লখিমপুৰৰ ফুলবাৰীত প্ৰধান শিক্ষকৰ প্ৰহাৰত কণমানি ছাত্ৰী আহতঃ প্ৰতিক্ৰিয়া

0 22

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৪ জুনঃ লখিমপুৰ জিলাৰ ফুলবাৰীৰৰ ১ নং ধেমাগড় প্ৰাথমিক বিদ্যালয়ত আজি বিদ্যালয়খনৰ প্ৰধান শিক্ষক বাবুল মুদৈয়ে তেওঁৰে কণমানি ছাত্ৰী নয়ন্দিতা বৰদলৈক উপৰ্যুপৰি প্ৰহাৰ কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনে প্ৰথম শ্ৰেণীৰ ছাত্ৰী নয়ন্দিতা বৰদলৈক এনেদৰে প্ৰহাৰ কৰা ঘটনাই অভিভাৱকক ক্ষোভিত কৰি তুলিছে৷ প্ৰাপ্ত তথ্য অনুসৰি কাণমানি ছাত্ৰীগৰাকীয়ে এটা প্ৰশ্নৰ উত্তৰ কৰিব নোৱাৰাৰ বাবেই এনেদৰে শিক্ষক গৰাকীয়ে ছাত্ৰীগৰাকীক প্ৰহাৰ কৰাত কণমানি ছাত্ৰীগৰাকী আহত হয়৷ নাওবৈচা সমষ্টিৰ ফুলবাৰী অঞ্চলৰ ১ নং ধেমাগড়ৰ নিবাসী দিগন্ত বৰদলৈৰ কন্যা নয়ন্দিতা বৰদলৈয়ে আজি শিক্ষকজনৰ প্ৰহাৰত শৰীৰৰ বিভিন্ন স্থানত আঘাতপ্ৰাপ্ত হয়৷ এই ঘটনাৰ পিছতে ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃয়ে বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনৰ ঘৰলৈ গৈ ছাত্ৰীগৰাকীক এনেদৰে প্ৰহাৰ কৰাৰ কাৰণ জানিব বিচাৰে যদিও প্ৰধান শিক্ষকজনৰ পত্নীয়ে ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃক অভব্য আচৰণ কৰে৷ অতি দৰিদ্ৰ পৰিয়ালটোৰ পিতৃ-মাতৃয়ে এই সমগ্ৰ ঘটনাৰ উচিত ন্যায়ৰ দাবী তুলিছে৷ উল্লেখ্য যে ছাত্ৰীগৰাকীক এনেদৰে প্ৰহাৰ কৰা ঘটনাক লৈ সমগ্ৰ ধেমাগড় অঞ্চলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু কণমানি ছাত্ৰীগৰাকীক এনেদৰে প্ৰহাৰ কৰাৰ ঘটনা অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰি বিভিন্নজনে শিক্ষকজনৰ ওপৰত বিহীত ব্যৱস্থাৰ দাবী জনাইছে৷ উল্লেখ যে ছাত্ৰীগৰাকীক প্ৰহাৰ কৰা ঘটনাৰ ২৪ ঘণ্টা উকলি যোৱাৰ পিছতো জিলা প্ৰাথমিক শিক্ষা বিষয়া, খণ্ড প্ৰাথমিক শিক্ষা বিষয়াই কোনো পদক্ষেপ লোৱা নাই৷ এই ক্ষেত্ৰত অভিযুক্ত প্ৰধান শিক্ষকগৰাকীয়ে অভিভাৱকৰ লগত বুজাপৰাৰ চেষ্টা অব্যাহত ৰাখিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More