জাতীয় শিক্ষানীতি- ২০২০ বাতিলৰ দাবীঃ লখিমপুৰত এ আই ডি এছ অ’ৰ প্ৰতিবাদ

0 9

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৩ ছেপ্টেম্বৰ ঃ জাতীয় শিক্ষানীতি ২০২০ বাতিল কৰা আৰু ৰাজহুৱা শিক্ষা ব্যৱস্থা ৰক্ষাৰ দাবীত আজি লখিমপুৰত এ আই ডি এছ অ’ৰ লখিমপুৰ জিলা সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ এ আই ডি এছ অ’ৰ জিলা সম্পাদক ভাইটি চুংক্ৰাঙে কয় যে শিক্ষাৰ ব্যৱসায়িকৰণৰ অস্ত্ৰ আৰু প্ৰাণধংসকাৰী জাতীয় শিক্ষানীতি ২০২০ বাতিল কৰিবই লাগিব৷ ৰাজহুৱা শিক্ষা ব্যৱস্থা ৰক্ষা কৰাৰ দাবীত ছাত্ৰ সংগঠনটোৰ ৰাজ্যিক সমিতিয়ে ২০-২৬ ছেপ্টেম্বৰলৈ ৰাজ্যিক প্ৰতিবাদী সপ্তাহ ঘোষণা কৰে৷ সেই প্ৰতিবাদী কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি এ আই ডি এছ অ’ৰ লখিমপুৰ জিলা সমিতিয়ে নগৰখনৰ মাজ মজিয়াত থকা লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰত সমবেত হৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে৷ আজিৰ এই প্ৰতিবাদী দিৱসৰ সময়ত সংগঠনটোৱে জাতীয় শিক্ষানীতি- ২০২০ বাতিল কৰক, ৰাজহুৱা শিক্ষা ব্যৱস্থা ধংস কৰা নচলিব, চৰকাৰী বিদ্যালয়-মহাবিদ্যালয় বন্ধ কৰি দৰিদ্ৰ লোকৰ ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা নচলিব, চৰকাৰী শিক্ষানুষ্ঠানত প্ৰয়োজন অনুসৰি শিক্ষক নিযুক্তি দিয়ক আদি শ্ল’গান দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ এই কাৰ্যসূচীৰ পিছতে প্ৰতিবাদস্থলীত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয় আৰু উক্ত সভাত জিলা সভাপতি জুনুমণি মিৰি, সম্পাদক ভাইটি চুংক্ৰাঙে ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰি ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংস কৰা চৰকাৰী অভিযানক প্ৰতিহত কৰাৰ বাবে ছাত্ৰ সমাজক তীব্ৰ আন্দোলন গঢ়ি তোলাৰ আহ্বান জনায়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More