অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক তেজপুৰ কেন্দ্ৰীয় অধিৱেশনক লৈ ব্য়াপক প্ৰস্তুতি

১৭ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ ৮২ লাখ টকা বাজেটেৰে বৰ্ণাঢ্য আয়োজন

0 8
  • কৰ্ণধাৰ সমিতিৰে ২৬ খন উপ সমিতিৰ সভাপতি – সম্পাদকৰ বৈঠক
  • মূল মণ্ডপ উৎসৰ্গিত হ’ব জ্যোতি – বিষ্ণুৰ সোঁৱৰণত – মূল মঞ্চ হ’ব নটসূৰ্য্যৰ সোঁৱৰণত
  • চাৰি নাট্য সন্ধিয়া উৎসৰ্গিত হ’ব প্ৰয়াত নট সৈনিকৰ সোঁৱৰণত
  • গ্ৰন্থমেলা, প্ৰদৰ্শনী, নাট প্ৰতিযোগিতা, আলোচনা চক্ৰৰ বাবে বিশেষ সিদ্ধান্ত
  • তেজপুৰৰ ইতিহাস প্ৰতিফলিত কৰি নিৰ্মাণ হ’ব মূল তোৰণ আৰু মণ্ডপ

শতাব্দ ষ্টাফ ৰিপ’টাৰ, তেজপুৰ, ২৩ ছেপ্তেম্বৰ: তেজপুৰত অহা ১৭ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগীয়া অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক তেজপুৰ অধিবেশনৰ বাবে অভ্যৰ্থনা সমিতিয়ে যুদ্ধকালীন তৎপৰতাৰে সাজু হৈ পৰিছে। তেজপুৰৰ কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব লগা আৰু ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ চাৰিশতাধিক প্ৰতিনিধি আৰু দৈনিক দুই সহস্ৰাধিক অভ্যাগতক বিভিন্ন কাৰ্য্যসূচীৰ মাজত আদৰিবলৈ ২৬ খন উপ সমিতিয়ে পৃথকে পৃথকে তৎপৰতা অব্যাহত ৰখাৰ মাজতে কালি বিয়লি উদযাপন সমিতিৰ কৰ্ণধাৰ সমিতিৰ সৈতে প্ৰতিখন উপসমিতিৰ সভাপতি – সম্পাদক সকলৰ এখন গুৰুত্বপূৰ্ণ সভাই অধিৱেশনৰ কেবাটাও সিদ্ধান্ত গ্ৰহণ কৰে। উদযাপন সমিতিৰ সভাপতি, বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ নাথ কেওঁটৰ পৌৰোহিত্যত যুটীয়া সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত অধিৱেশনৰ মূল মণ্ডপটি অসম নাট্য সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সোঁৱৰণৰ লগতে আন এগৰাকী জাতীয় জীৱনৰ পুৰোধা শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সোঁৱৰণত “জ্যোতি – বিষ্ণু সোঁৱৰণী মঞ্চ” নামত উৎসৰ্গা কৰাৰ লগতে মূল মঞ্চটি নটসূৰ্য্য ফণী শৰ্মাৰ সোঁৱৰণত উৎসৰ্গা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আনহাতে সভাই চাৰিটি দিনৰ নাট্য সন্ধিয়া চাৰিগৰাকীকৈ প্ৰয়াত নট সৈনিকৰ নামত উৎসৰ্গা কৰাৰ সিদ্ধান্ত কৰি সেই চাৰিগৰাকী প্ৰয়াত নট সৈনিকৰ নাম শীঘ্ৰেই ঠিৰাং কৰিবলৈ উদযাপন সমিতিৰ সভাপতি মহেন্দ্ৰ নাথ কেওঁট, কাৰ্যকৰী সভাপতি ভূপেন শৰ্মা, অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্র বড়া, যুটীয়া সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী আৰু হিৰণ্য ভূঞা, নাট্য সন্মিলনৰ তেজপুৰ শাখাৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰা, সম্পাদক জিন্টু বৰঠাকুৰ আৰু সভা – সমিতি পৰিচালনা উপ সমিতিৰ সভাপতি পংকজ বৰুৱাক দায়িত্ব অৰ্পণ কৰে। আনহাতে অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্র বড়া, বিভিন্ন উপ সমিতিৰ পৰা সভাপতি – সম্পাদক সকলে কামৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰা সভাখনত মূল মণ্ডপ আৰু মূল তোৰণত তেজপুৰৰ ইতিহাস প্ৰতিফলিত কৰাৰ সিদ্ধান্তৰ লগতে মূল সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কন্ঠশিল্পী কল্পনা পাটোৱাৰীক আমন্ত্ৰণ জনোৱাৰ সিদ্ধান্তৰ উপৰি অধিৱেশনৰ সৈতে সংগতি ৰাখি গ্ৰন্থমেলা, নাটশিল্প প্ৰতিফলিত কৰি আকৰ্ষণীয় প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা, প্ৰতিনিধি সকলক নিয়াৰিকৈ ৰখা আৰু আপ্যায়ন কৰা, বিভিন্ন বিষয়ৰ আলোচনা চক্ৰ অনুষ্ঠিত কৰা, নাট প্ৰতিযোগিতা আৰু বিভিন্ন সাংস্কৃতিক আৰু সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা, বিভিন্ন জনগোষ্ঠীৰ নাট মঞ্চস্থ কৰা, নতুন প্ৰজন্মক অধিৱেশনত বিশেষ ভাৱে জড়িত কৰোৱা, তেজপুৰ চহৰলৈ প্ৰবেশ পথত তোৰণ উপসমিতিয়ে তোৰণ নিৰ্মাণ কৰা, মূল পতাকাৰ লগতে আন চাৰিখন বিশেষ পতাকাসহ ৬২ খনকৈ পতাকা উত্তোলন কৰাৰ উপৰি অধিৱেশনৰ যাৱতীয় সকলো প্ৰস্তুতিৰ বাবে বিষদভাৱে কালিৰ এই সভাত আলোচনা কৰা হয়। আনহাতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট লেখক সকলক ইতিমধ্যে যোগাযোগ কৰি স্মৃতিগ্ৰন্থ উপসমিতিৰ সম্পাদক দ্বীজেন নাথে বৃহৎ কলেবৰৰ স্মৃতিগ্ৰন্থ প্ৰকাশ কৰাৰ যাৱতীয় প্ৰস্তুতিৰ সন্দৰ্ভতো সদৰী কৰা সভাখনত প্ৰায় ৮২ লাখ টকা ব্যয় সাপেক্ষ এই অধিবেশনৰ ধনৰাশিৰ জোৰা মাৰিবলৈ বৃহত্তৰ তেজপুৰৰ লগতে জিলাখনৰ প্ৰত্যেকখন ঘৰলৈ বৰঙণি বিচাৰি যোৱাৰ সিদ্ধান্তও গ্ৰহণ কৰি ইতিমধ্যে ইয়াৰ বাবে প্ৰকাশ কৰি উলিওৱা বিভিন্ন দৰৰ কুপন প্ৰকাশ হোৱাৰ কথা সদৰী কৰে যুটীয়া সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীয়ে কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্র বড়াই প্ৰত্যেকখন উপসমিতিয়ে কেনেধৰণে কৰ্মসূচী গ্ৰহণ কৰিব লাগিব তাৰ বিষদ ব্যাখ্যা দাঙি ধৰা সভাখনত উদযাপন সমিতিৰ সভাপতি মহেন্দ্ৰ নাথ কেওঁটে নিজৰ ভাষণ প্ৰসংগত এই অধিবেশন সৰ্বাত্মক ভাৱে সফলকাম কৰি তোলাৰ ক্ষেত্ৰত উদযাপন সমিতিৰ বিষয়ববীয়া সকলক যুদ্ধংদেহি তৎপৰতাৰে কাম কাজত জপিয়াই পৰিবলৈ আহ্বান জনোৱাৰ লগতে বৃহত্তৰ তেজপুৰৰ প্ৰত্যেকখন ঘৰ গছকি ৰাইজক অংশীদাৰ হোৱাৰ সুযোগ প্ৰদান কৰিবলৈ আহ্বান জনায় আৰু তেজপুৰ তথা জিলাবাসী ৰাইজৰ সহযোগিতা আৰু পৰামৰ্শ কামনা কৰে। উল্লেখ্য যে, কালিৰ এই সভাতে অধিৱেশনৰ বাবে উদযাপন সমিতিৰ একাংশ সদস্যই সভাপতি মহেন্দ্ৰ নাথ কেওঁটৰ হাতত আৰ্থিক বৰঙণিও প্ৰদান কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More