কৃষকৰ ‘ক্ষেত্ৰ ভ্ৰমণ’

অত্যাধুনিক কৃষি যন্ত্ৰ পাতি ব্যৱহাৰ প্ৰতি সজাগতা বৃদ্ধি লক্ষ্যৰে এপাৰ্টৰ অধীনত শোণিতপুৰ জিলা কৃষি কাৰ্যালয়, IRRI ৰ উদ্যোগত

0 23

শতাব্দ ষ্টাফ ৰিপটাৰ, তেজপুৰ ২৩ জুলাইঃ শোণিতপুৰ জিলা কৃষি কাৰ্যালয়, আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান কেন্দ্ৰ ( IRRI), অ পি আই ইউ- কৃষি ( OPIU- Agriculture ) উদ্যোগত, বিশ্বনাথ জিলা কৃষি কাৰ্যালয়ৰ সহযোগত আৰু অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পৰ (APART) অধীনত অত্যাধুনিক কৃষি যন্ত্ৰ পাতি ব্যৱহাৰ কৰি খেতি কৰাৰ লগতে উৎপাদন বৃদ্ধি ইত্যাদি বিষয়সমূহৰ নিখুঁত আভাস দিয়াৰ উদ্দেশ্য ৬০ জনৰো অধিক কৃষকক লৈ এক ‘ক্ষেত্ৰ ভ্ৰমণ’ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ‘ক্ষেত্ৰ ভ্ৰমণ’ৰ উদ্দেশ্য যোৱা এই কৃষকৰ দলটোক প্ৰথমেই চতিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ‘জেউতিয়ে গৰকা কৃষক উৎপাদক কোম্পানী (FPC)’ ৰ কৃষিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা আৰু আধুনিক কৃষি যন্ত্ৰৰ সহায়ত ধান ৰোপন কৰা পদ্ধতি দেখুৱাৰ লগতে অত্যাধুনিক কৃষি যন্ত্ৰ পাতিৰ সহায়ত পৰম্পৰাগত কৃষি পদ্ধতিত কেনেকৈ বৈপ্লৱিক পৰিৱৰ্তন আনিব পাৰি সেই বিষয়ে ব্যাখ্যা আগবঢ়াই কৃষি সঞ্চালকালয়, গুৱাহাটীৰ কৃষি বিশেষজ্ঞ অনাছিচ বৰঠাকুৰ আৰু অংকুৰ বৰাই। ইয়াৰ পাছতে কৃষকসকলক বিশ্বনাথ জিলাৰ জকৌবাৰীৰ “বিশ্বনাথ জৈৱিক এফ পি চি’ ৰ কৃষি পথাৰত কঠীয়াতলী প্রস্তুত নকৰাকৈ Wet DSR ৰ জৰিয়তে কেনেকৈ ধান খেতি কৰিব পাৰি সেই বিষয়ে লাইভ প্ৰদৰ্শন কৰাৰ লগতে কৃষকসকলক এই পদ্ধতিৰ সহায়ত খেতি কৰি কিদৰে কম পৰিশ্ৰমতে দুগুণ উৎপাদন কৰিব পাৰি সেই বিষয়ে ব্যাখ্যা আগবঢ়াই আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান কেন্দ্ৰ (IRRI)ৰ ঋতিকেশ ফুকন, জানময়ে বিশাল আৰু পংকজ বৰুৱাই । ইয়াৰ পাছতে ক্ষেত্ৰ ভ্ৰমণৰ অন্যতম আকৰ্ষণ বৰগাং কৃষি উন্নয়ন চক্রৰ অন্তৰ্গত থানবিহালি গাঁৱৰ আদৰ্শ কৃষক তৰুণ দাসৰ কৃষি পথাৰত ‘গাংমৌ এফ পি চি’ য়ে অত্যাধুনিক কৃষি যন্ত্ৰ কম্বাইন হাৰ্ভেষ্টাৰৰ সহায়ত বৰো ধান চপোৱা উৎসৱ পালন কৰা হয় । বিশ্বনাথ জিলা কৃষি কাৰ্যালয়ৰ এপাৰ্টৰ নডেল বিষয়া প্ৰদীপ তালুকদাৰে শুভাৰম্ভণী কৰা এই অনুষ্ঠানত বিশ্বনাথ জিলা কৃষি বিষয়া দিব্যজ্যোতি ফুকনে আধুনিক কৃষিযন্ত্ৰ ‘কম্বাইন হাৰ্ভেষ্টাৰ’ৰে ধান চপোৱাৰ ফলত কম সময়, কম খৰচতে কৃষকসকল ধান চপোৱাৰ লগতে নৱ প্ৰজন্ম কৃষি কাৰ্যৰ বাবে আকৰ্ষিত হ’ব বুলি মন্তব্য কৰে । অনুষ্ঠানতে মহকুমা কৃষি বিষয়া মনোজ কুমাৰ নাৰ্জাৰীয়ে আধুনিক কৃষি পদ্ধতি ব্যৱহাৰ কৰি কৃষকৰ আয় দুগুণ বৃদ্ধি কৰাৰ লগতে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি (PM Kisan ), প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা (PMFBY) ইত্যাদি আচঁনিৰ বিষয়ে বিষদভাৱে বিবৰণ আগবঢ়াই । অনুষ্ঠানতে কৃষি উন্নয়ন বিষয়া সোণমণি শইকীয়াই কৃষি বিভিন্ন আঁচনি সমূহৰ বিষয়ে কৃষকসকলক অৱগত কৰে । উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কৰে কৃষি সঞ্চালকালয়, গুৱাহাটীৰ কৃষি বিশেষজ্ঞ অনাছিচ বৰঠাকুৰ, অংকুৰ বৰা, আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান (IRRI)ৰ ঋতিকেশ ফুকন, জানময়ে বিশাল, পংকজ বৰুৱা, BTM পদ্মনাথ দলে, আচঁনি বিষয়া দিব্যাশ্ৰী শইকীয়া, জিলা মিডিয়া বিশেষজ্ঞ বিতোপন শইকীয়া, কৃস্তি বৰা, জ্যেষ্ঠ কাৰ্যালয় সহায়ক অংকন বৰাৰ লগতে দুশৰো অধিক কৃষক ৰাইজ । অৱশেষত ‘গাংমৌ এফ পি চিৰ’ এখনী সাৰৰ দোকানৰ শুভাৰম্ভনি কৰা হয় । এই ক্ষেত্ৰ ভ্ৰমণে কৃষক আৰু কৃষি অংশীদাৰসকলৰ বাবে উদ্ভাৱনীমূলক পদ্ধতিসমূহ অন্বেষণ কৰাৰ বাবে এক মঞ্চ প্ৰদান কৰাৰ উপৰিও বহনক্ষম কৃষি, আধুনিক কৃষি যন্ত্ৰ পাতিৰ সফল ৰূপায়ণৰ দ্বাৰা কৃষকৰ আয় দুগুণলৈ বৃদ্ধি হ’ব বানত আশা কৰা হৈছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More