত্ৰ’৷ অপৰাধ নিৰ্মূলেই অপৰাধী নিপাতৰ কাহিনী তথা পৰিয়ালকেন্দ্ৰিক অপৰাধমূলক সামাজিক কাহিনীৰ এই চলচিত্ৰখনত বিষ্ণু খাৰঘৰীয়াকে ধৰি বহু নবীন প্ৰবীন অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে বুলি পৰিচালক মজুমদাৰে জানিবলৈ দিয়ে৷ ছবিখনত মূলতঃ মনোৰঞ্জনৰ মাজেৰে অপৰাধমূলক কামকাজ ৰোধ কৰাৰ কাহিনীক বিশেষ ভাৱে চিত্ৰনাট্যৰ ৰূপ দিয়া হৈছে৷ ছবিখনক দৰ্শকসকলে আদৰি ল’বলৈ আহ্বান জনাইছে পৰিচালকজনে৷ আজি লখিমপুৰত প্ৰযোজকৰ লগতে দুই অভিনেতা উদ্ধৱ নেওগ, তপজিৎ দত্ত বৰুৱা আদিও উপস্থিত থাকে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More