হেলমেট পিন্ধিলেও কিয় ভৰিবলগীয়া হ’ব পাৰে জৰিমনা

জানি লওক নতুন মটৰ ভেহিকল আইনৰ নিয়ম

0 78

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ মে’ : সকলো বাইক আৰোহীৰেই একেই কথা, পুলিচ কর্মীসকলে যদি চালান কটাৰ ইচ্ছা কৰে, তেতিয়া হ’লে অৱশ্যেই তেওঁলোকে চালান কাটিবই। গাড়ীৰ সকলো কাগজপত্র থাকিলেও, হেলমেট বা মাস্ক পিন্ধা থাকিলেও কিবা নহয় কিবা এটা কাৰণ বিচাৰি চালান কাটে বুলি অভিযোগ উঠি আহিছে। সেয়ে জানি লওক এতিয়াই মটৰ ভেহিকল আইনত এনে এক নিয়ম কৰা হৈছে, যাৰ অধীনত আপুনি যদি হেলমেট পিন্ধিও মটৰচাইকেল চলায় আৰু ট্রেফিক পুলিচৰ হাতত ধৰা পৰে, তেতিয়াও হেলমেটৰ বাবে চালান কটা হ’ব। বিষয়টো বুজিব পাৰিছেনে বাৰু? আহক বিস্তাৰিতভাৱে জানি লওক যে, হেলমেট পিন্ধিলেও কিদৰে ট্রেফিক পুলিচে চালান কাটিব পাৰে আপোনাৰ।

* নতুন মটৰ ভেহিকল আইন কি?
আপুনি যদি নতুন মটৰযান আইন সম্পর্কে সচেতন নহয় তেতিয়া পুলিচৰ লগত বিভ্রান্ত নোহোৱাকৈ তথ্য জানি লওক। নতুন নিয়ম অনুযায়ী, হেলমেট পিন্ধিলেও দুহেজাৰ টকা চালান কটাবলগীয়া হ’ব পাৰে। নিয়ম 94D MBA অনুযায়ী, আপুনি যদি হেলমেটেৰ স্ট্রিপ নবন্ধাকৈ থাকে, তেতিয়া এক হাজাৰ টকাৰ চালান হ’ব। একেদৰে, আপুনি যদি বিআইএছ চিহ্ন অবিহনে হেলমেট পিন্ধি থাকে, তেন্তে এক হাজাৰ টকাৰ চালান কটা হ’ব। সামগ্রিকভাৱে, নতুন মটৰ যান আইন অনুযায়ী গাড়ী চালনাৰ সময়ত দুর্ঘটনা এৰাই চলিবলৈ হেলমেট পিন্ধাটোৱেই যথেষ্ট নহয়। তদুপৰি হেলমেট সঠিকভাৱে পিন্ধা আৰু সঠিক মানৰ পিন্ধাটো খুবেই গুৰুত্বপূর্ণ। যদি এনে নহয়, তেন্তে আপুনি চালান কটাবলগীয়া হ’ব পাৰে।

* অভাৰলোডিঙৰ বাবে ২০ হাজাৰ টকাৰ চালান
নতুন মটৰযান আইন অনুযায়ী, গাড়ীত অভাৰলোড পোৱা গ’লে ২০ হাজাৰ টকা জৰিমনা হ’ব পাৰে। প্রতিটন অতিৰিক্তৰ বিপৰীতে ২০০০ টকা জৰিমনা ধার্য কৰা হ’ব। তদুপৰি নতুন নির্দেশত ইণ্ডিয়ান ষ্টেণ্ডডাৰ্ডছ এক্ট ২০১৬-ৰ(BIS) অধীনত কোৱা হৈছে যে, চালকে নিশ্চিত কৰিব লাগিব যে, ৯ মাহৰ পৰা চাৰি বছৰ বয়সীয়া যদি যাত্রী হিচাবে মটৰচাইকেলত যাবলগীয়া হয়, তেতিয়াহ’লে শিশুসকলে তেওঁলোকৰ উপযোগী আৰু মূৰত খাপ খাই পৰা মানসন্মত হেলমেট ব্যৱহাৰ কৰিব লাগিব। কোনো মটৰচাইকেলত যদি চাৰি বছৰৰ ভিতৰৰ কোনো শিশু থাকে, তাতিয়াহ’লে মটৰচাইকেলৰ স্পীড থাকিব লাগিব ঘণ্টাত ৪০ কিলোমিটাৰ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More