অসম হাইস্কুল শিক্ষক সংস্থাৰ নৱ নিৰ্বাচিত যুটীয়া সম্পাদক তৰুণ চন্দ্ৰ নাথক সম্বৰ্ধনা

0 37

শতাব্দ ষ্টাফ ৰিপ’টাৰ তেজপুৰ, ২৯ আগষ্ট: তেজপুৰ হাইস্কুল শিক্ষক ভৱনত কালি অসম হাইস্কুল শিক্ষক সংস্থাৰ নৱনিযুক্ত যুটীয়া সম্পাদক তৰুণ চন্দ্ৰ নাথক সদৌ অসম অ-প্ৰাদেশীকৃত উচ্চ মাধ্যমিক বিদ্যালয় শিক্ষক কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় কমিটি আৰু শোণিতপুৰ জিলা কমিটিৰ ফালৰ পৰা সম্বদ্ধৰ্না জনোৱাৰ বাবে এখন সভা অনুষ্ঠিত হয়৷ সভাত সভাপতিত্ব কৰে অ-প্ৰাদেশীক উচ্চ মাধ্যমিক শিক্ষক- সন্থাৰ ৰাজ্যিক সভাপতি বিপুল শৰ্মাই৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ছামধৰা হাইস্কুলৰ প্ৰধান শিক্ষক টিকাৰাম ছেত্ৰীয়ে৷ সভাত শোণিতপুৰ জিলাৰ সমূহ অ-প্ৰাদেশীকৃত হাইস্কুলৰ প্ৰধান শিক্ষক, সহঃশিক্ষক সকলৰ লগতে অসম হাইস্কুল শিক্ষক সংস্থাৰ তেজপুৰ জিলা সমিতিৰ সভাপতিকে আদি কৰি বহুসংখ্যক বিষয়ববীয়া আৰু শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে৷ সভাত অ-প্ৰাদেশীকৃত উচ্চ-মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ ৰাজ্যিক সভাপতি বিপুল শৰ্মাই এখন ফুলাম গামোছাৰে তৰুণ চন্দ্ৰ নাথক সম্বদ্ধৰ্না জনোৱাৰ লগতে জিলা সমিতিৰ বিষয়ববীয়াসকলে এটা জাপিৰে সম্বদ্ধৰ্না জনায়৷ সভাত অ-প্ৰাদেশীকৃত হাইস্কুলসমূহৰ প্ৰাদেশীকৰণৰ বাবে অসম হাইস্কুল শিক্ষক সংস্থাৰ ৰাজ্যিক যুটীয়া সম্পাদকৰ হাতত এখন স্মাৰকপত্ৰ প্ৰদান কৰে৷ সম্পাদক নাথে হাইস্কুলসমূহ প্ৰাদেশীকৰণৰ বাবে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক এক দাবী পত্ৰ প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিয়ে৷ লগতে এই বিষয়টোলৈ মুখ্যমন্ত্ৰী মহোদয়ৰ লগত অতি সোনকালে আলোচনাত বহাৰ আশ্বাস দিয়ে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More