বন্ধু আৰু বন্ধুত্বঃ আত্মীয়তাৰ পৃথিৱী
মুক্তাৰ আলী
বন্ধুবিহীন জীৱন কল্পনাই কৰিব নোৱাৰি।প্ৰতিজন মানুহৰে অলেখ বন্ধু থাকে। সকলো বন্ধুৰ মাজতো থাকে একো একোজন বিশেষ বন্ধু। বন্ধুত্ব মানেই এক অনাবিল প্ৰশান্তি,মনৰ জুৰণীয়া বা,সম্পদ বিপদৰ সংগী।বন্ধুত্ব আত্মাৰ এক শক্তিশালী বন্ধন।
ৱৰ্ল্ড হেপিনেছ ডাটাবেছ’ৰ গৱেষণাত পোৱা তথ্য মতে ঘনিষ্ঠ বন্ধুত্বই মানুহৰ জীৱনলৈ কঢ়িয়াই আনে অধিক সুখ, সমৃদ্ধি। বন্ধু দুবিধ। এবিধ অস্থায়ী, আনবিধ স্থায়ী। স্থায়ী বন্ধুত্বৰ কিছুমান বিশেষ বৈশিষ্ট্য আছে।আছে স্নেহ, সহানুভূতি, সততা, নিস্বাৰ্থতা, পাৰস্পৰিক বুজাবুজি, মমতা, সংগ, বিশ্বাস,মৰ্যাদা আৰু আত্মপ্ৰকাশৰ শক্তি।
ৰাজনীতি বিজ্ঞানী এৰিষ্টটল’ এ কৈছিল-‘বন্ধুত্ব হ’ল দুটা শৰীৰত এটা আত্মাৰ উপস্থিতি।’
এমাৰ্চন’এ কৈছিল, ‘বন্ধুত্ব প্ৰকৃতিৰ অন্যতম শ্ৰেষ্ঠ সৃষ্টি।’
নিচ্চ’এ কৈছিল, ‘এজন বিশ্বাসী বন্ধু জীৱন ৰক্ষাকাৰী ছাঁৰ দৰে। তেনে বন্ধু পোৱাজন ধন ৰত্ন পোৱাৰ দৰে ভাগ্যশালী।
এজনে আনজনৰ সুখত সুখী হোৱা, দুখত কাষত থিয় দিয়া, ‘মুক্তমনে আলাপ কৰা, হাঁহি আৰু আনন্দৰ উন্মিলিত আকাশেই বন্ধুত্ব। বন্ধুত্বত নেথাকে বয়সৰ পৰিসীমা। ডেকা-বুঢ়া সকলো এজন আনজনৰ বন্ধু হ’ব পাৰে যদি সেই বন্ধুত্বত নিশ্চিতভাৱে থাকে প্ৰেম আৰু পৰস্পৰৰ আত্মাৰ আকৰ্ষণ।
যদি এটি কিশোৰে তেওঁতকৈ ডাঙৰ কাৰোবাৰ লগত বন্ধুত্ব গঢ়ে তেন্তে তেওঁৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাত ই ডাঙৰ ভূমিকা পালন কৰে। কিন্তু ইয়াৰ বাবে পৰস্পৰৰ মাজত থাকিব লাগিব বিশেষ বুজাপৰা। বহু কথা সৰুজনে বুজিবলৈ বা গ্ৰহণ কৰিবলৈ কুণ্ঠাবোধ কৰিলেও তেওঁক সমসাময়িক সকলো দিশৰ পৰা সময়োপযোগী কথাবোৰ বুজাব পৰা দক্ষতা ডাঙৰজনৰ থাকে।যিকোনো বিষয়ৰ মুকলি আলোচনাই কনিষ্ঠজনৰ মনৰ ভয় শংকা আঁতৰাই নিয়ে।তেনে বন্ধুত্বত বিভিন্ন দেশৰ বিভিন্ন বিষয় উপস্থাপন কৰি, তথা ভাল বেয়া সকলো কথা মুকলিকৈ আলোচনা কৰি আগন্তুক দিনবোৰ সুন্দৰ আৰু সুখৰ কৰি তুলিব পাৰি।
প্ৰত্যেকৰে পিতৃ-মাতৃ অতি ওচৰৰ মানুহ হোৱাৰ পিছতো আমি তেওঁলোকৰ লগত বহু কথা পাতিব নোৱাৰো। আনহাতে বন্ধু এজনৰ লগত মনৰ দ্বিধা আঁতৰাই যিমানেই জটিল নহওক কিয় সকলো কথা নিঃসংকোচে আলোচনা কৰিব পাৰো। এইযে আমি সকলো কথা আলোচনা কৰিব পৰা সংগীজন পাইছো-সেয়াই এজন প্ৰকৃত বন্ধু।
১৯৭৫ চনত বিগেল’ আৰু লা গাপিয়াৰ’এ এটি ক্ষেত্ৰভিত্তিত অধ্যয়ন কৰিছিল। এই অধ্যয়নত ছবছৰৰ পৰা চৈধ্য বছৰৰ ভিতৰৰ ৪৮০টা শিশুৰ সমীক্ষা চলাইছিল।তেওঁলোকে শিশুবোৰৰ মাজত বন্ধুত্ব বিকাশৰ তিনিটা পৰ্যায় দেখুৱাইছে।
প্ৰথম পৰ্যায়ত শিশুবোৰৰ মাজত ভাৱৰ ভাগ-বতৰা কৰা কাৰ্য্যকলাপ আৰু ভৌগোলিক সান্নিধ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।
দ্বিতীয় পৰ্যায়ত তেওঁলোকৰ বিশ্বাস, আনুগত্য আৰু প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।
তৃতীয় পৰ্যায়ত তেওঁলোকে ক্ৰমান্বয়ে আকাংক্ষিত একে ধৰণৰ মনোভাৱ, মূল্যবোধ আৰু আগ্ৰহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।
বাণ্ডৰ্টৰ মতে ভাল বন্ধুত্বৰ ফলত শিশুৱে অসামাজিক আচৰণ, অধিক ঘনিষ্ঠতা আৰু অন্যান্য ইতিবাচক বৈশিষ্ট্য প্ৰদৰ্শন কৰে।অন্যথা অধিক সংঘাত, আধিপত্য আৰু অন্যান্য নেতিবাচক বৈশিষ্ট্য প্ৰদৰ্শন কৰা বন্ধুত্বত তেওঁলোক অস্থিৰ হৈ পৰে।
বন্ধুত্বত যিবোৰ ভুল কৰিব নেলাগে
- বন্ধুৰ অনুভৱ, বিশ্বাস বা মতামতক মূল্য দিয়ক। পৰস্পৰে পৰস্পৰক সন্মান নকৰাটোৱে বন্ধুত্ব ধ্বংস কৰিব পাৰে।
- বন্ধুৰ দুখ-ত্ৰুটি দেখিলে আনক অৱগত নকৰি বন্ধুজনকে পোনপটীয়াকৈ কওক।ব্যতিৰেকে দীৰ্ঘদিনীয়া বন্ধুত্ব শেষ হ’ব পাৰে।
- বন্ধুৰ সফলতাকলৈ ঈৰ্ষা নকৰি প্ৰকাশ্যে সুখ অনুভৱ কৰক।ভালগুণবোৰৰ প্ৰচাৰ কৰক।
- সদায় নিজৰ প্ৰয়োজনত বন্ধুক ব্যৱহাৰ কৰিলেও বন্ধুত্ব ক্ৰমান্বয়ে ভাঙিব পাৰে।
- বন্ধুৰ পৰা যিকোনো সত্য লুকুৱাই ৰাখিলে ভুল বুজাবুজিৰ সৃষ্টি হ’ব পাৰে আৰু বিশ্বাসৰ ক্ষতি হ’ব পাৰে।
- ঘনিষ্ঠ বন্ধু হ’লেও বন্ধুত্বৰ এটা সীমা বা ব্যক্তিগত স্থান থাকিব লাগে। ইয়াৰ বাহিৰেও বন্ধুত্ব অস্বস্তিকৰ হৈ পৰে।
- সকলো সময়তে বন্ধুক দোষাৰোপ কৰাৰ অভ্যাস পৰিত্যাগ কৰা উচিত। সেইটো একেবাৰে বেয়া অভ্যাস।
অধ্যাপক জেফ্ৰি হল’ৰ মতে, বেছিভাগ বন্ধুত্ব গঢ় লয় ছটা ভিন্ন ক্ষেত্ৰত মৌনভাৱে একমত হোৱা আশাত।
ইতিবাচক দৃষ্টিভংগী
ইতিবাচক চিন্তাৰধাৰাৰ ব্যক্তিসকলে বন্ধুত্বত ইজনে সিজনক সঁচাকৈয়ে ভাল পায়। কেৱল সামাজিক উত্তৰণ বা আন কোনো আকাংক্ষিত লাভৰ উদ্দেশ্যৰে ইজনে সিজনক ভাল পোৱাৰ অভিনয় নকৰে।তেওঁলোকৰ নিজৰ ইতিবাচক চিন্তাধাৰা যাতে নেতিবাচক বন্ধুৰ প্ৰভাৱত ধ্বংস নহয় তাৰ প্ৰতি সচেতন হৈ পৰে। ফলস্বৰূপে গঢ় লৈ উঠে বন্ধুত্ব।
আত্মপ্ৰকাশৰ অভিষ্পা
আনক ক’ব নোৱাৰা কথাবোৰ ক’ব পৰাকৈ নিৰ্ভৰযোগ্য বন্ধুত্ব খুবেই প্ৰয়োজন।যিসকলে কাৰোবাৰ সতে তেনে বন্ধুত্ব গঢ় লোৱাৰ অনুকূল ভাৱ অনুভৱ কৰে তেওঁলোকৰ মাজত বন্ধুত্ব গঢ় লৈ উঠে।
ব্যৱসায়িক সহায়
বন্ধুসকলে ইজনে সিজনক ব্যৱহাৰিকভাৱে সহায় কৰে। উদাহৰণস্বৰূপে, এজন বন্ধুৱে আন এজন বন্ধুক গাড়ীৰে বিমানবন্দৰলৈ লৈ যোৱা, ব্যৱসায়িক সহযোগিতা আগবঢ়োৱা আদি।
সাদৃশ্য
যিসকলৰ দৃষ্টিভংগী একে। উদাহৰণস্বৰূপে, সংস্কৃতি, শ্ৰেণী, ধৰ্ম বা জীৱনৰ অভিজ্ঞতা একে বা মিল থকা তেওঁলোকৰ মাজত সহজে বন্ধুত্ব হ’ব পাৰে।
আনন্দ
বন্ধুসকলে বিশ্বাস কৰে যে একেলগে সময় কটাবলৈ মজা আৰু সহজ।
সংস্থা
মূল্যৱান তথ্য, দক্ষতা বা সম্পদ থকাসকলৰ পৰস্পৰৰ মাজত যিসকলে বিনিময় কৰিব পাৰে তেওঁলোকে ইজনে সিজনৰ বন্ধুত্ব গঢ়ে।উদাহৰণস্বৰূপে, ব্যৱসায়িক সম্পৰ্ক থকা বন্ধুৱে বাঞ্ছনীয় চাকৰিৰ তথ্য প্ৰদান কৰিব পাৰে অথবা বিপদত এজন ধনী বন্ধুৱে ব্যয়বহুল অভিজ্ঞতাৰ বাবে ধন দিব পাৰে তেনে ব্যক্তিবিশেষৰ মাজত সহজে বন্ধুত্ব গঢ় লয়।
অৱশ্যে মহিলাসকলে ইতিবাচক মনোযোগ আৰু গভীৰ আত্মপ্ৰকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু পুৰুষে অলপ বেছি তথ্যগত বন্ধুত্ব পছন্দ কৰিব পাৰে। আহক আমি পৰস্পৰে পৰস্পৰৰ মাজত বন্ধুত্ব গঢ়ি তোলো।নিস্বাৰ্থ বন্ধুত্বৰে গঢ়ি তোলো আত্মীয়তাৰ নতুন পৃথিৱী।