২০জুনৰ আন্তঃৰাষ্ট্ৰীয় বিধবা দিৱসৰ দিনা ১৫০০০ বিধবা মহিলাক ১৫ হাজাৰকৈ ধন প্ৰদান

উপায়ুক্ত সন্মিলনৰ অন্তত নিশা মুখ্যমন্ত্ৰীৰ সংবাদ মেলঃ  পৰৱৰ্তী উপায়ুক্ত সন্মিলন তিনিচুকীয়াত

0 34

শতাব্দ প্ৰতিনিধি, তেজপুৰ ১৪জুনঃ সাংস্কৃতিক নগৰী তেজপুৰ বাটমাৰী সভা কক্ষত যোৱা ১১জুনৰ পুৱাৰে পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা ৰাজ্যৰ ৩৫খন জিলাৰ জিলা উপায়ুক্ত সকলৰ সন্মিলন কালি নিশা ১০:৩০বজাত সামৰণি পৰে। সন্মিলনৰ পিছত নিশা সভা গৃহতে অনুষ্ঠিত হোৱা এক সংবাদ মেলত মুখ্যমন্ত্ৰী শৰ্মাই ছমাহৰ অন্তৰে চৰকাৰৰ বিভিন্ন আচঁনিৰ ৰূপায়ন, বিতং পৰ্য্যালোচনাৰ বাবে অনুষ্ঠিত কৰা উপায়ুক্ত সকলৰ পৰবৰ্তী সন্মিলন তিনিচুকীয়া জিলাত অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰে। সংবাদ মেলত মুখ্যমন্ত্ৰী গৰাকীয়ে অহা ১৫জুলাইৰ পৰা এমাহজোৰা কাৰ্য্যসূচীৰে ৰাজ্যত অৰুণোদয় মাহ পালন কৰা হ’ব আৰু উক্ত মাহত এন চি চি /এন এচ এচ অথবা চৰকাৰী কৰ্মচাৰী হিতাধিকাৰীৰ ঘৰলৈ গৈ হিতাধিকাৰীৰ যোগ্যতা নিৰূপন কৰিব আৰু এই ক্ষেত্ৰত ২২লাখ অৰুণোদয়ৰ হিতাধিকাৰীৰ মাজৰ পৰা যোগ্যতা হেৰুওৱা হিতাধিকাৰীৰ স্থানত নতুনকৈ নাম অন্তৰ্ভুক্ত কৰাৰ লগতে চৰকাৰে আৰু ছয় লাখ নতুন হিতাধিকাৰী সংযোজিত কৰি হিতাধিকাৰীৰ সংখ্যা ২৬লাখলৈ বৃদ্ধি কৰা, মিচন ভূমি পুত্ৰৰ অধীনত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীক উপায়ুক্তৰ জৰিয়তে বিদ্যালয়তে OBC,ST,STৰ জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰা ,আৰোহণৰ জৰিয়তে প্ৰতি বিদ্যালয়ৰ মেধাবী ছাত্ৰ ছাত্ৰীক চিনাক্ত কৰি উপায়ুক্তৰ নিৰীক্ষনত মেন্টৰৰ জৰিয়তে শিক্ষা প্ৰদান আৰু কৃষিৰ ক্ষেত্ৰত কৃষক সন্মান নিধি,ফচল বীমা যোজনা আৰু জৈৱ কৃষি কাৰ্য্যৰ ওপৰত আলোচনা কৰাৰ কথা ব্যক্ত কৰে। সংবাদ মেলত ৰাজ্যত মিচন বসুন্ধৰা দুইৰ অধীনত চৰকাৰী ভূমিত বহি থকা সকলক ম্যাদী পট্টা দিয়াৰ লগতে একচনা পট্টাৰ মাটিৰ পট্টাদাৰক ম্যাদী পট্টা দিয়া আৰু ভি জি আৰ আৰু পি জি আৰ মাটিত গাঁও পাতি থকা পুৰণা গাঁৱৰ লোক সকলক পট্টা দিয়াৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি কয়। সংবাদ মেলত মুখ্যমন্ত্ৰী গৰাকীয়ে উপায়ুক্তৰ সন্মিলনত কেইবাটাও বিষয় আলোচনাৰ কথা সদৰি কৰি ধান ক্ৰয়ৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপত চৰকাৰে যি উৎসাহ উদ্দীপনাৰ সৃষ্টি কৰিছে সেয়া অক্ষুণ্ণ থাকে তাৰ কাৰণে গুডাম কিমান বনাব লাগিব , মিল কিমান আনিব লাগিব, নতুনকৈ ধান ক্ৰয়ৰ চেন্টাৰ কৰিব লাগিব সেই বিষয়ে আলোচনা হয়। অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ উন্নয়নমূলক প্ৰকল্পৰ বাবে ভূমি অধিগ্ৰহণ বিষয়টো ৰাইজৰ লগত আলোচনা কৰি সৰলীকৃত কৰা ,বান পৰিস্থিতিৰ বিষয়ে আলোচনা, জল জীৱন মিচনৰ অগ্ৰগতি সম্পৰ্কে আলোচনা,গুণোৎসৱৰ বিষয়ে আলোচনা কৰাৰ লগতে কভিডোত্তৰ কালৰ জনসাধাৰণে স্বাস্থ্যৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিৰ বিষয়ে আলোচনাৰ লগতে কভিডৰ সময়ত হোৱা ক্ষতি কেনেকৈ মোকাবিলা কৰি আগৰ অৱস্থালৈ আনিব পাৰি সেই বিষয়ে বিতং আলোচনা কৰাৰ কথা ব্যক্ত কৰে। সংবাদ মেলত মুখ্যমন্ত্ৰী গৰাকীয়ে উপায়ুক্ত সন্মিলনত কৃষিৰ ক্ষেত্ৰত কৃষক সন্মান নিধি,ফচল বীমা যোজনা আৰু এফ পি অ”ৰ জৰিয়তে অৰগেনিক হৰটিকালচাৰ বিষয়ে আলোচনা কৰাৰ লগতে উদ্যোগ স্থাপনৰ বাবে প্ৰত্যেক জিলাত চৰকাৰী ভূমি সংৰক্ষণ বিষয়টো আলোচনা হয় বুলি ব্যক্ত কৰে।
আনহাতে প্ৰধানমন্ত্ৰীৰ সপোন অমৃত সৰোবৰ আৰু কৃষকৰ পৰা ধান ক্ৰয় বিষয়টো বিস্তাৰিত ভাবে আলোচনা হোৱাৰ কথা সাংবাদিকৰ আগত সদৰি কৰিছে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন,খাদ্য আৰু অসামৰিক যোগান গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসে। মন্ত্ৰী গৰাকীয়ে স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে অমৃত সৰোবৰ আচঁনিৰ অধীনত অসমৰ প্ৰতিখন জিলাত চাৰে সাত বিঘা মাটিৰ ৭৫টাকৈ পুখুৰী নিৰ্মাণ কৰা মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়নৰ যোজনাৰ অধীনত প্ৰতিটো পুখুৰীত ৯লাখ টকা ব্যয় কৰি ৩০০৭ টা পুখুৰী খন্দাৰ লগতে এম জি এন ৰেগাৰ অধীনত এনে পুখুৰীত তিনি তৰপীয়া বৃক্ষ ৰোপন কৰাৰ সিদ্ধান্তৰ কথা সদৰি কৰিছে। মন্ত্ৰী দাসে চৰকাৰে ধানৰ ন্যূনতম সমৰ্থন মূল্য কুইন্টলত ২০৪০টকালৈ বৃদ্ধি কৰাত পূৰ্বে প্ৰতি কুইন্টলত ১২০০-১৩০০ টকা দৰত ধান বিক্ৰী কৰা কৃষক সকল আৰ্থিকভাৱে লাভবান হ’ব বুলি কয়।
মন্ত্ৰী গৰাকীয়ে আগন্তুক ২৩জুনৰ আন্তঃৰাষ্ট্ৰীয় বিধবা দিৱসৰ দিনা ৰাজ্যখনৰ ১৫০০০হাজাৰৰো অধিক বিধবা মহিলাৰ প্ৰত্যেককে ১৫ হাজাৰ টকাকৈ প্ৰদান কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে উক্ত দিনাই জীৱিকা সখী, কৃষি সখীক স্কুটী প্ৰদান কৰিব বুলি কয়। মন্ত্ৰী গৰাকীয়ে এক ৰাষ্ট্ৰ এক ৰেছন কাৰ্ডৰ অধীনত হিতাধিকাৰী সকলৰ আধাৰ সংযোগ কৰা আৰু প্ৰকৃত হিতাধিকাৰী ভেৰিফিকেছনৰ ফলত এক লাখ পঞ্চাশ হাজাৰখন ৰেছন কাৰ্ড চাৰেণ্ডাৰ কৰা আৰু মুখ্যমন্ত্ৰীৰ অনুৰোধত আঢ়ৈ লাখ হিতাধিকাৰীয়ে ৰেছন কাৰ্ড চাৰেণ্ডাৰ কৰাৰ লগতে ৰেছন কাৰ্ড ভেৰিফিকেছনৰ সময়ত তিনি লাখ কৰ্তন কৰাত নতুনকৈ সাত লাখ কাৰ্ড দিব পৰা যাব বুলি কয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More