তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনলৈ আহিব ভাৰতৰ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু

0 17

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ,২৩ জুন : তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক শম্ভু নাথ সিঙে যোৱা ২১ জুনত ভাৰতৰ  ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুক নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰে।ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকীক সাক্ষাৎ কালত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক শম্ভু নাথ সিঙে তেজপুৰ বিশ্ববিদ্যালয়ৰ বিভিন্ন কাৰ্যক্ৰমণিকা সন্দৰ্ভত ৰাষ্ট্ৰপতি গৰাকীক অৱগত কৰাৰ লগতে ছাত্ৰ গৱেষক, আৰু শিক্ষাবিদসকলৰ বাবে এক সজীৱ পৰিৱেশ তন্ত্ৰ সৃষ্টিৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়খনে গ্রহণ কৰা প্ৰচেষ্টাৰ এক আভাস দাঙি ধৰে। উল্লেখ্য যে ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকী ভিজিটৰ্চ হিচাবে থকা তেজপুৰ বিশ্ববিদ্যালয়ে বিগত ২০১৬ চনত সম্মানীয় ভিজিটৰ্চ এৱাৰ্ড লাভ কৰাৰ লগতে ইতিমধ্যে বিশ্ববিদ্যালয়খনৰ তিনিগৰাকী অধ্যাপকে গৱেষণা ক্ষেত্ৰত উল্লেখনীয় গৱেষণা-কৃতীৰ বাবে সম্মানীয় ভিজিটচ এৱাৰ্ড লাভ কৰাৰ বিষয়েও ৰাষ্ট্ৰপতি গৰাকীক অধ্যাপক সিঙে অৱগত কৰে।উপাচাৰ্যগৰাকীয়ে আগন্তুক বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনলৈ ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি গৰাকীক আমন্ত্রণ জনোৱাত ৰাষ্ট্ৰপতি মূৰ্মূৱে বিশ্ববিদ্যালয়খনৰ আমন্ত্ৰণ গ্ৰহণ কৰি তেজপুৰ বিশ্ববিদ্যালয় ভ্ৰমণৰ ইচ্ছা প্ৰকাশ কৰে বুলি উপাচাৰ্য অধ্যাপক শম্ভু নাথ সিঙে জানিবলৈ দিয়ে । ৰাষ্ট্ৰপতি মুৰ্মূৱে সকলোৰে বাবে সামগ্রিক শিক্ষাৰ বাবে অনুকূল পৰিৱেশ ৰচনাৰ ক্ষেত্ৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰচেষ্টাক শলাগ লৈ এই পৰিৱেশ অক্ষুণ্ণ ৰখাৰ বাবে বিশ্ববিদ্যালয়খনৰ লগত জড়িত সকলোকে কঠোৰ পৰিশ্ৰমেৰে নিজা কৰ্তব্যত ব্ৰতী হবলৈ আহ্বান জনায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More