তেজপুৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদঃমুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ

0 71

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৯আগষ্টঃ নিত্য প্ৰয়োজনীয় বয়-বস্তুৰ লেকামহীন মূল্যবৃদ্ধি ৰোধ কৰা, বিদ্যুতৰ মাচুল হ্ৰাস কৰা, স্মাৰ্ট মিটাৰ স্থাপন বাতিল কৰা আৰু জীৱনদায়ী ঔষধৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ দাবীত আজি এছ ইউ চি আই (কমিউনিষ্ট) দলৰ শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত আজি তেজপুৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয়। শোণিতপুৰৰ বিভিন্ন অঞ্চলৰ পৰা দুই শতাধিক ৰাইজে অংশ লোৱা এই কাৰ্যসূচীত আজি দিনৰ ১২ বজাত চহৰখনত থকা পৌৰসভা অধীনস্থ যানবাহন আস্হানত সমবেত হৈ হাতে হাতে দাবী সম্বলিত প্লেকাৰ্ড, ফেষ্টুন লৈ বিক্ষোভ সমদল উলিয়াই জিলা আয়ুক্তৰ কাৰ্যালয়লৈ আগবাঢ়ে।বিক্ষোভকাৰীসকলে ‘বয়-বস্তুৰ মূল্যবৃদ্ধি ৰোধ কৰক, চিণ্ডিকেটৰাজ বন্ধ কৰক, বিদ্যুতৰ মাচুল হ্ৰাস কৰক, বিদ্যুৎ খণ্ডৰ বেচৰকাৰীকৰণৰ হাথিয়াৰ প্ৰিপেইড স্মাৰ্ট মিটাৰ স্থাপন বাতিল কৰক আদি শ্লোগানেৰে চহৰৰ ৰাজপথ উত্তাল কৰি তোলে।পিছত আদালত চাৰিআলিত উপস্থিত হোৱা বিক্ষোভকাৰীসকলক সম্বোধি বক্তব্য ৰাখে দলৰ শোণিতপুৰ জিলা সম্পাদক অজয় আচাৰ্যই।ইয়াৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ প্ৰতি পাঁচদফীয়া দাবী সম্বলিত এখন স্মাৰকপত্ৰ জিলা আয়ুক্তৰ যোগদি প্ৰেৰণ কৰা হয়।স্মাৰকপত্ৰত অভিযোগ কৰা হয় যে, ৰাজ্যৰ জনসাধাৰণ যেতিয়া মূল্যবৃদ্ধিৰ কোবত জুৰুলা হৈ আছে, মানুহে যেতিয়া চকুৰে সৰিয়হৰ ফুল দেখিছে তেতিয়া চৰকাৰে ৰাইজক মূল্যবৃদ্ধিৰ পৰা সকাহ দিবলৈ ন্যূনতম প্ৰচেষ্টা হাতত লোৱাতো নাইয়েই বৰং চৰকাৰ নিকৃষ্ট বিভাজনৰ ৰাজনীতিত ব্যস্ত।স্মাৰকপত্ৰত মূল্যবৃদ্ধি ৰোধ কৰিবলৈ চিণ্ডিকেটৰাজ বন্ধ কৰা, কলা বেপাৰী মজুতদাৰক কঠোৰ হাতেৰে দমন কৰাৰো দাবী জনোৱা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More