নৱবৰ্ষ আৰু সংকল্প

0 57

ড° বুলজিৎ বুঢ়াগোহাঁই

মাননীয় সম্পাদক মহোদয়,

“শতাব্দ” বাতৰি কাকতৰ সমূহ কৰ্ম-কৰ্তা আৰু পঢ়ুৱৈলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছো ৷ লগতে আজি(০১।০১।২০২৩) “শতাব্দ” ই এবছৰীয়া হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছো। আশাকৰো, অসম আৰু অসমীয়াৰ স্বাৰ্থত কাকতখনে আগন্তুক দিনবোৰটো বৰ্তমানৰ দৰে এই ধাৰা অব্যাহত ৰাখি অসমবাসী ৰাইজৰ মাজত সমাদৰ লাভ কৰিব ৷

ইংৰাজী নৱবৰ্ষৰ আৰম্ভণিতে বিভিন্নজনে বছৰটিৰ বাবে কৰা সংকল্প তথা কামৰ তালিকা বাতৰি কাকত তথা আলোচনীবোৰত প্রকাশ কৰে কিন্তু সেই সংকল্প তথা কামবোৰ বছৰৰ শেষলৈ কাৰ্যকৰী হ’ল নে নাই গম পোৱা নাযায় । আমি ভাবো তেওঁলোকে লোৱা সংকল্প তথা কামবোৰ কাৰ্যকৰী হ’ল নে নাই ৰাইজক অৱগত কৰিব লাগে।

২০২৩ চনৰ পৰিকল্পনাৰ বিষয়ে জনোৱাৰ আগতে বিগত ২০২২ বৰ্ষৰ মোৰ কামৰ কিছু খতিয়ান দাঙি ধৰাৰ প্ৰয়াস কৰিছো ৷ বৰ্তমান মোৰ কৰ্মক্ষেত্র অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী দ্বায়িত্ব পালনৰ লগতে প্ৰত্যেক শণিবাৰৰ দিনটোত সন্ধিয়া ৬ বজাৰ পৰা ৯ বজালৈ ফোন যোগে ছাত্ৰ-ছাত্ৰী সকলক কেৰিয়াৰ সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰ দিও ৷ গোটেই বছৰটোত ছাত্ৰ-ছাত্ৰীৰ প্ৰায় ২০০তকৈ অধিক কেৰিয়াৰ সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰ দিও ৷ “অন্যযুগ”,” অসমীয়া বৰ্ণিল”, “দকচিৰি”, “আইনা জীৱনৰ” আদি আলোচনীত নিয়মীয়াকৈ কেৰিয়াৰ সম্পৰ্কীয় লেখা প্ৰকাশ হয় ৷ বিভিন্ন শিক্ষানুষ্ঠান তথা অনুষ্ঠান-প্রতিষ্ঠানৰ ৰূপালী,সোণালী,হীৰক জয়ন্তী আদি উপলক্ষে প্রকাশিত স্মৃতিগ্রন্থ তথা বাৰ্ষিক মুখপত্র আৰু আলোচনীসমূহত প্রায় ১০০টা কেৰিয়াৰ সম্পৰ্কীয় লেখা প্ৰকাশ হয় । অসমৰ বিভিন্ন স্কুল কলেজৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ দ্বাৰা আয়োজিত ২৫খতকৈ অধিক কেৰিয়াৰ কৰ্মশালাত ছাত্ৰ-ছাত্ৰী সকলৰ লগতে অভিভাৱক সকলৰ লগতো মুখা-মুখিকৈ (অফলাইন/অনলাইন) কেৰিয়াৰ সম্পৰ্কে বাৰ্তালাপ কৰো ৷ লগতে প্ৰতিদিন টাইম , নিউজ ১৮ অসম-নৰ্থ ইষ্ট আদি টি.ভি. চেনেল আৰু ডি এ নিউজ প্লাছ , বাৰ্তা এন.ই., অসম লাইভ ২৪, দা গ্লবে ইষ্ট আদি ৱেব পৰ্টেলত কেৰিয়াৰ বিষয়ৰ অনুষ্ঠান অংশগ্ৰহণ কৰো ৷ আগ্রহী সকলে কেৰিয়াৰ বিষয়ৰ অনুষ্ঠানবোৰৰ ৰেকৰ্ডিং ইউটিউব (https://www.youtube.com/@Buljit/videos) ত চাব পাৰিব ।

“শতাব্দ”কে ধৰি বহুকেইখন বাতৰি কাকতৰ “সম্পাদকলৈ চিঠি” নামৰ শিতানটোৰ যোগেদি অসমৰ বিভিন্ন সমস্যা সম্পৰ্কে বিভিন্ন লেখা তথা বিভিন্ন বিষয়ৰ চিঠি প্রকাশ হয় ৷ ইয়াৰোপৰি, ৱাটচআপ, টুইটাৰ, ইউটিউব , লিংডিন, ইনষ্টগ্ৰাম আৰু ফেচবুকৰ বিভিন্ন গোটৰ যোগেদি অসমৰ ভাল খবৰ তথা তথ্য যোগান ধৰো ৷ বিগত বৰ্ষৰ দৰে আগন্তুক ২০২৩ বৰ্ষটো এনেধৰনৰ কাম-কাজ কৰি যাম বুলি সংকল্প লৈছো ৷

আজাৰা , গুৱাহাটী -৭৮১০১৭

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: [email protected]

www.buljit.com

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More