তেজপুৰৰ জ্যোতি ভাৰতীত দৃষ্টিনন্দন দেশপ্ৰেমৰ অনুষ্ঠান 

0 47
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৪ আগষ্ট : দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ সংগীত নাটক অকাডেমীৰ  উত্তৰপূব মাণ্ডলিক কাৰ্যালয়ৰ নিৰ্দেশনা অনুযায়ী তেজপুৰৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান ‘সপ্তাশ্ব’ ই তেজপুৰৰ কেইবাখনো আগশাৰীৰ অনুষ্ঠানৰ শিশু তথা ছাত্ৰ-ছাত্ৰী সকলক একত্ৰিত কৰি দৃষ্টিনন্দন অনুষ্ঠানেৰে স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি কালি বিয়লি  ‘মেৰি  মাটি মেৰা দেশ’ শীৰ্ষক প্ৰচাৰ কাৰ্য্যসূচী সমাপন কৰে৷ তেজপুৰৰ ঐতিহ্যমণ্ডিত “পকী” অৰ্থাৎ ‘জ্যোতিভাৰতী’ চৌহদত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠান আঁত ধৰে জিলা সাংস্কৃতিক উন্নয়ন বিষয়া  জিতেন কুমাৰ দাসে।আৰম্ভণিতে বন্তি প্ৰজ্বলন কাৰ্যসূচী সম্পন্ন হয় তেজপুৰৰ কেইবাগৰাকী বিশিষ্ট জ্যেষ্ঠ নাগৰিকৰ দ্বাৰা ৷ তেওঁলোক হ’ল  মহেন্দ্ৰ নাথ কেওঁট, দিলীপ কুমাৰ বৰুৱা, ৰমেশ ডেকা আৰু  তৰুলতা দাস৷ উক্ত ব্যক্তি সকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁলোকে জ্যোতিভাৰতীৰ প্ৰাংগনত গছপুলিও ৰোপন কৰে৷ সাংস্কৃতিক অনুষ্ঠানত প্ৰথমতে তেজপুৰৰ নৃত্যশালাৰ ছাত্ৰীসকলে বিশিষ্ট নৃত্যশিল্পী মায়াৰাণী বৰাৰ পৰিচালনাৰে ‘বন্দে মাতৰম’ শীৰ্ষক গীতৰ আধাৰত নৃত্য প্ৰদৰ্শন কৰে৷ ছাত্ৰীসকল আছিল সাৰণ্যা মহন্ত, দৃষ্টি মহন্ত, কংকিতা ভৰালী, দেৱাংগী পাৰিজাত পৰাশৰ, কাব্যশ্ৰী কাশ্যপ, পুষ্পাশ্ৰী কাশ্যপ আৰু , লুচমিতা বৰা৷ তাৰ পাছত যুৱশিল্পী চন্দন বৰাই অতি সুন্দৰ ভাবে দেশ ভক্তিমূলক গীত পৰিৱেশন কৰে৷ তেওঁলোকৰ উপস্থাপন ইমানেই সুন্দৰ আছিল যে সকলো দৰ্শক আপ্লুত হৈ পৰে৷ 
‘সপ্তাশ্ব’ ৰ ছাত্ৰীসকলেও দেশভক্তি মূলক গীতৰ আধাৰত এটি নৃত্য প্ৰদৰ্শন কৰে৷ নৃত্য পৰিচালনা ডঃ প্ৰতিভা শৰ্মাই আৰু পৰিৱেশনত আছিল -হংসজা শৰ্মা, ভাৰ্গবী পাকোৱাল, হৰ্ষিতা ডেকা, আনজিম চুলতানা, বাগেশ্ৰী শইকীয়া আৰু তানিষ্ঠা ভৰালী৷
ইয়াৰ পিছতেই ভাৰতীয় সংস্কৃতিৰ আন মূল দৰ্শন যোগৰ আৰ্টষ্টিক যোগ অতি সুন্দৰ ভাৱে প্ৰদৰ্শন কৰে সাৰণ্যম দিক্ষিত পূজাৰী আৰু ৰিয়ান কৌশিকে৷ জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ কথক বিভাগৰ ছাত্ৰীসকলেও  প্ৰেৰণা বৈশ্যৰ নৃত্য নিৰ্দেশনাত এটি সুন্দৰ দেশভক্তি মূলক নৃত্য প্ৰদৰ্শন কৰে ক্ৰমে – সৃজনী চৰকাৰ, কাঞ্চন লামা, আম্বসা পাল, হেমা দাস, অনুষ্কা ঘোষ আৰু ভাগ্যশ্ৰী বৰুৱাই ৷ অনুষ্ঠানটিত শিশু সাহিত্যিক  দিলীপ কুমাৰ বৰুৱাই    মনোগ্ৰাহী তথা শিশু সকলৰ মনঃত্বাত্ত্বিক দিশ সাঙুৰী বক্তব্য দাঙি ধৰে৷ সাংস্কৃতিক উন্নয়ন বিষয়া জিতেন কুমাৰ দাসেও  তেজপুৰ তথা শোণিতপুৰ জিলাত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়, সংগীত নাটক একাডেমীৰ দৰে অনুষ্ঠানৰ লগত সমন্বয় ৰাখি ১১ বছৰে বিভিন্ন দিশত কাম কৰা অনুষ্ঠান অকল সপ্তাশ্ব ই আছে বুলি সপ্তাশ্ব তথা সপ্তাশ্বৰ মূল হোতা ডঃ প্ৰতিভা শৰ্মক ভূয়সী প্ৰশংসা কৰে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More