ইজৰাইল-পেলেষ্টাইন যুদ্ধঃ এক ৰাজনৈতিক-ঐতিহাসিক বিশ্লেষণ

0 991

ড° চুচেংফা গগৈ

পাতনিঃ
যোৱা শনিবাৰৰ পৰা ইজৰাইল আৰু পেলেষ্টাইনৰ সংঘাতে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম, আন্তঃৰাষ্ট্ৰীয় সংস্থা আৰু লগতে সমগ্ৰ বিশ্বৰ লোকৰ দৃষ্টি আকৰ্ষণ কৰিছে। ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত দীৰ্ঘদিনীয়া অচলাৱস্থা বিশ্বৰ আধুনিক ইতিহাসৰ অন্যতম দীৰ্ঘদিনীয়া সংঘাত হিচাপে প্ৰমাণিত হ’ল। লেবাননৰ হিজবুল্লাহ সমৰ্থিত হামাছৰ যোদ্ধাসকলৰ আক্ৰমণ আৰু ইজৰাইল সেনাবাহিনীৰ প্ৰতিআক্ৰমণৰ কাৰ্য্যই পৰিস্থিতি বিপন্ন কৰি তুলিছে। ইতিমধ্যে ইজৰাইল আৰু পেলেষ্টাইন উভয়তে হাজাৰ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে, ইজৰাইলৰ গাজাত যুদ্ধৰ বাবে বহু অট্টালিকা আৰু ব্যক্তিগত আৰু ৰাজহুৱা সম্পত্তি ধ্বংস হৈছে। বৰ্তমানৰ সংঘাতৰ ফলত সৃষ্টি হোৱা যুদ্ধ ভয়-মনোবিকলনে ইজৰাইলত পেলেষ্টাইনী আক্ৰমণৰ ইতিহাসত ব্যাপক ৰূপ ধাৰণ কৰিছে।
সংবাদ মাধ্যমক সম্বোধন কৰি গাজাত পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰালয়ে কয় যে, এতিয়ালৈকে জনবসতিপূৰ্ণ উপকূলীয় ঠাইসমূহত কমেও ১০৫৫ জন লোক নিহত হৈছে আৰু ৫১৮৪ জন আহত হৈছে। ইজৰাইলৰ চিকিৎসা সেৱাৰ এক তথ্য মতে, চৰকাৰী প্ৰতিবেদনত কোৱা হৈছে যে, ইজৰাইলৰ ফালৰ পৰা ১২০০ৰো অধিক লোক নিহত হৈছে আৰু কমেও ৩০০০ লোক আহত হৈছে। এইবোৰ হৈছে চৰকাৰী নথিভিত্তিক পৰিসংখ্যা, কিন্তু সম্ভৱতঃ বাস্তৱত সংখ্যাটো আৰু বৃহৎ হ’ব৷ এই সকলোবোৰ আৰম্ভ হৈছিল শনিবাৰে ‘হামাছ’ নামৰ সশস্ত্ৰ পেলেষ্টাইনী গোটটোৱে ইজৰাইলৰ ওপৰত আৰম্ভ কৰা অভূতপূৰ্ব আক্ৰমণৰ পিছত আৰু তাৰ পিছত ইজৰাইলেও গাজা ষ্ট্ৰিপত যুদ্ধ ঘোষণা কৰিছিল।
কিন্তু শনিবাৰৰ পৰা ঘটি থকা কথাবোৰৰ প্ৰসংগৰে কেৱল ইজৰাইল পেলেষ্টাইন সংঘাতৰ বিষয়ে বিতংভাৱে আলোচনা কৰিব নোৱাৰি। যিহেতু ইজৰাইল-পেলেষ্টাইন সংঘাতৰ ইতিহাস প্ৰায় এশ বছৰ পুৰণি। গতিকে এতিয়া প্ৰথমে বুজিবলৈ চেষ্টা কৰোঁ যে ইজৰাইল-পেলেষ্টাইনৰ সংঘাত কিহৰ বাবে হৈ আহিছে? ই কেনেকৈ আৰম্ভ হৈছিল আৰু বিশ্লেষণ কৰিবলৈ চেষ্টা কৰোঁ আহক যে বৰ্তমানৰ ইজৰাইল পেলেষ্টাইন সংঘাতৰ অতীতৰ সৈতে সম্পৰ্ক আছেনে?

ইজৰাইল-পেলেষ্টাইন সংঘাতৰ ইতিহাসঃ
ইজৰাইল পেলেষ্টাইন সংঘাত ১৯ শতিকাৰ শেষৰ ফালৰ পৰাই আৰম্ভ হৈছিল, তেতিয়া পেলেষ্টাইন অট্টোমান সাম্ৰাজ্যৰ অংশ আছিল। সেই সময়ছোৱাতে ইহুদীসকলৰ পেলেষ্টাইনলৈ প্ৰব্ৰজন আৰম্ভ হৈছিল। লাহে লাহে প্ৰব্ৰজন যথেষ্ট বৃদ্ধি পাইছিল। পেলেষ্টাইনত ইহুদী গৃহভূমি গঢ়ি তুলিবলৈ বিচৰা জায়নিষ্ট আন্দোলনে (Zionist movement) জনপ্ৰিয়তা লাভ কৰিছিল, যাৰ ফলত আৰব সম্প্ৰদায়ৰ সৈতে সংঘাতৰ সৃষ্টি হৈছিল। আৰবসকলে এই অগ্ৰগতিসমূহক তেওঁলোকৰ প্ৰাধান্য আৰু জাতীয় আকাংক্ষাৰ বাবে বিপদ বুলি গণ্য কৰিছিল। প্ৰথম বিশ্বযুদ্ধৰ পিছত ‘জাতিসংঘই’ ব্ৰিটেইনক পেলেষ্টাইনৰ ওপৰত নিয়ন্ত্ৰণ অৰ্পণ কৰি ভৱিষ্যতৰ সংঘাতৰ পথ প্ৰশস্ত কৰে। ইহুদীসকলৰ অনুপ্ৰৱেশ বৃদ্ধি পোৱাৰ লগে লগে হিংসাত্মক সংঘাত আৰু আৰব বিৰোধিতাৰ সৃষ্টি হয়। তদুপৰি গণহত্যাৰ (Holocaust) ভয়াৱহতাই সেই পৰিস্থিতিক অধিক গ্ৰাহ কৰি তোলে। যাৰ ফলত পেলেষ্টাইনক পৃথক ইহুদী আৰু আৰব জাতিত বিভক্ত কৰাৰ এক আন্তঃৰাষ্ট্ৰীয় চুক্তি সম্পাদিত হয় আৰু সেই চুক্তিক ১৯৪৭ চনত কাৰ্যকৰী কৰা হৈছিল। এই সিদ্ধান্তসমূহে তেতিয়াৰ পৰা এতিয়ালৈ অবিৰামভাৱে যুদ্ধ আৰু সংঘাতৰ সূচনা কৰিলে। ইয়ে ১৯৪৮ চনৰ আৰব-ইজৰাইল যুদ্ধ আৰু তাৰ পিছত ইজৰাইল ৰাষ্ট্ৰ প্ৰতিষ্ঠাকে ধৰি ধাৰাবাহিক সংঘাতৰ বাট প্ৰশস্ত কৰিলে। তাৰ পিছৰ পৰাই বিভিন্ন যুদ্ধ, ইন্টিফাদা (বিপ্লৱ), শান্তি আলোচনা আৰু বিচ্ছিন্ন হিংসাৰ জৰিয়তে সংঘাতৰ বৃদ্ধি পাইছে আৰু আজিকোপতি সেই বিভীষিকাসমূহ চলি আছে।

  ইজৰাইল-পেলেষ্টাইন সংঘাতৰ গুৰুত্বপূৰ্ণ পৰিঘটনাবোৰক কালানুক্ৰমিকভাৱে চাবলৈ চেষ্টা কৰোঁ আহক।
ক) ১৯৬৭ চনৰ ছয়দিনীয়া যুদ্ধ: ইজৰাইল পেলেষ্টাইন সংঘাতত ছদিনীয়া যুদ্ধই উল্লেখযোগ্য আৰু দীৰ্ঘস্থায়ী প্ৰভাৱ পেলাইছিল। ইজৰাইলৰ দ্ৰুত আৰু নিৰ্ণায়ক জয়ৰ ফলত পেলেষ্টাইনৰ পশ্চিম পাৰ, গাজা ষ্ট্ৰিপ আৰু পূব জেৰুজালেম দখল কৰা হৈছিল। এই দখলৰ ফলত অঞ্চলসমূহ, ভূ-ৰাজনৈতিক পৰিৱেশত ভয়ংকৰ প্ৰভাৱ পৰিছিল। এই ভূখণ্ডসমূহ ইজৰাইলে দখল কৰাটো ইজৰাইলী আৰু পেলেষ্টাইনীসকলৰ মাজত সংঘাতৰ এক প্ৰধান উৎস হৈ পৰিছিল। বৰ্ধিত দখলৰ ফলত মানৱ অধিকাৰৰ গুৰুতৰ উলংঘাৰ সৃষ্টি হৈছিল। তদুপৰি জনসাধাৰণৰ গতিবিধিৰ ওপৰত নিষেধাজ্ঞা আৰু ইজৰাইলী বসতি স্থাপন, এই সকলোবোৰে পেলেষ্টাইনীসকলৰ মনত অসন্তুষ্টি আৰু প্ৰতিৰোধ বৃদ্ধি কৰিছিল।
খ) অছলো চুক্তি, ১৯৯৩: অছলো চুক্তিয়ে শান্তি প্ৰক্ৰিয়াৰ এক উল্লেখযোগ্য পৰিঘটনা হিচাপে চিহ্নিত হৈছিল। এই চুক্তিসমূহে পেলেষ্টাইন কৰ্তৃপক্ষ (পিএ) স্থাপনৰ সুবিধা প্ৰদান কৰিছিল আৰু ‘দুখন ৰাষ্ট্ৰৰ’ সমাধানৰ পৰিকাঠামো নিৰ্মাণ কৰিছিল। অৱশ্যে পশ্চিম পাৰ আৰু গাজাৰ কিছু অংশত পিএক সীমিত স্বশাসন কৰ্তৃত্ব প্ৰদান কৰা হৈছিল। অছলো প্ৰক্ৰিয়াই শান্তিৰ আশাৰ সৃষ্টি কৰিলেও ইজৰাইলী বসতিৰ নিৰন্তৰ সম্প্ৰসাৰণ, শান্তিৰ অগ্ৰগতিৰ প্ৰতি পেলেষ্টাইনীসকলৰ অসন্তুষ্টি, হিংসাত্মক কাণ্ড আদিৰ দৰে উদ্বেগৰ বাবে এই শান্তি প্ৰক্ৰিয়াৰ পতন ঘটিছিল। ইয়াৰ ফলত গভীৰ অনাস্থা আৰু প্ৰচলিত বিবাদৰ সৃষ্টি হৈছিল।
গ) গাজাৰ বিচ্ছিন্নতা (Estrangement), ২০০৫: ২০০৫ চনত ইজৰাইলে গাজাৰ পৰা একপক্ষীয় বিচ্ছিন্নতা কৰাৰ সীদ্ধান্ত গ্ৰহণ কৰে। অৱশ্যে ই এক বিপজ্জনক পদক্ষেপ হিচাপেহে ধৰা দিছিল। যদিওবা এনে বিচ্ছিন্নতাই শান্তি আনিব বুলি আশা কৰা হৈছিল, কিন্তু কাৰ্যত ইয়াৰ ফলত শান্তি প্ৰতিষ্ঠা নহ’ল। বৰঞ্চ ইয়াৰ ফলত ‘হামাছ’ নামৰ এটা হিংসাত্মক পেলেষ্টাইনী সংগঠন প্ৰতিষ্ঠা হয় আৰু তেওঁলোকে গাজাৰ নিয়ন্ত্ৰণ দখল কৰে। ইয়াৰ পিছত ইজৰাইল আৰু হামাছৰ মাজত ৰকেট আক্ৰমণ আৰু সামৰিক অভিযানকে ধৰি সংঘৰ্ষই গাজা আৰু দক্ষিণ ইজৰাইল দুয়োখন দেশতে অসামৰিক জনসাধাৰণৰ ওপৰত বিধ্বংসী ৰূপ ধাৰণ কৰিছে। যাৰবাবে মানৱীয় সংকট, মৌলিক প্ৰয়োজনীয়তাৰ সীমিত সুবিধা আৰু অৰ্থনৈতিক কষ্টই গাজাৰ পৰিস্থিতিৰ বৈশিষ্ট্য প্ৰদৰ্শন কৰে আৰু ইয়াৰ ফলত অঞ্চলটোৰ পেলেষ্টাইনীসকলৰ জীৱনত আঘাত হানি আহিছে।
ঘ) জেৰুজালেম আৰু বসতিস্থলঃ জেৰুজালেমৰ বিষয়টোত বহুদিনৰ পৰাই বিতৰ্কৰ সৃষ্টি হৈ আহিছে। দুয়ো দেশৰ জনসাধাৰণৰ বাবে জেৰুজালাম এক ধৰ্মীয়ভাৱে পবিত্ৰ স্থান। ইজৰাইল আৰু পেলেষ্টাইনী উভয়ৰে জনসাধাৰণে জেৰুজালেমক নিজৰ ৰাজধানী হিচাপে গণ্য কৰি আহিছে। ইজৰাইলে পশ্চিম পাৰত বিশেষকৈ পূব জেৰুজালেমত বসতি স্থাপন কৰা কথাটোয়ে মূলত শান্তিৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বাধা হিচাপে পৰিগণিত হৈ আহিছে। আন্তঃৰাষ্ট্ৰীয় আইনৰ অধীনত আন্তঃৰাষ্ট্ৰীয় সমাজে এই বসতিসমূহক অবৈধ বুলি গণ্য কৰে আৰু ইয়াৰ সম্প্ৰসাৰণে সংলগ্ন পেলেষ্টাইন ৰাষ্ট্ৰৰ বাবে প্ৰাথমিক বাধাৰ সৃষ্টি কৰিছে। জেৰুজালেমৰ মৰ্যাদা, বিশেষকৈ ইয়াৰ পবিত্ৰ স্থানসমূহত মুক্ত প্ৰৱেশৰ ক্ষেত্ৰত থকা হকাবাধাবোৰ আৱেগিকভাৱে আটাইতকৈ স্পৰ্শকাতৰ আৰু সমাধান নোহোৱা বিষয়সমূহৰ ভিতৰত অন্যতম হৈয়েই আছে।
ঙ) গাজা অৱৰোধঃ নিৰাপত্তাজনিত উদ্বেগৰ দোহাই দি আৰু হামাছলৈ অস্ত্ৰ-শস্ত্ৰৰ সৰবৰাহ ৰোধৰ নামত ইজৰাইলে গাজা ষ্ট্ৰিপত সময়ে সময়ে অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। এনে অৱৰোধে জনতাৰ ওপৰত বিধ্বংসী প্ৰভাৱ পেলাইছে। এনে অৱৰোধৰ ফলত মানুহ আৰু সামগ্ৰীৰ সৰবৰাহ যথেষ্ট ব্যাহত হৈছে। যাৰ ফলত গাজাক বিশ্বৰ বাকী অংশৰ পৰা কাৰ্যতঃ পৃথক কৰা হৈছে। এই বিচ্ছিন্নতাৰ বাবেই খাদ্য, চিকিৎসা সামগ্ৰী আৰু মূল সেৱাৰ বৃহৎ নাটনি হৈছে, যাৰ ফলত এক ভয়ানক অমানৱীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। নিষেধাজ্ঞাৰ অৰ্থনৈতিক প্ৰভাৱে গাজাৰ বহু লোকক আন্তঃৰাষ্ট্ৰীয় মানৱীয় সাহায্যৰ ওপৰত নিৰ্ভৰশীল কৰি তুলিছে, যাৰ ফলত দৰিদ্ৰতা আৰু দুৰ্দশাৰ এক ভয়াবহ চক্ৰৰ সৃষ্টি হৈছে।

ইজৰাইল-পেলেষ্টাইন সংঘাতত সন্ত্ৰাসবাদৰ ভূমিকা:
আৰব-ইজৰাইল সংঘাতত সন্ত্ৰাসবাদে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এক কথাত কবলৈ গলে দুয়োপক্ষৰ মাজত সৃষ্টি হোৱা এনে সন্ত্ৰাসবাদী কাৰ্য্যকলাপে মূলত ইজৰাইল-পেলেষ্টাইনৰ সংঘাতক অধিক ভয়াৱহ কৰি তুলিছে। বহু সংগঠনে নিজৰ ৰাজনৈতিক আৰু মতাদৰ্শগত লক্ষ্যত উপনীত হ’বলৈ হিংসাৰ আশ্ৰয় লৈছে। সংঘাতৰ প্ৰেক্ষাপটত উল্লেখযোগ্য সন্ত্ৰাসবাদী সংগঠন আৰু ইয়াৰ কাৰ্য্যকলাপৰ লগতে ইয়াৰ উৎপত্তিৰ ঐতিহাসিক সাৰাংশ তলত দিয়া হৈছে
ইৰগুন আৰু লেহি (ষ্টাৰন গেং): ইৰগুন আৰু লেহিৰ দৰে ইহুদী অৰ্ধসামৰিক সংগঠনসমূহে পেলেষ্টাইনৰ ব্ৰিটিছ মেণ্ডেট (১৯৩০-১৯৪০)ৰ সময়ত কাম কৰিছিল। কিছুমান ইজৰাইলীয়ে তেওঁলোকক স্বাধীনতা সংগ্ৰামী বুলি গণ্য কৰিলেও, ব্ৰিটিছে তেওঁলোকক সন্ত্ৰাসবাদী হিচাপে গণ্য কৰিছিল, কাৰণ, তেওঁ‌লোক বিভিন্ন হিংসাত্মক কাৰ্য্য যেনে বোমা বিস্ফোৰণ, হত্যা, ব্ৰিটিছ বিষয়াৰ ওপৰত আক্ৰমণ আদিৰ সৈতে জড়িত আছিল। দুয়োটা ফৈদৰ লক্ষ্য আছিল পেলেষ্টাইনত ইহুদী ৰাষ্ট্ৰ স্থাপন কৰা আৰু তেওঁলোকে ব্ৰিটিছ সামৰিক বাহিনীৰ লগতে পেলেষ্টাইন আৰবকো আক্ৰমণ কৰিছিল।
হাগানাহ: ইহুদী বসতি ৰক্ষাৰ উদ্দেশ্যেৰে ১৯২০ চনত হাগানা নামেৰে জনাজাত ইহুদী অৰ্ধসামৰিক গোটটো প্ৰতিষ্ঠা কৰা হৈছিল। পৰৱৰ্তী সময়ত ই ইজৰাইলৰ সৃষ্টিত অৰিহণা যোগাইছিল। অৱশেষত ইয়াৰ নাম সলনি কৰি ইজৰাইল প্ৰতিৰক্ষা বাহিনী (IDF) ৰখা হয়।
ফাটাহ: ১৯৫৯ চনত ইয়াছেৰ আৰাফাত আৰু অন্যান্যই প্ৰতিষ্ঠা কৰা পেলেষ্টাইনী জাতীয়তাবাদী সংগঠন ফাটাহ প্ৰথমে ইজৰাইলৰ বিৰুদ্ধে গেৰিলা যুদ্ধত জড়িত আছিল। সাধাৰণতে ইয়াক সন্ত্ৰাসবাদী সংগঠন হিচাপে গণ্য কৰা নহ’লেও ইয়াৰ প্ৰাৰম্ভিক কাৰ্য্যসমূহৰ ভিতৰত আছিল হাইজেকিং আৰু ইজৰাইলীসকলক আক্ৰমণ। বৰ্তমান ফাতাহ পেলেষ্টাইন মুক্তি সংস্থাৰ (পিএলঅ’) প্ৰধান গোট, আৰু ই শান্তি প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
পিএলঅ’ (পেলেষ্টাইন লিবাৰেচন অৰ্গেনাইজেচন): ১৯৬৪ চনত প্ৰতিষ্ঠা হোৱা পিএলঅ’ই কেইবাটাও পেলেষ্টাইন ফৈদক একত্ৰিত কৰিছিল। ইয়াৰ ৰাজনৈতিক আৰু উগ্ৰপন্থী দুয়োটা উদ্দেশ্যই আছিল, যদিও ইয়াৰ কিছুমান বিশেষ দল যেনে পপুলাৰ ফ্ৰণ্ট ফৰ দ্য লিবাৰেচন অৱ পেলেষ্টাইন (পিএফএলপি) সন্ত্ৰাসবাদী আছিল। উল্লেখযোগ্য যে ১৯৮০ চনৰ শেষৰ ফালে পিএলঅ’ই সন্ত্ৰাসবাদ ত্যাগ কৰি ইজৰাইলৰ অস্তিত্বৰ অধিকাৰক স্বীকৃতি দি শান্তি আলোচনাৰ পথ মুকলি কৰি দিয়ে।
ব্লেক ছেপ্টেম্বৰ: পিএলঅ’ৰ এটা বিভাজিত গোট, ব্লেক ছেপ্টেম্বৰ ১৯৭২ চনত মিউনিখ অলিম্পিকত সংঘটিত হত্যাকাণ্ডৰ বাবে দায়ী আছিল, য’ত ইজৰাইলী খেলুৱৈসকলক অপহৰণ কৰি হত্যা কৰা হৈছিল।
হামাছ: ১৯৮৭ চনত প্ৰথম ইনতিফাদাৰ সময়ত প্ৰতিষ্ঠা হোৱা হামাছ হৈছে পেলেষ্টাইনী ইছলামিক সংগঠন যিয়ে সামৰিক অভিযানৰ লগতে বিশেষকৈ ইজৰাইলী সাধাৰণ নাগৰিকৰ বিৰুদ্ধে সন্ত্ৰাসবাদী কাৰ্য্যও চলাই আহিছে। ই ঐতিহাসিক পেলেষ্টাইনত ইছলামিক ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিব বিচাৰে আৰু বহুতো আত্মঘাতী বোমা বিস্ফোৰণ, ৰকেট আক্ৰমণ, আৰু অন্যান্য সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰি আহিছে। আনকি বৰ্তমানৰ ইজৰাইল-পেলেষ্টাইন সংকটতো এই গোটটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
ইছলামিক জেহাদ: আশীৰ দশকত গঠন হোৱা পেলেষ্টাইনী ইছলামিক জেহাদ হৈছে ইজৰাইলৰ অস্তিত্বৰ বিৰোধিতা কৰা আন এটা ইছলামিক সংগঠন আৰু ই কেইবাটাও সন্ত্ৰাসবাদী কাৰ্য্য সংঘটিত কৰিছে, বিশেষকৈ আত্মঘাতী বোমা বিস্ফোৰণ।
হিজবুল্লাহ: ১৯৮০ চনৰ আৰম্ভণিতে লেবাননত প্ৰতিষ্ঠা হোৱা হিজবুল্লাহ হৈছে ইৰাণৰ সমৰ্থিত ছিয়া উগ্ৰপন্থী আৰু ৰাজনৈতিক সংগঠন। ইজৰাইলী সামৰিক আৰু অসামৰিক লক্ষ্যৰ বিৰুদ্ধে আক্ৰমণ আৰু অপহৰণ সংঘটিত কৰিছিল, মূলতঃ ১৯৮০ আৰু ১৯৯০ চনত।
আল-আকছা শ্বহীদ ব্ৰিগেড: ২০০০ চনৰ আৰম্ভণিৰ পৰাই এই ফাটাহ ফৈদটোৱে ইজৰাইলৰ লক্ষ্যৰ বিৰুদ্ধে সশস্ত্ৰ প্ৰতিৰোধ আৰু সন্ত্ৰাসবাদৰ সৈতে জড়িত হৈ আহিছে। ই আত্মঘাতী বোমাকে ধৰি কেইবাটাও আক্ৰমণ সংঘটিত কৰিছে।
আল-কাছাম ব্ৰিগেডছ: হামাছৰ সামৰিক শাখা আল-কাছাম ব্ৰিগেডে ইজৰাইলৰ সামৰিক আৰু অসামৰিক লক্ষ্যত ৰকেট আক্ৰমণ, আত্মঘাতী বোমা বিস্ফোৰণ, সীমান্ত অতিক্ৰম কৰি অনুপ্ৰৱেশকে ধৰি কেইবাটাও আক্ৰমণ চলাইছে।
পেলেষ্টাইনী ইছলামিক হামাছ: গাজাৰ পৰা পৰিচালিত এটা ইছলামিক সংগঠনে হ’ল এই গোটটো। ই ইজৰাইলৰ বিৰুদ্ধে অসংখ্য আক্ৰমণ আৰু ৰকেট নিক্ষেপৰ দৰে কাৰ্যসূচীত লিপ্ত হৈ আহিছে।

উপসংহাৰ:
সামৰণিত ক’ব পাৰি যে ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত বৰ্তমান বৃদ্ধি পোৱা সংঘাতৰ শিপা অতিজৰ বুকুতে নিহিত হৈ আছে। দীৰ্ঘ বছৰ ধৰি চলি অহা সংঘাত, ইহুদী বনাম আৰবৰ ধৰ্মীয় একত্ৰীকৰণৰ বিষয়, গাজাত সঘনাই অৰ্থনৈতিক অৱৰোধৰ সমস্যা, ইজৰাইলী বসতিৰ সম্প্ৰসাৰণ, পেলেষ্টাইনত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বৃদ্ধি, শৰণাৰ্থীৰ সমস্যা, এই সকলোবোৰ কাৰক একত্ৰিত হৈ এই সংঘাতৰ সৃষ্টি হৈছে। বৰ্তমানত সংঘটিত হোৱা সংঘাতত সন্ত্ৰাসবাদী আক্ৰমণ আৰু মানুহ অপহৰণৰ দ্বাৰা কৰা গণহত্যাৰ কোনেও সমৰ্থন কৰিব নোৱাৰে, তথাপিও ইজৰাইল আৰু পেলেষ্টাইনৰ সমস্যাৰ বিষয়ে এক ঐতিহাসিক পটভূমিত আলোকপাতৰ নিশ্চয় প্ৰয়োজনীয়তা আছে। এই সংঘাতসমূহ আৰৱ আৰু ইহুদীসকলৰ সুৰক্ষাৰ বাবে দশকজুৰি চলি থকা দাবীৰ বাবেই সংঘটিত হৈছে। বৰ্তমান যুদ্ধৰ পৰিস্থিতিক সেয়ে অতীতৰ পৰিঘটনা হিচাপে সামৰি ল’ব পাৰি। উল্লেখ্য যে এই বৃহত্তৰ জন-ধনৰ ক্ষতিৰ বাবে যিকোনো এটা পক্ষক কেৱল দোষাৰোপ কৰাটো যথেষ্ট নহয়, কাৰণ এই সংঘাত আন বহুতো আভ্যন্তৰীণ লগতে বাহ্যিক কাৰকৰ ওপৰত নিৰ্ভৰশীল। এটাই বাঞ্ছা কৰোঁ‌ এই ঐতিহাসিক সংঘাত নাইকিয়া হওঁ‌ক আৰু মানৱতাৰ জয় হওঁ‌ক।

সহকাৰী অধ্যাপক, ৰাজনীতি বিজ্ঞান বিভাগ, নৰ্থ লখিমপুৰ কলেজ (স্বায়ত্ত শাসিত), ৮৪৮৬৩৯৩৮৭৫

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More