সকলো নিৰ্বাচনত ভোট বৰ্জনৰ সকীয়নি ঘূনাসুঁতিবাসীৰ

 সমষ্টিৰ সীমা নিৰ্ধাৰণক লৈ উত্তাল সোৱণশিৰি

0 65
  • ঘূনাসুঁতিত বৃহৎ প্ৰতিবাদী সভা
  • সোৱণশিৰি পঞ্চায়তত যুদ্ধ সদৃশ পৰিস্থিতি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ২৫ জুনঃWhatsApp Image 2023 06 25 at 8.09.08 PM ভাৰতৰ নিৰ্বাচনী আয়োগে সমষ্টি সীমা নিৰ্ধাৰণৰ বাবে প্ৰস্তুত কৰা খচৰাখনক কেন্দ্ৰ কৰি উত্তাল হৈ পৰিছে সোৱণশিৰিৰ চৌদিশ ৷ সোৱণশিৰিৰ বুকু দুফাল কৰি ভাৰতীয় নিৰ্বাচনী আয়োগে বে-আইনীভাৱে খচৰা প্ৰস্তুত কৰা বুলি সোৱণশিৰিপৰীয়া ৰাইজে অভিযোগ তুলি ক্ৰমশঃ আন্দোলনমুখী হৈ পৰিছে আৰু খং আৰু ক্ষোভত ফাটি পৰিছে৷ আজি লখিমপুুৰ জিলাৰ লখিমপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ঘূনাসুঁতি পঞ্চায়তত ভাৰতীয় নিৰ্বাচনী আয়োগে সমষ্টিৰ পুনৰ সীমা নিৰ্ধাৰণক লৈ প্ৰস্তুত কৰা খচৰা বিৰুদ্ধে সৰ্বদলীয় বৃহৎ প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰে৷ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা প্ৰতিবাদী বৃহৎ ৰাজহুৱা সভাত উপস্থিত ৰাইজে ভাৰতীয় নিৰ্বাচনী আয়োগ মুৰ্দাবাদ, লখিমপুৰ বিধানসভা সমষ্টি আমাক লাগিবই, দুখন নদী তিনিটা বিধানসভা সমষ্টি পাৰ কৰি নাওবৈচালৈ আমি কেতিয়াও নাযাওঁ, ঘূনাসুঁতিবাসীক চৰকাৰে কৰা অন্যায়-অত্যাচাৰ বন্ধ কৰক, আমাৰ দাবী ন্যায্য দাবী আদি শ্ল’গান দি ঘূনাসুঁতিৰ আকাশ-বতাহ কঁপাই তোলে ৷ প্ৰতিবাদী সভাত ৰাইজে কয়- লখিমপুৰ বিধানসভা সমষ্টিৰ পৰা নাওবৈচা বিধানসভাত ঘূনাসুঁতি পঞ্চায়তক অন্তৰ্ভুক্ত কৰাটো ভাৰতীয় নিৰ্বাচনী আয়োগৰ ঐতিহাসিক ভুলেই নহয় ই অক্ষমণীয় অপৰাধ৷ ঘূনাসুঁতি পঞ্চায়তখন ভৌগোলিক, ঐতিহাসিক আৰু ৰাজনৈতিকভাৱে লখিমপুৰ বিধানসভা সমষ্টিত সংপৃক্ত৷ তাতেই লখিমপুৰ জিলাৰ সদৰখনো ঘূনাসুঁতিৰ কাষতে লাগি আছে৷ লখিমপুৰ বিধানসভা সমষ্টিৰ লগত ঘূনাসুঁতিৰ মানুহৰ আত্মীয়তা, সহনশীলতা যুগ যুগ ধৰি চলি আহিছে ৷ এনেক্ষেত্ৰত দুটা বিধানসভা সমষ্টি আৰু দুখন নদী পাৰ কৰি প্ৰায় ১৭০ কিলোমটাৰ নিলগৰ নাওবৈচা বিধান সভা সমষ্টিলৈ ঘূনাসুঁতিবাসীক ঠেলি দিয়াটো কোনোপধ্যেই ঘূনাসুঁতিবাসীয়ে মানি নলয় ৷ তেজৰ নৈ বোৱাই হ’লেও তেওঁলোকে লখিমপুৰ বিধানসভা সমষ্টিতে বিলীন হৈ থাকিব বুলি আজি ৰাজহুৱা প্ৰতিবাদী সভাৰ দ্বাৰা ভাৰতীয় নিৰ্বাচনী আয়োগ আৰু অসম চৰকাৰক স্পষ্ট কৰি দিয়ে ৷ প্ৰণিধানযোগ্য যে ঘূনাসুঁতি পঞ্চায়তক যদি নিৰ্বাচনী আয়োগৰ খচৰা মতে নাওবৈচা বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত কৰা হয় তেন্তে গ্ৰাম্য পথেদি গ’লে সোৱণশিৰি আৰু ৰঙানদী দুয়োখন বিশাল নদী তুলুঙা নাৱৰে পাৰ হৈ যাব লাগিব ৷ যদি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যায় তেন্তে ঢকুৱাখনা, লখিমপুৰ ৰঙানদী পাৰ কৰি নাওবৈচালৈ যাব লাগিব৷ প্ৰতিবাদী সভাত তেওঁলোকে দুখেৰে কয়- স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ পাছত ঘূনাসুঁতিবাসীয়ে লখিমপুৰ জিলাৰ সদৰলৈ সহজে অহা-যোৱা কৰিব পৰাকৈ এখন পকী দলং লাভ কৰিব বুলি উৎফুল্লিত হৈ আছিল ৷WhatsApp Image 2023 06 25 at 8.09.59 PM কিন্তু এই আনন্দ মাৰ নৌযাওঁতেই ঘূনাসুঁতিবাসীক নাওবৈচা বিধানসভা সমষ্টিলৈ ঠেলি দিয়াত এতিয়া ঘূনাসুঁতিবাসীয়ে তাক অক্ষমনীয়, অন্যায় বুলি ধৰি ল’বলৈ বাধ্য হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে৷ প্ৰতিবাদী সভাত ভাৰতৰ নিৰ্বাচনী আয়োগক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকাক বিষয়টোৰ ওপৰত স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাইছে ঘূনাসুঁতিবাসীয়ে ৷ উল্লেখনীয় যে, পানৈ-জংকিৰ দেশখ্যাত ঘূনাসুঁতি হৈছে অন্তহীন সমস্যাৰে ভাৰাক্ৰান্ত অঞ্চল ৷ যুগ যুগ ধৰি চৰকাৰ আৰু জনপ্ৰতিনিধি সকলৰ প্ৰতাৰণাৰ নিৰ্মম সাক্ষী ঘূনাসুঁতি ৷ গ্ৰামাঞ্চলৰ মাজত অহা-যোৱা কৰা পথবোৰৰ দুৰবস্থাৰ কথা বাদ দি জিলা সদৰলৈ অহা-যোৱা কৰিবলৈ পোনপটীয়া ৰাস্তা নাই ৷ এনে এটা অঞ্চলক নাওবৈচাৰ দৰে বহু নিলগত থকা বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত কৰি চৰকাৰে একপ্ৰকাৰ ঘূনাসুঁতিবাসী ৰাইজৰ উশাহ-নিশাহ ক্ৰমশঃ বন্ধ কৰি তিলতিলকৈ হত্যাৰ চেষ্টা চলাইছে ৷ প্ৰতিবাদী বৃহৎ ৰাজহুৱা সভাখন সভাপতিত্ব কৰে ঘূনাসুঁতি গাঁও পঞ্চায়তৰ সভাপতি বিকানন্দ মিলিয়ে ৷ সভাত বিজেপি, অগপ, কংগ্ৰেছ, গণশক্তি আৰু টি এম পি কে, কৃষক মুক্তি আদি সংগঠনৰ প্ৰতিনিধিৰ লগতে সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰে ৷ সভাৰ সিদ্ধান্ত অনুসৰি নিৰ্বাচনী আয়োগ আৰু অসম চৰকাৰে যদিহে ঘূনাসুঁতি পঞ্চায়তক নাওবৈচা বিধানসভা সমষ্টিত অন্তৰ্ভুক্তি বাতিল নকৰে তেন্তে ঘূনাসুঁতিবাসীয়ে সকলো নিৰ্বাচনত ভোট বৰ্জন কৰিব আৰু কোনো ৰাজনৈতিক নেতাই ঘূনাসুঁতিত প্ৰৱেশ কৰিব নোৱাৰিব ৷ একেদৰে নিৰ্বাচনী আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণক কেন্দ্ৰ কৰি সোৱণশিৰি পঞ্চায়ত আজি চাৰিদিন ধৰি যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈ আছে ৷ সোৱণশিৰি ৰাজহ চক্ৰৰ অন্তৰ্গত সোৱণশিৰি আৰু বৰ্ষামুখ, পঞ্চায়তৰ ৮ টা ৱাৰ্ডক নাওবৈচা সমষ্টিত অন্তৰ্ভুক্ত কৰাক কেন্দ্ৰ কৰি আঠটা ৱাৰ্ডৰ গাঁৱৰ ৰাইজৰ মাজত ঘনে ঘনে বৈঠক অনুষ্ঠিত হৈ আছে ৷ শ শ যুৱকে যুদ্ধংদেহি ৰূপ লৈ দিন-ৰাতি একাকাৰ কৰি মাইকৰ জৰিয়তে নিৰ্বাচনী আয়োগ আৰু অসম চৰকাৰৰ বিৰুদ্ধে ৰাইজৰ আগত প্ৰচাৰ চলাই থকাৰ লগতে সোৱণশিৰিৰ বুকু দুফাল কৰি ভাৰতীয় নিৰ্বাচনী আয়োগে সোৱণশিৰিৰ ঐতিহ্যত আঘাত হানিব বিচৰাৰ পৰিণাম ভয়ংকৰ হ’ব বুলি সকীয়াই দিছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More