“সংগীতম” ৰ সদৌ অসম ভিত্তিক জয়ন্ত হাজৰিকাৰ গীতৰ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

মঙলদৈৰ বিদিশা শইকীয়া আৰু গুৱাহাটীৰ শাশ্বত দত্ত শ্ৰেষ্ঠ প্ৰতিযোগী

0 24

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২৩ জুলাই : সুৰ সম্ৰাট জয়ন্ত হাজৰিকাৰ গীতসমূহ চিৰযুগমীয়া কৰি ৰখাৰ মানসেৰে তেজপুৰৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান “সংগীতম” এ বিগত দুটা বছৰৰ পিছত এইবাৰো তেজপুৰৰ বাণ থিয়েটাৰত আয়োজন কৰা সদৌ অসম ভিত্তিক তৃতীয় বাৰ্ষিক জয়ন্ত হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা কালি নিশা প্ৰায় ২ বজাত সমাপ্ত হোৱাৰ পিছত বিজয়ী প্ৰতিযোগীৰ নাম ঘোষিত হোৱাৰ লগতে উপস্থিত থকা একাংশ বিজয়ী প্ৰতিযোগীক নগদ ধন, মানপত্ৰ আৰু স্মাৰকেৰে পুৰস্কৃত কৰা হয়। উল্লেখ্য যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় দুশ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰি উৎকট গৰমকো নেওচি কালি পুৱা ৯ বজাৰ পৰা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত জয়ন্ত হাজৰিকাৰ গীতেৰে অনন্য পৰিৱেশৰ সৃষ্টি কৰে । দুটা শাখাত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত বিচাৰকৰ আসন অলংকৃত কৰে মঙলদৈৰ বিশিষ্ট সংগীতশিল্পী, গায়ক, সুৰকাৰ, জীৱেন্দ্ৰ মোহন দেৱশৰ্মা আৰু ডিব্ৰুগড়ৰ সংগীতশিল্পী, তথা আকাশবাণীৰ শিল্পী, লোকশিল্পী জয়ন্ত দত্তই ।বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা আকাশবাণীৰ প্ৰতিষ্ঠিত ঘোষিকা অনামিকা বৰদলৈ বৰুৱা আৰু তেজপুৰ অনাতাঁৰ কেন্দ্ৰৰ ঘোষক সংগীতশিল্পী প্ৰাঞ্জল শইকীয়াই আঁত ধৰা এই প্ৰতিযোগিতাৰ “ক” শাখাৰ প্ৰথম প্ৰতিযোগী গুৱাহাটীৰ শাশ্বত দত্তই নগদ ১০, ১০০ টকা আৰু অঞ্জনজ্যোতি শৰ্মা সোঁৱৰণী বঁটা , দ্বিতীয় প্ৰতিযোগী অন্তৰীপ শিৱমে বিজয়া বৰাৰ সোঁৱৰণত নগদ ৭,৭০০ আৰু অমিয়া বৰগোঁহাই সোঁৱৰণী বঁটা আৰু তৃতীয় প্ৰতিযোগী কৃষ্টি কলা শইকীয়াই নগদ ৫,৫০০ টকা আৰু কৃষ্ণকান্ত বৰদলৈ সোঁৱৰণী বঁটাৰ লগতে নীল চন্দ্র গোস্বামী সোঁৱৰণী বিশেষ বঁটা লাভ কৰে । সেইদৰে “খ” শাখাৰ প্ৰথম প্ৰতিযোগী মঙলদৈৰ বিদিশা শইকীয়াই শোভন চন্দ্র বৰাৰ সোঁৱৰণত নগদ ১৫, ৫০০ টকা আৰু অন্নদা দাস, অনু দাস সোঁৱৰণী বঁটা, দ্বিতীয় প্ৰতিযোগী শ্ৰদ্ধা বৰগোহাঞিয়ে যাদৱানন্দ তালুকদাৰ আৰু হেমপ্ৰভা তালুকদাৰৰ সোঁৱৰণত নগদ ১২, ২০০ টকা আৰু প্ৰভাত শৰ্মা, লাৱণ্য প্ৰভা সোঁৱৰণী বঁটা আৰু তৃতীয় প্ৰতিযোগী শালিনী দুৱৰাই নগদ ৮,৮০০ টকা আৰু তৰুলতা চেতিয়া, হিড়িম্বেশ্বৰ চেতিয়া সোঁৱৰণী বঁটা লাভ কৰে। আনহাতে “ক” শাখাত বিচাৰকৰ বিশেষ বঁটা লাভ কৰে অনুৰাগ কলিতাই আৰু উদগনি বঁটা লাভ কৰে ক্ৰমে – – জোনাক নিবীড় কাশ্যপ, সঞ্জুশ্ৰী শিৱম, মেহদিয়া খানম আহমেদ, প্ৰজ্ঞান প্ৰতীম ফুকন, মৌচুমী বড়ো আৰু কুনচাং ব্ৰণ টামাঙে। সেইদৰে “খ” শাখাত বিচাৰকৰ বিশেষ বঁটা লাভ কৰে স্বপ্ননীল বৰুৱাই আৰু উদগনি বঁটা লাভ কৰে ক্ৰমে – -দীপশিখা ডেকা, সৃষ্টি বৰদলৈ, দেৱাশিস শইকীয়া, দৰ্শনা দেৱী, অশ্লেষা কৌশিক আৰু পাঞ্চুৰিকা প্ৰিয়দৰ্শিনীয়ে। শিৱৰাম ভূঞাৰ সোঁৱৰণত বিচাৰকৰ বিশেষ বঁটা প্ৰদান কৰাৰ লগতে উদগনি বঁটা প্ৰাপক সকলকো বিশেষ ভাৱে পুৰস্কৃত কৰা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More