শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৩ জুলাই : মাৰাত্মক ড্ৰাগছৰ অবৈধ বেহাৰ বিৰুদ্ধে অব্যাহত আছে তিনিচুকীয়া আৰক্ষীৰ ব্যাপক অভিযান ৷ নিৰ্ভৰযোগ্য সূত্ৰে প্ৰাপ্ত তথ্যৰ ভিত্তিত তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ এ টি ৰ’ডস্থিত মিড টাউন নামৰ হোটেলখনত অভিযান চলাই শনিবাৰে নিশা তিনিচুকীয়া আৰক্ষীয়ে দুই ব্যক্তিৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে, ডিমাপুৰৰ পৰা তিনিচুকীয়ালৈ নিতৌ বাছ, ৰেলযোগে বা অন্যান্য পন্থাৰে সৰবৰাহ হৈ আছে লাখ লাখ টকাৰ মাৰাত্মক ড্ৰাগছ ৷ এক কথাত ক’বলৈ গ’লে তিনিচুকীয়াক ট্ৰেনজিৎ পইণ্ট হিচাপে ব্যৱহাৰ কৰি আহিছে ড্ৰাগছৰ বেহাৰ লগত জড়িত চক্ৰটোৱে ৷ শনিবাৰে নিশাও তেনেদৰে ডিমাপুৰৰৰ পৰা বুজন পৰিমাণৰ মাৰাত্মক ড্ৰাগছ সৰবৰাহ কৰা বুলি গোপন সূত্ৰে খবৰ লাভ কৰে তিনিচুকীয়া আৰক্ষীয়ে ৷ উক্ত তথ্যৰ ভিত্তিত হোটেল মিডটাউনত আৰক্ষীৰ এটা দলে অভিযান চলাই ১০৬ নম্বৰ কোঠাৰ পৰা ড্ৰাগছসহ দুই সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটা ক্ৰমে অৰুণাচলৰ তেজু নিবাসী হেম বাহাদুৰ চুবেদি (২৭) আৰু শদিয়াৰ শান্তিপুৰ নিবাসী অজয় টামাং (২৯) বুলি জানিব পৰা গৈছে ৷ ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে ৯ টা চাবোনৰ বাকচত লুকুৱাই সৰবৰাহ কৰা প্ৰায় ১১০.৫৬ গ্ৰাম মাৰাত্মক ড্ৰাগছ জব্দ কৰে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ২২ লাখ টকা ৷ লগতে আৰক্ষীয়ে জব্দ কৰে দুই সৰবৰাহকাৰীয়ে ব্যৱহাৰ কৰা দুখনকৈ মটৰ চাইকেল ৷ আনহাতে, ধৃত ব্যক্তিদ্বয়ৰ পৰা ড্ৰাগছ লৈ তিনিচুকীয়াৰ পৰা উধাও হোৱা কাকপথাৰৰ চেলেংগুৰি নিবাসী বিকাশ গুপ্তা নামৰ এই চক্ৰটোৰ লগত জড়িত আন এক ব্যক্তিক অভিযানকাৰী আৰক্ষীৰ এটা পৃথক দলে কাকপথাৰৰ পৰা আটক কৰিবলৈ সক্ষম হয় ৷ আনহাতে চক্ৰটোৰ লগত জড়িত চতুৰ্থ ব্যক্তিৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.