লটাৰী-কাণ্ডত জড়িত তিনিচুকীয়াৰ ২ সাংবাদিক ৰঙাঘৰলৈ

0 65

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৫ জুন :IMG 20230625 WA0033 দিনচেৰেক পূৰ্বে তিনিচুকীয়াৰ বৈদ্যুতিন মাধ্যমৰ অমিত গগৈ নামৰ এক সংবাদকৰ্মীক আৰক্ষীয়ে খাৰুৱা তেল চুৰি চক্ৰৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পাছত এইবাৰ উপহাৰ কুপনৰ (লটাৰী) নামত প্রবঞ্চনাৰ জাল তৰি কোটি কোটি টকা আত্মসাতৰ অভিসন্ধি ৰচা চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগত পুনৰ গ্ৰেপ্তাৰ বৰণ কৰিছে তিনিচুকীয়াৰ তথাকথিত বৈদ্যুতিন মাধ্যমৰ আন দুই সংবাদকৰ্মীয়ে৷ সংবাদসেৱাৰ দৰে পবিত্ৰ বৃত্তিক কলুষিত কৰা তিনিচুকীয়াৰ আটকাধীন এই বিতৰ্কিত সংবাদকৰ্মীদ্বয় হৈছে ক্ৰমে সন্তোষ ফুকন আৰু সৌৰভ চৌধুৰী৷ ইয়াৰে সন্তোষ ফুকনে সাংবাদিকক মেনেজ কৰাৰ নামত প্ৰবঞ্চক চক্ৰটোৰ পৰা লক্ষাধিক টকা সৰকোৱাৰ বিপৰীতে সৌৰভ চৌধুৰীয়ে নিজেই লটাৰী টিকট বিক্ৰী কৰি কেইবালাখো টকা উদৰস্থ কৰা বুলি অভিযোগত প্ৰকাশ ৷ প্ৰবঞ্চক চক্ৰটোৰ বিৰুদ্ধে আজিও অব্যাহত আছে তিনিচুকীয়া আৰক্ষীৰ অভিযান৷ ইতিমধ্যে আজিলৈকে এই সন্দৰ্ভত সংবাদকৰ্মীসহ ১০ ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে ৷ জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ ধন, কেইবাখনো বিলাসী চাৰিচকীয়া বাহন, দুচকীয়া বাহন আৰু হাজাৰ হাজাৰ লটাৰী টিকট ৷ ইয়াৰোপৰি ফ্ৰীজ কৰা হৈছে একাধিক একাউণ্ট৷ শনিবাৰে পুৱতি নিশা প্ৰবঞ্চক চক্ৰটোৰ অন্যতম চাৰি খলনায়ক ক্ৰমে হৃদয় কুৰ্মী, গুণদ্বীপ চেতিয়া, নীলপৱন চেতিয়া আৰু মুন বৰুৱাক শ্বিলঙৰ পৰা ভাৰা গাড়ীৰে আহি থকাৰ সময়ত তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ ইয়াৰ পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শিৱসাগৰৰ মানৱজ্যোতি নাথ, দীপাংকৰ নাথ, ৰিংকু নাথ আৰু তিনিচুকীয়াৰ পাৰ্থ প্ৰতিম চেতিয়াক ৷ অৱশ্যে মূল অভিযুক্ত ভাস্কৰ নাথক আজিও জালত পেলাবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷ স্মৰ্তব্য, তিনিচুকীয়াৰ ২নং কদমনি নামঘৰ আৰু হৰি নাম চৰ্চা কেন্দ্ৰৰ সাহায্যার্থে এখন উপহাৰ কুপন অনুষ্ঠিত কৰাৰ আচিলাৰে মে’ মাহৰ পৰাই এই প্ৰবঞ্চক চক্ৰটোৱে তিনিচুকীয়া, দুলীয়াজান, যোৰহাট, মাজুলী, ধেমাজি আদি অঞ্চলত এশ টকীয়া কুপন বিক্ৰী কৰি কোটি কোটি টকা সংগ্ৰহ কৰিছিল ৷ কিন্তু খেলখন অনুষ্ঠিত কৰাৰ বাবে আয়োজক সমিতিয়ে প্রশাসন তথা আৰক্ষীক যাৱতীয় নথি-পত্ৰ দিয়াত ব্যর্থ হোৱাত তিনিচুকীয়া আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে ২৯ মে’ত উপহাৰ কুপন খেলখন অনুষ্ঠিত কৰাত বাধা আৰোপ কৰে ৷ আৰক্ষীৰ বাধা সত্বেও ১১ জুনত খেল অনুষ্ঠিত কৰিবলৈ যো জা চলোৱাৰ সময়তে পুনৰ তিনিচুকীয়া আৰক্ষীৰ হস্তক্ষেপত আয়োজক সমিতিয়ে খেল স্থগিত ৰাখিবলৈ বাধ্য হয় ৷ কিন্তু খেল স্থগিত ৰাখিব লগা হোৱাৰ প্ৰকৃত কাৰণ গোপনে ৰাখি অধিকাংশ কুপন জমা নোহোৱাৰ অজুহাত দেখুৱাই আয়োজক সমিতিয়ে উপহাৰ কুপন খেলখন ১৮ জুনত অনুষ্ঠিত হ’ব বুলি সামাজিক মাধ্যমৰ জৰিয়তে ঘোষণা কৰে ৷ আশ্চর্যজনক ভাৱে আয়োজক সমিতিৰ একাংশ, ২ নং কদমনি নামঘৰৰ পৰিচালনা সমিতি তথা ৰাইজক সম্পূর্ণ অন্ধকাৰত ৰাখি উক্ত দিনা পুৱাৰ ভাগত উপহাৰ কুপন খেলখনৰ ফলাফলৰ এখন তালিকা সামাজিক মাধ্যমত প্ৰচাৰ কৰা হয় ৷ প্ৰকৃততে উপহাৰ কুপন খেলখন ক’ত অনুষ্ঠিত হ’ল বা খেলখন কোনে পৰিচালনা কৰিলে সেই সন্দৰ্ভত সম্পূর্ণ অজ্ঞ ২নং কদমনি গাঁৱৰ ৰাইজ ৷ লটাৰী-কাণ্ডত ধৃত ব্যক্তিয়ে আৰক্ষীৰ আগত প্ৰকাশ কৰা মতে গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুৰ সমীপত সমগ্ৰ প্ৰবঞ্চনা চক্ৰৰ মূল কাণ্ডাৰী ভাস্কৰ নাথে ঠিক কৰি দিয়া এটা ঘৰত গোপনে মাজনিশা খেল অনুষ্ঠিত কৰা হৈছিল ৷ আনহাতে প্রবঞ্চক চক্ৰটোৱে প্ৰকাশ কৰা উপহাৰ কুপন খেলখনৰ ফলাফলৰ তালিকাত শৰৎ চাংমাই নামৰ বিজেপিৰ এজন পালিনেতাই কৰা হস্তাক্ষৰক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ ফলাফলৰ তালিকাত ২নং কদমনি নামঘৰৰ ছীল মোহৰ পৰ্যন্ত ব্যৱহাৰ কৰা হৈছিল ৷ তিনিচুকীয়া ২নং কদমনি নামঘৰৰ সাহায্যার্থে আয়োজিত উপহাৰ কুপন খেলখনৰ সৈতে নাম সাঙোৰ খাই থকা ভাস্কৰ নাথৰ বিৰুদ্ধে পূৰ্বেও এনে অভিযোগ উত্থাপিত হোৱা বুলি প্ৰকাশ। সূত্ৰমতে শিৱসাগৰৰ ভাস্কৰ নাথে এনেধৰণৰ উপহাৰ কুপনৰ নামত ৰাইজৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰি প্রবঞ্চনা কৰাৰ অভিযোগ আছে ৷ সেই অনুসৰি দৰং জিলাৰ দিপীলাত উপহাৰ কুপনৰ নামত প্ৰবঞ্চনাৰে ধন সৰকোৱা নাথে এইবাৰ তিনিচুকীয়া লাইপুলিৰ খৰিকটীয়া গাঁৱৰ হৃদয় কুৰ্মী নামৰ এজন লোকক লগত লৈ প্ৰবঞ্চনাৰ জাল তৰে ৷ ইফালে উপহাৰ কুপন খেল অনুষ্ঠিত কৰাত বাধা আৰোপ কৰি তিনিচুকীয়া আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰা সত্বেও আয়োজক সমিতিৰে নাম সাঙোৰ খাই থকা ভাস্কৰ নাথ আৰু হৃদয় কুৰ্মীৰ দৰে প্ৰবঞ্চকৰ বিৰুদ্ধে সময়তে কোনো ব্যৱস্থা গ্ৰহণ কৰা দৃষ্টিগোচৰ নহ’ল ৷ অৱশ্যে খেলৰ ফলাফলৰ তালিকা প্রকাশ পোৱাৰ লগে লগে আৰক্ষীয়ে তিনিচুকীয়াৰ ২নং কদমনি নামঘৰৰ উপহাৰ কুপন খেলখনৰে জড়িত কৰ্মকৰ্তাসকলৰ বিৰুদ্ধে পুনৰ অপৰাধ জনিত গোচৰ ৰুজু কৰি ক্ষিপ্ৰ তদন্ত অব্যাহত ৰাখিছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More