লোভৰ বাবেই বিপদত দিল্লীৰ দুই ব্যৱসায়ীঃ আচল টকাৰ বিনিময়ত নকল টকাৰ বেহা শোণিতপুৰত

0 14

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৪ছেপ্টেম্বৰঃ তেজপুৰ সদৰ থানাৰ অন্তৰ্গত কচু বিলৰ পৰা ১০ লাখ প্ৰকৃত টকাৰ বিপৰীতে নকল ২০ লাখ টকা নিবলৈ আহি এতিয়া হাবাথুৰি খাবলগীয়া হৈছে দিল্লীৰ দীপক জৈন আৰু পুনিত জৈন নামৰ দুজন লোক। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, যোৱা দুই ছেপ্টেম্বৰত কচু বিলৰ উত্তম কোছৰ পৰা প্ৰকৃত টকাৰ বিনিময়ত নকল টকা নিবলৈ আহিছিল দিল্লীৰ লোক দুজন৷উল্লেখযোগ্য যে,ইয়াৰ পূৰ্বেও শোণিতপুৰত নকল টকা ছপা কৰা অপৰাধী চক্ৰ আৰক্ষীৰ অভিযানত কৰায়ত্ত হোৱাৰ নজিৰ আছে৷কিন্তু সম্প্ৰতি এই চক্ৰৰ যোগাযোগ বহিৰাজ্যৰ অসাধু চক্ৰৰেও আৰম্ভ হৈছে আৰু এইদৰেই দিল্লীৰ দুই জৈনৰ স’তে হোৱা যোগাযোগ আৰু দুইপক্ষৰ মাজত হোৱা বুজাবুজিৰ ভিত্তিত নকল টকাৰ ব্যৱসায় কৰা বুলি ঘটনাৰ মূল অভিযুক্ত উত্তম কোছে আন সহযোগীৰ সহযোগত দিল্লীৰ দুই জৈনক মোবাইল পেৰ জৰিয়তে ১০লাখ টকা আগতীয়াকৈ দিবলৈ বাধ্য কৰে।ইয়াৰ পিছত চুক্তি অনুসৰি দিল্লীৰ লোক দুজনে নকল টকা লবলৈ কচুবিলত উপস্থিত হয় যদিও তেওঁলোকে নিবলৈ অহা নকল টকা লাভ নকৰাত উপায়ান্তৰ হৈ আৰক্ষীৰ কাষ চাপি সবিশেষ প্ৰকাশ কৰে৷উল্লেখযোগ্য যে,দিল্লীৰ লোকদুজনে নিজকে ব্যৱসায়ী বুলি পৰিচয় দিছে৷ পিছত দিল্লীৰ দুই ব্যৱসায়ীৰ এজাহাৰৰ ভিত্তিত অভিযুক্ত উত্তম কোছৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে নকল পাঁচশ টকীয়া নোটৰ ছয়-সাত হেজাৰ টকা উদ্ধাৰ কৰাৰ লগতে পাঁচশ টকীয়া নোটৰ জোখত কটা কাগজৰ বান্দিল উদ্ধাৰ কৰিবলৈ সক্ষম হয়।কিন্তু আৰক্ষীৰ অভিযানৰ পূৰ্বেই পলায়ন কৰে অভিযুক্ত কোছে৷ সম্প্ৰতি আৰক্ষীয়ে পলাতক উত্তম কোছৰ সন্ধানত অভিযান আৰম্ভ কৰিছে। কিন্তু প্ৰকৃত ধনৰ বিনিময়ত দুগুণ পৰিমানৰ নকল টকা লাভৰ আশাত বন্দীহৈ প্ৰথমতে সকলো কাম গোপনে কৰি এতিয়া নিজৰ প্ৰকৃত ধনো হেৰুৱাই বিপদত পৰা দিল্লীৰ দুইজন লোকৰ উদ্দেশ্যও যে সৎ নাছিল সেয়া স্পষ্ট হৈছে যদিও এইপৰ্যন্ত দিল্লীৰ লোক দুজনক গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More