পুৰণি পেন্সন পদ্ধতি প্ৰৱৰ্তন কৰিবলৈ দাবী চৰকাৰী পেন্সনাৰ সন্থাৰ

উত্তৰ লক্ষীমপুৰ শাখাৰ অধিৱেশন সম্পন্ন

0 62

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৮ ডিচেম্বৰঃ চাকৰি কালত চৰকাৰে আমাক দৰমহা দিছিল, এতিয়া আমি পেন্সনাৰ হিচাপে পেন্সন পাও, মই ঢুকাই গ’লে মোৰ পত্নীয়ে পেন্সন পাব। ইয়াৰ পিছত আমি নিজকে অন্তৰ্দৃষ্টিৰে সোধা উচিৎ–চাকৰি কালত আমি সৎভাবে নিজ কৰ্ম সম্পাদন কৰিছিলো নে? —এই ভাষ্য শিক্ষাবিদ নবীন দত্তৰ। আজি উত্তৰ লক্ষীমপুৰ পেন্সনাৰ সন্থাৰ অধিৱেশনৰ নিৰ্দিষ্ট বক্তাৰূপে শিক্ষাবিদ গৰাকীয়ে এইদৰে কয়। তেঁও লগতে কয়-চৰকাৰে পেন্সন দিয়াৰ ক্ষেত্ৰত যেনেদৰে দায়ৱদ্ধ, ঠিক তেনেকৈ চৰকাৰী বিষয়া-কৰ্মচাৰীয়েও চাকৰি দায়বদ্ধতাৰে কৰা উচিৎ।WhatsApp Image 2023 12 18 at 5.11.39 PM e1702907079420 চৰকাৰী পেন্সনাৰ সন্থা, উত্তৰ লক্ষীমপুৰ শাখাৰ ২২ সংখ্যক দ্বি-বার্ষিক অধিৱেশনখনি আজি সন্থাৰ কাৰ্যালয় তথা প্ৰয়াত কেশৱ চন্দ্ৰ ভূঞা সোঁৱৰণী প্ৰেক্ষাগৃহত এদিনীয়া বিস্তৃত কার্যসূচীৰে অনুষ্ঠিত হয়। পুৱা সামূহিক চাফাইৰে আৰম্ভ হোৱা কাৰ্যসূচীত পতাকা উত্তোলন কৰে সন্থাৰ সভাপতি মাধৱ হাজৰিকাই। স্মৃতি তৰ্পণ কৰে উপ সভাপতি অৰুণ চন্দ্ৰ তামুলীয়ে। দুপৰীয়া ১ বজাত সন্থাৰ ৰাজ্যিক সদস্য বাবুল বৰাই মুকলি সভা উদ্বোধন কৰে। মাধৱ হাজৰিকাৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত সন্থাৰ প্ৰবীণ সদস্য জীৱন বৰকটকী, তিলেশ্বৰ ভূঞা, চন্দ্ৰ বৰা আৰু দয়া দত্তক চেলেং আৰু গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। মুকলি সভাত নবীন দত্ত, কিনাৰাম গগৈ, নৰেন হাজৰিকা, অৰুণ চন্দ্ৰ তামুলীয়ে অংশগ্ৰহণ কৰে। সভাত গুনাৰাম নৰহে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰি বিগত দুবছৰৰ সন্থাৰ কাৰ্যাৱলী অৱগত কৰে। চৰকাৰী পেন্সনাৰ সন্থাই চৰকাৰক নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন পদ্ধতি প্ৰৱৰ্তন কৰিবলৈ দাবী জনায়।
নতুন সমিতিঃ
সন্থাৰ আজি অনুষ্ঠিত বিষয় বাচনি সভাত সেৱক চন্দ্ৰ হাজৰিকাক সভাপতি আৰু নন্দেশ্বৰ নাথক সম্পাদক হিচাপে লৈ এখন ২৫ জনীয়া নতুন সমিতি সৰ্বসন্মতিক্ৰমে গঠন কৰা হয়।নতুন সমিতিত উপ সভাপতি প্ৰসন্ন গগৈ, যুটীয়া সম্পাদক মাখন চন্দ্ৰ শইকীয়া আৰু লক্ষীপ্ৰভা বৰা, সদস্যসকল হল- গিৰীণ হাজৰিকা, বিপ্লব গগৈ, জিতেন ৰাজখোৱা, গোপীনাথ দত্ত, বেণীমাধৱ বৰুৱা, স্বপ্না গগৈ, লোকেন কাকতি, মহেন্দ্ৰ হাজৰিকা, ধৰ্মেশ্বৰ বৰা, নিৰণ গোস্বামী, ৰাজ্যিক সদস্যৰূপে চিত্ৰ কুমাৰ মহন্ত, হিচাপ পৰীক্ষক নোমল শইকীয়া, সাংগঠনিক সম্পাদক ইন্দ্ৰ গগৈ আছে। সমিতিত উপদেষ্টা হিচাপে মাধৱ হাজৰিকা, অৰুণ তামুলী, বাবুল বৰা আৰু সুৰেশ গগৈক সৰ্বসন্মতিক্ৰমে মনোনীত কৰা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More