নীপকোৱে এৰা পানীয়ে প্ৰাণ ললে  কণমানি ছাত্ৰীৰ

0 53

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৯ আগষ্টঃ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে লখিমপুৰ জিলাতো বিগত প্ৰায় এসপ্তাহ ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত ৰঙানদীৰ লগতে জিলাখনৰ নদীসমূহ ফেনে ফুটুকাৰে বাঢ়ি অহাৰ লগতে বহু ঠাইত বানৰ সৃষ্টি কৰিছে৷ ইফালে আজি নীপকোৱে কেবাখনো গেটেৰে ৰঙানদীত পানী এৰি দিয়াৰ ফলত পাভ বনাঞ্চলৰ সোনাপুৰ ৰিজাৰ্ভ গাঁৱত এগৰাকী কণমানি ছাত্ৰী বাঢ়নী পানীত ডুবি মৃত্যু মুখত পৰে৷ ৰঙানদীৰ বক্ষত নীপকোৱে ক্ৰমে ২০০ আৰু ৫০ এম এম পানী এৰি দিয়াৰ ফলত লখিমপুৰ জিলাৰ নামনিত বানৰ সৃষ্টি হৈছে৷ আজি ৰঙানদীৰ বাঢ়নী পানীত পাভ বনাঞ্চলৰ দুইমুখেৰে সোমাই সোনাপুৰ ৰিজাৰ্ভ গাঁওখন জলমগ্ন কৰি তোলাত গাঁওখনৰ চাহেৰা খাতুনৰ কন্যা তথা তৃতীয়মান শ্ৰেণীৰ কণমানি ছাত্ৰী ছাজিদা বেগম [৯]ৰ মৃত্যু হয়৷ ইফালে নীপকোৰ বাঢ়নী পানীয়ে পাভ সংৰক্ষিত বনাঞ্চলখন জলমগ্ন কৰি তোলাত কাষৰীয়া গাঁওসমূহৰ অৱস্থা শোচনীয় হৈ পৰিছে৷ সোৱণশিৰি, ৰঙানদী, পাভ আদি কেবাখনো নদীৰ পানী একেলগ হৈ পাভ সংৰক্ষিত বনাঞ্চলত সোমাই অহাৰ ফলত এই গাঁওসমূহ জলমগ্ন হৈ পৰিছে৷ ফলত নাওবৈচা ৰাজহ চক্ৰৰ এই গাঁও সমূহত শেহতীয়াকৈ লখিমপুৰ জিলা প্ৰশাসনে বান সাহায্য প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷ ভদীয়া বানৰ কবলত পৰি জিলাখনৰ বহু গাঁও জলমগ্ন হোৱাৰ ফলত প্ৰশাসনে এই গাঁওসমূহত বান সাহায্য বিতৰণ কৰিছে৷ ইফালে সোৱণশিৰি নদীয়ে ঘাগৰ, ঘূনাসুঁতি আদিত বানৰ সৃষ্টি কৰাত ৰাইজ সমস্যাৰ সন্মুখীন হৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More