মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য ২০২৫ চনৰ আগষ্টৰ ভিতৰতে সম্পূৰ্ণ হব

ভূৰাগাঁৱত খহনীয়া প্ৰতিৰোধ আঁচনিৰ কাম পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

0 11

মৰিগাঁও, ২২ জুন : মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য ২০২৫ চনৰ আগষ্টৰ ভিতৰতে সম্পূৰ্ণ কৰিবলৈ সময়সীমা বান্ধি দিছে ৰাজ্য চৰকাৰে৷ ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা-গৱেষণা দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই আজি নিৰ্মীয়মান নতুন চিকিৎসা মহাবিদ্যালয়খন পৰিদৰ্শন কৰি এই নিৰ্ধাৰিত সময়সীমাৰ ভিতৰতে নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিবলৈ নিৰ্মাণকাৰী প্ৰতিষ্ঠান আৰু লোক নিৰ্মাণ (গৃহ) বিভাগক নিৰ্দেশ দিয়ে। মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰীৰো দায়িত্বত থকা স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে আগবেলা জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মাৰ সৈতে বঘৰাত নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয়খনৰ চৌহদত উপস্থিত হৈ নিৰ্মাণকাৰ্যৰ অগ্ৰগতি পৰিদৰ্শন কৰে। বিভাগীয় মন্ত্ৰীগৰাকীৰ পৰিদৰ্শনকালত জিলাখনৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) দোতিভা বৰা, যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ ফণী পাঠকৰ লগতে লোকনিৰ্মাণ (গৃহ) বিভাগৰ কাৰ্যবাহী অভিযন্তা, নিৰ্মাণকাৰী প্ৰতিষ্ঠান গৌতম কনষ্ট্ৰাকচনৰ কাৰ্যবাহীও উপস্থিত থাকে। পৰিদৰ্শনৰ পাছতে মন্ত্ৰী মহন্তই উপায়ুক্ত, বিভিন্ন বিভাগৰ বিষয়াসকল আৰু নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ কাৰ্যবাহীৰ সৈতে এখন বৈঠকত মিলিত হৈ নিৰ্মাণকাৰ্যৰ অগ্ৰগতি পৰ্যালোচনা কৰে৷ নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয়খনৰ নক্সা তথা স্থাপত্য আৰ্হিও নিৰীক্ষণ কৰি অৱশিষ্ট নিৰ্মাণকাৰ্য সময় মতে আগবঢ়োৱাৰ বাবে নিৰ্দেশ দিয়ে। সময় নিৰ্দিষ্ট কাৰ্যপৰিকল্পনা যুগুত কৰি লগতে অৱশিষ্ট প্ৰতিটো কাম আগবঢ়োৱাৰ গৌতম কনষ্ট্ৰাকচন আৰু নিৰ্মাণ কাৰ্য তদাৰকৰ দায়িত্বত থকা লোক নিৰ্মাণ (গৃহ) বিভাগক দিহা দিয়ে মন্ত্ৰীগৰাকীয়ে। বিলম্ব নঘটাকৈ নিৰ্মাণ কাৰ্য যাতে আগবাঢ়ে, সেই নিয়মীয়াকৈ নজৰ ৰাখিবলৈ জিলাৰ উপায়ুক্তক স্বাস্থ্যমন্ত্ৰী মহন্তই দায়িত্ব দিয়ে। বৈঠকত মন্ত্ৰী মহন্তই চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণকাৰ্য ২০২৫ চনৰ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰিবই লাগিব বুলিও নিৰ্মাণকাৰী প্ৰতিষ্ঠান আৰু লোক নিৰ্মাণ (গৃহ) বিভাগক স্পষ্ট কৰি দিয়ে।

ভূৰাগাঁৱত মথাউৰি পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰীৰ

মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ বালিডুঙা মথাউৰি আজি পৰিদৰ্শন কৰে জিলাখনৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।WhatsApp Image 2023 06 22 at 8.45.26 PM মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্য পৰিদৰ্শনৰ পাছতে অভিভাৱক মন্ত্ৰীগৰাকীয়ে উপায়ুক্ত দেৱাশীষ শৰ্মা আৰু আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসৰ সৈতে মথাউৰিটোৰ বৰ্তমানৰ অৱস্থা পৰিদৰ্শন কৰে। মথাউৰি পৰিদৰ্শনৰ সময়ত জলসম্পদ বিভাগৰ মৰিগাঁও সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা লোচন চৌধুৰী, ৰাজহ চক্ৰ বিষয়া পিয়ঙ্কা বণিয়া আৰু জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ ফণী পাঠকো উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে মথাউৰিটো পৰিভ্ৰমণ কৰি সামগ্ৰিক পৰিৱেশ তথা মথাউৰিৰ অৱস্থাৰ চাক্ষুক বুজ লোৱাৰ লগতে স্থানীয় লোকৰ সৈতেও মত বিনিময় কৰে। তদুপৰি মথাউৰিৰ সমীপত জলসম্পদ বিভাগে চলাই থকা খহনীয়া প্ৰতিৰোধী কামকাজো নিৰীক্ষণ কৰে স্বাস্থ্য মন্ত্ৰী তথা অভিভাৱক মন্ত্ৰীগৰাকীয়ে। ইফালে, আজিৰ পৰিদৰ্শনকালতে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে বাৰিষাৰ সময়ছোৱাত অঞ্চলবাসী নদীপৰীয়া ৰাইজৰ সুবিধা হোৱাকৈ স্বাস্থ্যসেৱা শিবিৰৰ ব্যৱস্থা কৰিবলৈ জিলা স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More