দ্বিতীয় বছৰত শতাব্দ

0 68

    স্বাগতম নৱবৰ্ষ ২০২৩। শতাব্দ ডি জি মিডিয়াই আজিৰ দিনটোতে দ্বিতীয় বৰ্ষত ভৰি দিলে। এই আপাহতে শতাব্দৰ সমূহ পঢ়ুৱৈ, বিজ্ঞাপনদাতা তথা শুভাকাংশীলৈ নতুন বছৰৰ শুভেচ্ছা জনোৱাৰ লগতে নতুন বছৰটো সুখ সমৃদ্ধিৰে ভৰি পৰাৰ কামনা কৰিলো।

    ডিজিটেল মাধ্যমত শতাব্দৰ প্ৰথম বছৰটো যথেষ্ট প্ৰত্যাহ্বানমূলক আছিল।এটা নতুন মাধ্যমেৰে এখন দৈনিক বাতৰি কাকত প্ৰকাশ বা সম্প্ৰচাৰ কৰাৰ ক্ষেত্ৰত আমি উদাহৰণ হিচাপে লবলৈ আন কোনো ডিজিটেল কাকত নাছিল।তদুপৰি পাঠকৰ ৰুচি মতে নতুন ধৰণেৰে কাকতখন প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আটাইতকৈ কঠিন কাম আছিল- আমাৰ গৰিষ্ঠসংখ্যক পাঠকেই ডিজিটেল যুগত প্ৰৱেশ কৰিলেও সকলো ডিজিটেলি পাৰ্গত নহয়। কাকতখন কেনেকৈ পঢ়িব, কেনেকৈ ইণ্টাৰনেটৰ জড়িয়তে খোলা মেলা কৰিব আদি দিশবোৰতো বহু পাঠক স্বাভাৱিকভাবেই আছিল অজ্ঞ।
WhatsApp Image 2022 12 26 at 9.40.34 PM 1সময়ৰ লগে লগে শতাব্দৰ পাঠকো ডিজিটেলি কিছু পাৰ্গত হল।
শতাব্দৰ ঘোষিত লক্ষ্য আছিল ইতিবাচক বাতৰি পৰিৱেশন। সেইক্ষেত্ৰত শতাব্দ পিছ হুহুকি অহা নাই আৰু ভৱিষ্যতেও নাহে।কিন্তু অসমত ইতিবাচক বাতৰিৰ সংখ্যা অতি নগন্য বা আমাৰ দুৰ্বলতাৰ বাবে এনে পজিটিভ বাতৰি সংগ্ৰহ কৰিব পৰা হোৱা নাই।
শতাব্দ এখন স্বয়ং সম্পূৰ্ণ বাতৰি কাকত আৰু ইয়াত প্ৰায় সকলো শিতানেই ৰখা হৈছে।তদুপৰি আছে নাগৰিক সাংবাদিকতা। এই সাংবাদিকতা শক্তিশালী হলে সমাজৰ উন্নতি নিশ্চিতভাবে হব।সেয়ে আমি আশা কৰো–শতাব্দলৈ আপুনিও ভাল ভাল বাতৰি প্ৰেৰণ কৰক আৰু আমাৰ সমাজ পৰিৱৰ্তনৰ এই যাত্ৰাত অংশীদাৰ হওক।
যোৱা এটা বছৰত শতাব্দই কোনো পক্ষৰ ওচৰত আপোচ কৰা নাই, আৰু কৰাৰো লক্ষণ নাই।

শতাব্দক পাঠকে আদৰি লৈছে।দেশৰ লগতে একাধিক বিদেশতো শতাব্দ পঢ়ে অসমীয়াই।এয়া আমাৰে সৌভাগ্য বুলি ভাবো।

আশাকৰো দ্বিতীয় বছৰত ভৰি দিয়া শতাব্দক আগৰ দৰেই পাঠকে মৰম চেনেহ কৰি যাব। শতাব্দৰ ইতিবাচক যাত্ৰাত আপোনালোকক সহযাত্ৰীৰূপে পাই থকাৰ আশাৰে…

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More