কৰ্মচাৰীৰ অকাল মৃত্যু : তিনিচুকীয়া পৌৰসভাক ১০ লক্ষাধিক টকাৰ ক্ষতিপূৰণ প্ৰদানৰ নিৰ্দেশ

0 12

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৩ ছেপ্তেম্বৰ : কৰ্তব্যৰত অৱস্থাত দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰা তিনিচুকীয়া পৌৰসভাৰ এজন অস্থায়ী কৰ্মচাৰীক ১০ লক্ষাধিক টকাৰ ক্ষতিপূৰণ প্ৰদানৰ বাবে পৌৰসভাক নিৰ্দেশ দিছে তিনিচুকীয়াৰ সহকাৰী শ্ৰম আয়ুক্ত তথা কৰ্মচাৰীৰ ক্ষতিপূৰণ বিভাগৰ তিনিচুকীয়াৰ আয়ুক্ত বি মিলিয়ে৷ উল্লেখ্য যে ১৬ ছেপ্তেম্বৰৰ দিনা তিনিচুকীয়া চহৰৰ ৰঙাগড়া পথৰ বাসিন্দা তৰুণ দাস (৫৫) নামৰ পৌৰসভাত ইলেকট্ৰিচিয়ান হিচাপে অস্থায়ীভাৱে নিয়োজিত ব্যক্তিজনে দুৰ্গাবাড়ী এলেকাত এটা ষ্ট্ৰীট লাইট মেৰামতি কৰি থকাৰ সময়ত প্ৰায় ২০ ফুট উচ্চতাৰ লাইটৰ খুটাৰ পৰা পৰি মৃত্যু হৈছিল৷ দ্বিতীয় দিনা তিনিচুকীয়াৰ শ্ৰম পৰিদৰ্শক উত্তম পেগুৱে ঘটনাৰ বুজ লোৱাৰ বাবে মৃত ব্যক্তিজনৰ ঘৰত উপস্থিত হোৱাৰ সময়ত দাসৰ পৰিয়ালৰ লোকৰ লগতে সেই সময়ত তাত উপস্থিত থকা পৌৰসভাৰ অন্যান্য কৰ্মচাৰীয়ে ছুপাৰভাইজাৰ আৰু পৌৰ কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই উক্ত ঘটনা সংঘটিত হোৱা বুলি অভিযোগ কৰে ৷ ইয়াৰ পাছত তিনিচুকীয়াৰ শ্ৰম পৰিদৰ্শকে ১৮ ছেপ্তেম্বৰত এই সন্দৰ্ভত আইনী ব্যৱস্থা গ্ৰহণৰ বাবে সদৰ থানাত এখন এফ আই আৰ দাখিল কৰে ৷ পৰৱৰ্তী পৰ্যায়ত তিনিচুকীয়াৰ সহকাৰী শ্ৰম আয়ুক্ত তথা কৰ্মচাৰীৰ ক্ষতিপূৰণৰ আয়ুক্ত বি মিলিয়ে তিনিচুকীয়া পৌৰসভাক তৰুণ দাসৰ মৃত্যুৰ ক্ষতিপূৰণ হিচাপে ১০,৪৮,৪৭৫ টকা ত্ৰিশ দিনৰ ভিতৰত কৰ্মচাৰীৰ ক্ষতিপূৰণৰ আয়ুক্তৰ একাউণ্টত জমা কৰাৰ নিৰ্দেশ দিছে৷ আনহাতে এই বিষয়ত কিবা বিৰোধ থাকিলে দুয়োপক্ষক সাত দিনৰ ভিতৰত সহকাৰী শ্ৰম আয়ুক্তক আবেদন জনাবৰ বাবে কোৱা হৈছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More