২০২৩ চনত সমাধান হ’ব অসম-অৰুণাচলৰ দীৰ্ঘদিনীয়া সীমা সমস্যা

অৰুণাচলত দুদিনীয়া কাৰ্য্যসূচীৰে গৃহমন্ত্ৰী শ্বাহ

0 20

ৰামকৃষ্ণ মিছন আশ্ৰমৰ স্বৰ্ণ জয়ন্তীত অংশগ্ৰহণ : মোডী চৰকাৰৰ ৮ বছৰত উত্তৰ-পূবৰ ৯০০০ যুৱকৰ অস্ত্ৰ ত্যাগ : উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ বাবে গৃহ মন্ত্ৰালয়ৰ তিনিদফীয়া এজেণ্ডা

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২১ মে’ : ২০২৩ চনৰ ভিতৰতে অসম আৰু অৰুণাচলৰ মাজৰ দীৰ্ঘদিনীয়া সীমা সমস্যাৰ এক সমাধান বাহিৰ কৰা হ’ব । আজি অৰুণাচলৰ টিৰাপ জিলাৰ দেওমালিৰ নৰোত্তম নগৰত ৰামকৃষ্ণ মিছন আশ্ৰম তথা ৰামকৃষ্ণ মিছন স্কুলৰ স্বৰ্ণ জয়ন্তী সমাৰোহত অংশগ্ৰহণ কৰি দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে এইদৰে কয় । তেওঁ কয় যে অসম আৰু মেঘালয়ৰ মাজত থকা সীমা বিবাদৰ শতকৰা ষাঠি ভাগ ইতিমধ্যে শান্তিপূৰ্ণভাৱে নিষ্পত্তি হৈছে । অনুৰূপ ধৰণে অসম আৰু অৰুণাচলৰ মাজৰ সীমা সমস্যাৰো আগন্তুক বৰ্ষৰ ভিতৰতে সমাধান সূত্ৰৰ সন্ধান কৰা হ’ব বুলি দেশৰ গৃহমন্ত্ৰীজনে উল্লেখ কৰে । অমিত শ্বাহে কয় যে উত্তৰ-পূব ভাৰতৰ দীৰ্ঘদিনীয়া একাধিক সমস্যাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰৰ আমোলত সৰলভাৱে সমাধানৰ পথ বাহিৰ কৰা হৈছে । মোডী চৰকাৰৰ ৮ বছৰীয়া কাৰ্য্যকালত উত্তৰ পূৰ্বাঞ্চলৰ ৯ হাজাৰ যুৱকে সশস্ত্ৰ পন্থা এৰি মূলসুঁতিলৈ উভতি আহিছে । দেশৰ উত্তৰ-পূব প্ৰান্তক বিবাদৰ পৰা মুক্ত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সকলো পদক্ষেপ গ্ৰহণ কৰিছে । উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ বাবে মোডী চৰকাৰৰ আমোলত দেশৰ গৃহ মন্ত্ৰালয়ে গ্ৰহণ কৰিছে তিনিদফীয়া এজেণ্ডা । প্ৰথমে, থলুৱা ভাষা-সংস্কৃতি, পৰম্পৰাগত নৃত্যগীত, খাদ্যাভাসৰ সংৰক্ষণ আৰু সমগ্ৰ ভাৰতত ইয়াক চহকীৰূপে প্ৰতিষ্ঠা কৰা, দ্বিতীয়তে, বিবাদমুক্ত, উগ্ৰবাদমুক্ত এক শান্তি, সমৃদ্ধিৰ উত্তৰ-পূবৰ ৰচনা আৰু তৃতীয়তে, উত্তৰ-পূবৰ আঠোখন ৰাজ্যক দেশৰ বিকশিত ৰাজ্যৰ তালিকাৰ শীৰ্ষ স্থানলৈ উন্নীত কৰা । এই লক্ষ্য আগত লৈ দেশৰ গৃহ মন্ত্ৰালয়ে কাম কৰি আছে বুলি তেওঁ কয় । উল্লেখ্য যে দুদিনীয়া অৰুণাচল ভ্ৰমণৰ কাৰ্য্যসূচী লৈ আজি পুৱা নতুন দিল্লীৰ পৰা বিশেষ বিমানেৰে ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত উপস্থিত হোৱাৰ পাছত হেলিকপ্টাৰযোগে কেন্দ্ৰীয় গৃহমন্ত্ৰী দেওমালি অভিমুখে ৰাওনা হয় । এই যাত্ৰাত তেওঁক সংগ দিয়ে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে । দেওমালিত অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দু, উপ-মুখ্যমন্ত্ৰী চৌনা মিন প্ৰমুখ্যে অৰুণাচল চৰকাৰৰ একাধিক মন্ত্ৰী আৰু শীৰ্ষ বিষয়াবৰ্গই গৃহমন্ত্ৰীক আদৰণি জনায় । দেওমালিৰ নৰোত্তম নগৰত ৰামকৃষ্ণ মিছন আশ্ৰম তথা ৰামকৃষ্ণ মিছন স্কুলৰ স্বৰ্ণ জয়ন্তী সমাৰোহত অংশগ্ৰহণ কৰি দেশৰ গৃহমন্ত্ৰীয়ে স্বামী বিবেকানন্দৰ এটি প্ৰতিমূৰ্ত্তিৰো উন্মোচন কৰে । গৃহমন্ত্ৰী অমিত শ্বাহে অৰ্ধশতিকা ধৰি এক দুৰ্গম প্ৰান্তত শিক্ষাৰ প্ৰসাৰ আৰু মানৱ সেৱাত ব্ৰতী হৈ অহা ৰামকৃষ্ণ মিছন আশ্ৰমৰ সন্ন্যাসী তথা দায়িত্ববাহীসকলক কৰযোৰে কৃতজ্ঞতা জ্ঞাপন কৰে । কাৰ্য্যসূচী অনুসৰি গৃহমন্ত্ৰীয়ে আজি চুবুৰীয়া ৰাজ্যখনৰ লোহিত জিলাত থকা হিন্দু ধৰ্মালম্বীসকলৰ পবিত্ৰ তীৰ্থস্থান পৰশুৰামকুণ্ডত ভগৱান পৰশুৰামৰ এটি ৫১ ফুট ব্ৰঞ্জৰ প্ৰতিমাৰ আধাৰশিলা স্থাপন কৰিব । আনহাতে দ্বিতীয় দিনা সেনা আৰু অন্যান্য নিৰাপত্তা বাহিনীৰ শীৰ্ষ বিষয়াবৰ্গৰ সৈতে আলোচনাৰ লগতে আন কেইবাটাও কাৰ্য্যসূচীত অংশগ্ৰহণৰ পাছত বিয়লি তেওঁ নতুন দিল্লীলৈ উৰা মাৰিব ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More