ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
Browsing Category
অসম
অভিনৱ থিয়েটাৰ প্ৰকল্পত নাটকৰ অন্তৰংগ আলাপ আৰু নাটক দূত ঘটোৎকচ মঞ্চস্থ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৫ আগষ্টঃ লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ ১নং মাজগাঁৱৰ অভিনৱ থিয়েটাৰ প্ৰকল্পত যোৱা ১৩ আগষ্টৰ সন্ধিয়া ৬বজাত এখনি হিন্দী নাটক “দূত ঘটোৎকচ” মঞ্চস্থ কৰা হয়। প্ৰতি মাহত অভিনৱ থিয়েটাৰৰ দ্বাৰা অনুষ্ঠিত কৰি অহা “নাটকৰ অন্তৰংগ” আলাপৰ লগত সংগতি ৰাখি বিহাৰ বেগুচৰাইৰ নাট্য গোষ্ঠী “আস্থা ৱেলফেয়াৰ চছাইটি”ৰ দ্বাৰা ৰবি ৰঞ্জন কুমাৰৰ পৰিচালনাত মহাকবি ব্যাসৰ ৰচিত সংস্কৃত নাটক “দূত ঘটোৎকচ” ৰ ভাৰতৰত্ন ভাৰ্গৱৰ হিন্দী অনুবাদ একেই নামৰ নাটকখনিত অভিনৱ থিয়েটাৰৰ শিল্পী সকলে অভিনয় কৰে।এই নাটকখনি ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ…
লখিমপুৰত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী কেশৱ মহন্তৰ
উত্তৰ লখিমপুৰত আয়োজিত ভাৰতৰ ৭৭সংখ্যক স্বাধীনতা দিৱসৰ লখিমপুৰ জিলাস্তৰীয় অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা-গৱেষণা, বিজ্ঞান প্ৰযুক্তি তথা জলবায়ু পৰিবৰ্তন আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই।
স্বাধীনতা সংগ্রামী, অসম বিধান সভাৰ অধ্যক্ষ মহীকান্ত দাস ১৬ আগষ্টত ৩৫ সংখ্যক মৃত্যু বার্ষিকী
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৪ আগষ্ট : ১৯০৩ৰ ১৭ অক্টোবৰত অবিভক্ত দৰং জিলাৰ তেজপুৰ মহকুমাৰ হলেশ্বৰত জন্ম গ্ৰহণ কৰিছিল প্রয়াত মহীকান্ত দাসে। পৰৱৰ্তী সময়ত দেশৰ স্বাধীনতা আন্দোলনত সক্রীয়ভাবে অংশগ্ৰহণ কৰি ১৯৪২ৰ ১৬ আগষ্টত ভাৰত ৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ হৈ কিছুদিন তেজপুৰ কাৰাগাৰত আৰু তাৰ পাছতেই যোৰহাট কাৰাগাৰত কাৰাদ্ধ হৈ থকা অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ মহীকান্ত দাসৰ অহা ১৬ আগষ্টত ৩৫ সংখ্যক মৃত্যুবার্ষিকী। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সহপাঠী এইগৰাকী মুক্তি যোদ্ধাৰ ওপৰতে যোৰহাট কাৰাগাৰত থকাৰ সময়ছোৱাত ৰাজনৈতিক …
তিনিচুকীয়াত মূল্যবৃদ্ধিৰ বিভীষিকাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৪ আগষ্ট : মিছা বিভীষিকাৰ পৰিৱৰ্তে প্ৰকৃত বিভীষিকা মোডী বিভীষিকা আৰু মূল্যবৃদ্ধিৰ বিভীষিকাৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ’বলৈ সকলোকে আহ্বান জনাই আজি চিপিআইৰ (এম-এল) তিনিচুকীয়া জিলা সমিতিয়ে চহৰখনৰ মাজ মজিয়াৰ থানা চাৰিআলিত মোদী বিভীষিকাৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ এক বিবৃতিত চিপিআই (এম-এল) দলৰ নেতা সুভাষ সেনে ক্ষোভ প্ৰকাশ কৰি কয় যে ২০১৪ চনত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ পাছৰ পৰা দেশবাসীক এটাৰ পিছত এটাকৈ আভুৱা ভাঁৰি সাম্প্ৰদায়িকতা,…
তেজপুৰৰ জ্যোতি ভাৰতীত দৃষ্টিনন্দন দেশপ্ৰেমৰ অনুষ্ঠান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৪ আগষ্ট : দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ সংগীত নাটক অকাডেমীৰ উত্তৰপূব মাণ্ডলিক কাৰ্যালয়ৰ নিৰ্দেশনা অনুযায়ী তেজপুৰৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান ‘সপ্তাশ্ব’ ই তেজপুৰৰ কেইবাখনো আগশাৰীৰ অনুষ্ঠানৰ শিশু তথা ছাত্ৰ-ছাত্ৰী সকলক একত্ৰিত কৰি দৃষ্টিনন্দন অনুষ্ঠানেৰে স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি কালি বিয়লি ‘মেৰি মাটি মেৰা দেশ’ শীৰ্ষক প্ৰচাৰ কাৰ্য্যসূচী সমাপন কৰে৷ তেজপুৰৰ ঐতিহ্যমণ্ডিত "পকী" অৰ্থাৎ ‘জ্যোতিভাৰতী’ চৌহদত এক বৰ্ণাঢ্য…
তেজপুৰত চিলনী চোৰক কৰায়ত্ত
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ,১৪আগষ্টঃ তেজপুৰৰ চহৰৰ নিকটৱৰ্ত্তী তেজপুৰ বিশ্ববিদ্যালয়ৰ সমীপৰ পৰা আজি পুৱা এগৰাকী মহিলাৰ ডিঙিৰ চেইন কাঢ়ি বাইকলৈ পলায়ন কৰিছিল ।কিন্তূ এই বাৰ চোৰৰ দিন বেয়া আছিল।মহিলা গৰাকীয়ে হুৱাদুৱা লগোৱাত এখন গাড়ীৰে চোৰটোৰ বাইকৰ পিছে পিছে খেদি চোৰটোক তেজপুৰ বিশ্ববিদ্যালয়ৰ-পৰোৱা সংযোগী পথৰ সমীপৰ কলিমন্দিৰৰ ওচৰত ধৰিবলৈ সক্ষম হয় আৰু পাছত চোৰটোক তেজপুৰ সদৰ আৰক্ষীক গতাই দিয়ে।
ধৃত চোৰটোৰ ঘৰ পুনিয়নিৰ আব্দুৰ ৰহিম বুলি জানিব পৰা গৈছে।
বঙালমৰাত এনকাউণ্টাৰত ড্ৰাগছ বেপাৰী আহত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৪ আগষ্ট ঃ নকল সোণ-জালনোটৰ ঘাটি হিচাপে পৰিচিত বঙালমৰাত দেওবাৰে মাজনিশা আৰক্ষীয়ে এটা ড্ৰাগছ বেপাৰীক এনকাউণ্টাৰ কৰা ঘটনাই সমগ্ৰ বঙালমৰা অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ কালি নিশা গুলীবিদ্ধ হোৱা ড্ৰাগছ ব্যৱসায়ীটো হৈছে বঙালমৰা আৰক্ষী চকীৰ অন্তৰ্গত ২ নং ইছলামপুৰৰ আনাৰুল হুছেইন ৷ প্ৰাপ্ত তথ্য অনুসৰি যোৱা নিশা বঙালমৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ধ্ৰুৱ শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ২ নং ইছলামপুৰৰ নকল সোণ আৰু জালনোটৰ বেপাৰী ছাদ্দাম হুছেইনৰ ঘৰত অভিযান চলাবলৈ যায়৷ আৰক্ষীৰ দলটোৱে প্ৰথমে ছাদ্দামৰ ভাতৃ…
যোৰহাটত যুৱবিজ্ঞানী ড° প্ৰণৱজ্যোতি চেতিয়ালৈ শ্ৰদ্ধাঞ্জলি বিজ্ঞান-প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তৰ
যোৰহাট, ১৩ আগষ্ট : ৰাজ্যৰ এগৰাকী যুৱ বিজ্ঞানী, যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ সদ্যপ্ৰয়াত তত্বাৱধায়ক ড° প্ৰণৱজ্যোতি চেতিয়াক আজি আনুষ্ঠানিক ভাৱে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৰাজ্যৰ বিজ্ঞান-প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই। বিভাগীয় মন্ত্ৰীগৰাকীয়ে আজি আগবেলা যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহত আয়োজিত ড০ চেতিয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি যোৱা ১১ আগষ্টত অকালতে মৃত্যুক সাৱটি লোৱা যুৱ বিজ্ঞানী তথা যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰতিষ্ঠাপক তত্বাৱধায়কগৰাকীলৈ শ্ৰদ্ধাঞ্জলি আগবঢ়ায়।…
শোণিতপুৰত কীটনাশক আৰু সাৰৰ বিপণিত জিলা টাস্ক ফ’ৰ্চৰ পৰিদৰ্শন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ১৩ আগষ্ট: শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত জিলা টাস্ক ফ'ৰ্চৰ এটা দলে জিলাখনৰ ১৫ টা কৃষি উন্নয়ন চক্র ক্ৰমে- ৰাক্ষসমাৰী কৃষি উন্নয়ন চক্র, ঢেকিয়াজুলি, মিছামাৰি, বিন্দুকুৰী, ঠেলামৰা, ভগামন্দিৰ, চিৰাজুলী, বিহগুৰী, ডিপোটা, ঘোৰামাৰি, বালিপাৰা, চাৰিদুৱাৰ, জামুগুৰি, চিলাবন্ধা, ঢলাইবিল কৃষি উন্নয়ন চক্রৰ কীটনাশক আৰু সাৰৰ খুচুৰা আৰু পাইকাৰী বিপণিসমূহ পৰিদৰ্শন কৰি বিক্ৰেতাসকলক নিষিদ্ধ কীটনাশক কোনো কাৰণতে বিক্ৰী নকৰিবলৈ কঠোৰভাৱে সকীয়াই দিয়াৰ লগতে কৃষি বিভাগৰ পৰামৰ্শ অনুসৰিহে কৃষকসকলক ৰাসায়নিক কীটনাশক…
চৰকাৰী আৱাস প্ৰদানত দালালৰ দপদপনি তেজপুৰত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৩আগষ্টঃ ৰাজ্যত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কেতিয়াবা দালালৰ বিৰুদ্ধে নতুবা আকৌ ঘোছখোৰৰ বিৰুদ্ধে অভিযান চলিলেও একাংশ প্ৰৱঞ্চকে এনেবোৰ বিষয়ৰ প্ৰতি সামান্যতম গুৰুত্বও প্ৰদান কৰা নাই ৷ আনকি এনে একাংশ প্ৰৱঞ্চক আকৌ আৰক্ষীৰ মিতিৰৰ দৰেই সম্পৰ্ক৷ শেহতীয়াকৈ নিচাযুক্ত সামগ্ৰীৰ বেহা চলোৱা একাংশৰো কিছুমান আৰক্ষী চকীলৈ অবাধ আহযাহৰ বিষয়ে বিভিন্ন অভিযোগ উত্থাপন হোৱাৰ সময়তে বৰ্তমান এগৰাকী মহিলাই এক দালালৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ কৰাৰ পাছত কোনো ফল লাভ নকৰাত স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অভিযোগ দাখিলৰ পাছতো…