বিমানৰ কনফাৰ্মড টিকট থকা যাত্ৰীক ব’ৰ্ডিং কাৰ্ড নিদিলে বিমান সংস্থা জগৰীয়া হব

কঠোৰ পদক্ষেপ অসামৰিক বিমান পৰিৱহণ মহানিৰ্দেশকালয়

0 46

শতাব্দ বিশেষ প্ৰতিনিধি, ৭ মে’ : এতিয়াৰে পৰা ভাৰতৰ কোনো বিমান সংস্থাই যাত্ৰাৰ কনফাৰ্মড টিকট থকা স্বত্বেও আৰু নিৰ্ধাৰিত সময়ৰ পূৰ্বে বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতো যাত্ৰীক ব’ৰ্ডিং কাৰ্ড নিদিয়াকৈ থাকিব নোৱাৰিব। আৰু যাত্ৰীৰ লগত এনে ব্যৱহাৰ কৰিলে বিমান সংস্থাসমূহে ইয়াৰ উচিত মূল্য ভৰিব লাগিব। শুকুৰবাৰে এই সতৰ্কবাণীৰে দেশৰ অসামৰিক বিমান পৰিৱহণৰ নিয়ন্ত্ৰক সঞ্চালকালয়ৰ মহানিৰ্দেশক গৰাকীয়ে সকলো বিমান প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যবাহী বিষয়াসকললৈ এখন জাননী প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে, দেশৰ বহুতো বিমান বন্দৰত নিশ্চিত টিকট থকা স্বত্বেও আৰু সময় মতে উপস্থিত হোৱাৰ পাছতো যাত্ৰীক ব’ৰ্ডিং কাৰ্ড প্ৰদান কৰিবলৈ বিমান সংস্থা সমূহে অস্বীকাৰ কৰা অহেতুক হাৰাশাস্তিৰ দৰে ঘটনা ভাৰতত তেনেই কম নহয়। উপভোক্তা আদালতত এনে অলেখ গোচৰ ৰুজু হৈছে। আগন্তুক গ্ৰীষ্ম বন্ধৰ পূৰ্বে জাৰি কৰা এই নিৰ্দেশৰ পাছত এতিয়াৰে পৰা বিমান সংস্থাসমূহে এনে আইন ভঙ্গৰ দৰে ঘটনা সংঘটিত কৰিলে ইয়াক সঞ্চালকালয়ে গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰিব আৰু কঠোৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়াই দিছে। নিশ্চিত টিকট থকাৰ পাছতো যাত্ৰাৰ বাবে অনুমতি নিদিয়াটো এটা অতি গৰ্হিত কাম আৰু ইয়ে সমগ্ৰ বিমান পৰিৱহণ খণ্ডটোৰ বাবে দুৰ্নাম কঢ়িয়াই আনে। অহা সপ্তাহৰ পৰা অসামৰিক বিমান সঞ্চালকালয়ৰ মহানিৰ্দেশক কাৰ্যালয়ে বিমান বন্দৰ সমূহত আকস্মিক পৰিদৰ্শন কৰিব আৰু এনে দুষ্কাৰ্যৰ বিৰুদ্ধে অভিযান চলাব বুলি ঘোষণা কৰিছে। ব’ৰ্ডিং কাৰ্ড দিবলৈ অস্বীকাৰ কৰা, হঠাতে বিমান যাত্ৰা প্ৰত্যাহাৰ কৰা, অত্যধিক পলমকৈ যাত্ৰা আৰম্ভ কৰা ইত্যাদিৰ বাবে এতিয়াৰে পৰা বিমান সংস্থাসমূহে যাত্ৰীক উপযুক্ত ক্ষতিপূৰণ আদায় দিব লাগিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More