সম্পাদকীয়

ন ৰূপৰ শতাব্দ মুকলি

1 78

ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষত সকলোলৈ জনালোঁ আন্তৰিক অভিনন্দন। অসমীয়াৰ সাংস্কৃতিক আবেগ বিধৌত বছৰৰ এই পহিলা দিনটোতে আপোনালোকলৈ আগবঢ়াইছো ন ৰূপৰ শতাব্দ। শতাব্দৰ প্ৰকৃত ডিজিটেল যাত্ৰা আজিৰে পৰা আৰম্ভ হ’ল। শতাব্দ আজিৰে পৰা ৱেব ছাইটত উপলব্ধ হৈছে। shatabda.org লগ অন কৰিলেই বিশ্বৰ যিকোনো প্ৰান্ততে ডিজিটেল কাকতখন দেখা পাব। তদুপৰি পঢ়ুৱৈৰ সুবিধাৰ্থে শতাব্দৰ মোবাইল এপ প্ৰস্তুত কৰা হৈছে। google play storeত আজিৰে পৰা শতাব্দ এপ উপলব্ধ হৈছে। সেয়ে প্ৰতিজন পঢ়ুৱৈক মোবাইলত এপটো ডাউনলোড কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে প্ৰতিজনে নিজ আত্মীয়, বন্ধু-বান্ধৱক বিহুৰ উপহাৰ হিচাপে এপটো ডাউনলোড কৰি পঢ়িবলৈ/প্ৰত্যক্ষ কৰিবলৈ অনুৰোধ কৰিব বুলি আশা কৰিলো।

এপটো বিনামূলীয়াকৈ ডাউনলোড কৰিব পাৰিব আৰু পঢ়িবও পাৰিব।কিন্তু সকলো বা বাতৰি, এক্সক্লুিচভ বাতৰি বা গুৰুত্বপূৰ্ণ প্ৰবন্ধ বিনামূলীয়া নহব।সেয়ে একাংশ লেখা “ল’ক” হৈ থাকিব। অৱশ্যে যিসকল সন্মানীয় পঢ়ুৱৈয়ে ইতিমধ্যে এবছৰ বা ছমাহৰ বাবে মাচুল প্ৰেৰণ কৰি শতাব্দৰ যাত্ৰাত বিশিষ্ট বৰঙণি আগবঢ়াইছে, তেখেতসকলৰ বাবে কোনো বাতৰি ‘লক’ হৈ নাথাকিব। যোৱা জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰি ছমাহ বা এবছৰলৈকে এইসকল পঢ়ুৱৈৰ “মেম্বাৰশ্বিপ” অক্ষুণ্ণ থাকিব।
শতাব্দ পঢ়িব বিচৰা নতুন পঢ়ুৱৈয়ে shatabda.org বা শতাব্দ এপত নিজে ৰেজিষ্টাৰ কৰি পঢ়িব পাৰিব বা আমাৰ লগত যোগাযোগ কৰিলে সম্পূৰ্ণকৈ পঢ়াৰ ব্যৱস্থা কৰি দিয়া হব। আগ্ৰহী পাঠকে শতাব্দক আঁকোৱালি ললে অসমৰ সংবাদ জগতত ইতিবাচক বাতৰিৰে ভূমুকি মৰা তথা প্ৰবল প্ৰত্যাহ্বানেৰে এতিয়ালৈকে আগুৱাই থকা কাকতখনৰ শ্ৰীবৃদ্ধি ঘটিব।

নতুন বছৰটো সুস্বাস্থ্যৰে থাকক…
নতুন বছৰটোত ইতিবাচক মানসিকতাৰে আগবাঢ়ক…
নতুন বছৰৰ সংকল্পবোৰ বাস্তবায়িত হওক…
নতুন বছৰটোত ইতিবাচক বাতৰি আৰু জ্ঞান অন্বেষণৰ লেখাৰে মানসিকভাবে সমৃদ্ধ হওক আপোনাৰ জীৱন।
যান্ত্ৰিকতাৰ ব্যস্ততম দিনটোত আপুনি ক্ষন্তেক জিৰণী লওক শতাব্দৰ কোলাত। প্ৰতিশ্ৰুতি নিদিলেও আমি কব পাৰিম
দিনটোৰ এহালিচা সমস্যা আৰু ব্যস্ততাৰ মাজত শতাব্দই আপোনালৈ আনিব এচেৰেঙা আশা…

১ টা মন্তব্য
  1. Avatar of INDRAJIT GAM
    INDRAJIT GAM says

    ধন্যবাদ

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More