গ্ৰামাঞ্চলত ১৫ বছৰ

0 87

ডাঃ সুৰজিত গিৰি

২০০৭ বৰ্ষৰ এপ্ৰিল মাহত আচৰিত ঘটনা এটা ঘটিল।

২০০৬ বৰ্ষত এনেস্থেছিয়া বিষয়ত পাছ কৰি উঠি, মনে মনে পণ লৈছিলোঁ, যিয়ে নহওক কিয়, কোনোপধ্যে চৰকাৰী চাকৰি নকৰোঁ।চৰকাৰী চাকৰিত এশ-এবুৰি লেঠা।সেইবাবে ২০০৬ বৰ্ষৰ অক্টোবৰ মাহত ব্যক্তিগত প্ৰগতি হস্পিটেলত ICU আৰু সংজ্ঞাহাৰক বিশেষজ্ঞ (Anaesthesiologist) হিচাবে ডাঃ বীণাপানী হাজৰিকা আৰু বিদ্যালয় কালৰে বন্ধু ডাঃ মনোজ চেতিয়াৰ লগত যোগ দিওঁ। আমাৰ সংজ্ঞাহাৰকসকলৰ কাম আছিল ৰোগীক কোনো বিষ আদি নোহোৱাকৈ আৰামত অস্ত্ৰোপচাৰ সম্পন্ন কৰা।WhatsApp Image 2023 10 12 at 6.21.05 PM e1697205921520

     বিভিন্ন বিভাগৰ ডাক্তৰে জাতিষ্কাৰ হৈ থকা সেই সময়ৰ শিৱসাগৰৰ এখন অতি ব্যস্ততাপূৰ্ণ চিকিৎসালয় হিচাবে পৰিচিত এখন জাকত-জিলিকা ব্যক্তিগত চিকিৎসালয়খন হঠাতে ২০০৭ বৰ্ষৰ এপ্ৰিল মাহত থান-বান হৈ যায়। সকলোৱে আমাক এৰি গুচি গৈছিল।ৰোগী আৰু মানুহৰ সমাগমেৰে গিজ-গিজাই থকা হস্পিটেলখন কাহ পৰি জিন গৈছিল। আকস্মিক থানবানত মইও একো উৱাদিহ নাপালো।হঠাতে অস্ত্ৰোপচাৰবোৰ কমি গৈছিল। এজন সংজ্ঞাহাৰক বিশেষজ্ঞ হিচাবে মোৰ আৰ্থিক অৱস্থাটোত কিছু পৰিমানে আঘাত হানে। তথাপি আমি প্ৰগতি চিকিৎসালয়ৰ অধীক্ষক ডাক্তৰ ধ্ৰুৱজ্যোতি শইকীয়াৰ তত্বাৱধানত প্ৰগতি চিকিৎসালয়খন আকৌ সজীৱ কৰিবলৈ উঠি পৰি লাগি যাওঁ।

সকলো ঠিকেই আছিল।কিন্তু ২০০৮ বর্ষৰ ছেপ্টেম্বৰ মাহত আকৌ এটা আচৰিত ঘটনা ঘটিল। আগতে কেতিয়াও নঘটা এক নাভূত-নাশ্ৰুত ঘটনা।

তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী আৰু এতিয়াৰ মুখ্যমন্ত্ৰী মাননীয় ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এটা নিৰ্দেশনা পত্ৰয়ে যে মোৰ জীৱনত এটা নতুন অধ্যায়ৰ সূচনা কৰিব বুলি মই জনা নাছিলো।

“এনেস্থেছিয়া বিভাগত স্নাতকোত্তৰ হোৱাৰ পাছত যিহেতু আপুনি ৫ বছৰ গাঁৱলীয়া চিকিৎসা প্ৰদান কৰিম বুলি চুক্তি কৰিছিল, সেই চুক্তি অনুযায়ী আপুনি ১০ অক্টোবৰ তাৰিখৰ ভিতৰত ডিমৌ সামূহিক চিকিৎসালয়ত ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য মিছনৰ অধীনত এজন সংজ্ঞাহাৰক চিকিৎসক হিচাবে (ঠিকাভিত্তিক) চাকৰিত যোগদান কৰিবলৈ কোৱা হল। অন্যথা আপুনি চৰকাৰক ১০ লাখ টকা ক্ষতিপূৰণ দিব লাগিব।”

     পত্ৰখন পাই মোৰ পেটতে হাত ভৰি লুকাইছিল।চৰকাৰী চাকৰি কৰিবলৈ অকণো ইচ্ছা নাছিল।চৰকাৰী চিকিৎসালয়ৰ এশ-এবুৰি সমস্যা।ইফালে চাকৰি নকৰিলে ১০ লাখৰ জৰিমনা।ঘৰত মা-দেউতা আৰু শ্ৰীমতীৰ লগত কথা পাতিলো। শ্ৰীমতী দীপাৰ কোচত তিনিবছৰীয়া ছোৱালীৰ লগতে ৩ মহীয়া লৰা। এবাৰ শ্ৰীমতী আৰু এবাৰ লৰা-ছোৱালী কেইটালৈ চালো। তেওঁলোকৰ প্ৰতিও মই কৰিব লগীয়া বহুত আছে। প্ৰগতি হস্পিটেলৰ পৰাও উপাৰ্জন ইমান নাছিল যে মই সেই সময়ত চৰকাৰক ১০ লাখ টকা দিব পাৰিম। মোৰ লগৰ বহুতেই নিৰ্দেশনা অনুযায়ী ইতিমধ্যে চাকৰিত যোগদান কৰিছিল।কিছুমানে কলে “মই চৰকাৰক ১০ লাখ টকা দিম। কিন্তু গাঁৱলীয়া চিকিৎসালয়ত যোগদান নকৰোঁ।”

     কিন্তু মোৰ ক্ষেত্ৰত সেই সময়ত ১০ লাখ টকা যোগাৰ কৰা অসম্ভৱ আছিল।পৰিয়ালৰ লগত কথা পাতি শেষত মোৰ ইচ্ছা-সপোনবোৰ জলাঞ্জলি দি ১০ অক্টোবৰ ২০০৮ বর্ষত ডিমৌ চিকিৎসালয়ত এজন সংজ্ঞাৰহাৰক বিশেষজ্ঞ হিচাবে যোগদান কৰোঁ।মনে মনে ভাবিলোঁ, ৫ বছৰ হে! তাৰ পাছত এৰি দিম।

     এনেকুৱা লাগিছিল,কোনোবা অদৃশ্য শক্তিয়ে যেন ঘটনাবোৰ সংঘটিত কৰাইছিল।জাতিষ্কাৰ হৈ থকা প্ৰগতি হস্পিটেলৰ আকস্মিক থান-বান।থান-বানৰ পাছত মোৰ আর্থিক দুৰ্যোগ।আৰ্থিক দুৰ্যোগৰ সময়তে চৰকাৰী চাকৰি।অন্যথা ১০ লাখ টকা জৰিমনা! সেই সময়ত প্ৰগতি হস্পিটেলখন থান-বান নোহোৱাহেঁতেন,মইও চাগে চৰকাৰক ১০ লাখ টকা দিম বুলি কৈ ডিমৌত যোগদান নকৰিলেহেঁতেন।এই ঘটনাবোৰ সংযোগ আছিল নে অদৃশ্য শক্তিৰদ্বাৰা পৰিচালিত আছিল,মই নাজানো।

সেই অদৃশ্য শক্তি বা সংযোগৰ বাবে, কালক্ৰমত ৰাইজৰ মৰম আৰু সহযোগত আজি ডিমৌ গ্ৰাম্য চিকিৎসালয়ত ১৫ বছৰ সম্পূৰ্ণ কৰিলোঁ।কি কৰিলোঁ,কি নকৰিলোঁ সেইয়া ৰাইজলৈ এৰিলোঁ।

MBBS পাঠ্যক্ৰম শেষ হোৱাৰ পাছত আমাক তিনি মাহকৈ সকলো বিষয়ত ব্যৱহাৰিক জ্ঞান আয়ত্ত কৰিবলৈ পঠিওৱা হয়।এজন MBBS ডাক্তৰ হবলৈ সকলো বিভাগত আমি কিছু কিছু পৰিমাণে সিদ্ধহস্ত হব লাগে। আপাত কালীন বিভাগত, মেডিচিন বিভাগে সাধাৰণতে সৰ্প দংশনৰ চিকিৎসা প্ৰদান কৰে।দুৰ্ভাগ্যবশত ২০০০ বৰ্ষৰ ছেপ্টেম্বৰ মাহত যেতিয়া মই এজন MBBS ডাক্তৰ হৈ চিকিৎসা সেৱাৰ বাবে সমাজলৈ ওলাই আহো,তেতিয়ালৈকে মই সৰ্প দংশন ৰোগীৰ ব্যৱহাৰিক চিকিৎসা পদ্ধতিবোৰ সন্মুখীন হব নাপালোৱেই।কাৰণ পূৰ্বতে ৰাইজ আৰু সমাজৰ বেজৰ চিকিৎসা পদ্ধতিৰ ওপৰত সম্পূৰ্ণ আস্থা আছিল।সেইবাবে ৰোগী বা আত্মীয় হস্পিটেললৈ নাহিছিল বাবে আমি এনে ৰোগীৰ চিকিৎসা পদ্ধতিৰ বিষয়ে কিতাপৰ জ্ঞানৰ ওপৰতে ভৰষা কৰিছিলোঁ।মোৰ দৰে কিমানজন ডাক্তৰ/নাৰ্চ সৰ্প দংশনৰ ব্যৱহাৰিক জ্ঞান নোলোৱাকৈ পাছ কৰি ৰাইজ আৰু সমাজৰ সেৱাৰ কাৰণে ওলাই আহিছিল তাৰ কোনো হিচাব নাই।সেইবাবে ২০০৮ বৰ্ষৰ ছেপ্টেম্বৰ মাহত সৰ্প দংশনৰ পাছত মোৰ সন্মুখত মৃতপ্ৰায় অৱস্থাত থকা মহিলা গৰাকীক মই একোৱেই চিকিৎসা প্ৰদান কৰিব নোৱাৰিলোঁ।বৰঞ্চ ততাতৈয়াকৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ ৰেফাৰ কৰি নিজৰ দায় সাৰিলো।আধা ৰাস্তাতে তেওঁৰ মৃত্যু হৈছিল।নিজকে নিজে ধিক্কাৰ দিলোঁ। সেই ৰাতিটো ভালদৰে মোৰ টোপনি নাহিল। সৰ্প দংশনৰ কোনো মেডিকেল চিকিৎসা নাই নেকি? বেজ জৰা ফুকা আদিৰ প্ৰতি ৰাইজ সমাজ কিয় ইমানকৈ আকৰ্ষিত? ফেনাইল খালে ৰাইজ হস্পিটেল আহে, হাৰ্ট এটেক হলে ৰোগী হস্পিটেললৈ আহে, কিন্তু সৰ্প দংশন হলে ৰাইজ বা সমাজ চিকিৎসালয়লৈ নাহে কিয়? ইত্যাদি বিভিন্ন প্ৰশ্নই মনটো ভাৰাক্ৰান্ত কৰাৰ কাৰণে সেই ৰাতি বিচনাতে ছটফটাই থাকিলোঁ।

     ২০০৮ বৰ্ষৰ ছেপ্টেম্বৰ মাহৰপৰা এই বিষয়টোত আমাৰ যাত্ৰা আৰম্ভ হয়।ৰাইজ-সমাজক সজাগ কৰিবলৈ ওচৰে পাজৰে গাঁৱলৈ গৈ সজাগ কৰিবলৈ চেষ্টা কৰিলোঁ।তেতিয়া সকলোকে কাকূতি মিনতি কৰিব লগাত পৰিছিল।সজাগতা সভালৈ মাত্ৰ ৪-৫ জনমান মানুহহে আহিছিল।কাৰণ আমাৰ সমাজ আৰু ৰাইজৰ বেজ বেজালি,জৰা ফুকা আদিৰ ওপৰত দৃঢ় বিশ্বাস আছিল।যি দুই এজন আহিছিল তেওঁলোককে সজাগ কৰিব চেষ্টা কৰিছিলো।ৰাইজে প্ৰায় মোক প্ৰশ্ন কৰিছিল,যদি বেজ বেজালিত ভাল নহয়, তেনেহলে অত দিনে সৰ্প দংশনৰ মানুহবোৰ বেজ বেজালিত কেনেদৰে ভাল পাইছিল? মই যথাযথ উত্তৰ দিব চেষ্টা কৰিছিলো, কিন্তু সেই সময়ত মোৰ হাতত কোনো তথ্য নাছিল।মই বুজি পাইছিলো, ৰাইজ আৰু সমাজৰ সজাগতাই মূল।ৰাইজ আৰু সমাজক সৰ্প দংশনৰ পাছত হস্পিটেলমুখী কৰিব পাৰিলেই সম্ভৱ আমি সমস্যাটোৰ সমাধান পাই যাম।

     সেই বাবে সময় পালেই শিৱসাগৰৰ দাঁতি কাষৰীয়া অঞ্চলবোৰত সজাগতা সভা আয়োজন কৰি ৰাইজক হস্পিটেল আহিবলৈ অনুৰোধ কৰিব আৰম্ভ কৰিলোঁ।

ৰাইজে হাঁহিলে, সমাজে হাঁহিলে, কিনো কৰি আছে এইবোৰ।সৰ্প দংশন মানেই বেজ।ডাক্টৰী এৰি বেজগিৰি কৰিবলৈ আহিছে? আদি কথাই মাজে মাজে নিৰুৎসাহ কৰিছিল যদিও লাহে লাহে আগবাঢ়ি গৈছিলোঁ।

তাৰ মাজতে ২০০৮ বর্ষৰ ১০ অক্টোবৰ তাৰিখে ডিমৌ চিকিৎসালয়ত যোগদান।ডিমৌ চিকিৎসালয়ত মই এজন সংজ্ঞাহাৰক চিকিৎসক হিচাবে চিকিৎসা প্ৰদান কৰি থাকোঁ।তেতিয়ালৈকে মই সৰ্প দংশনৰ চিকিৎসা মাত্ৰ ব্যক্তিগত প্ৰগতি হস্পিটেলৰ ICU তহে প্ৰদান কৰি আছিলোঁ।কাৰণ আমাক তেতিয়া শিকোৱা হৈছিল, সৰ্প দংশনৰ চিকিৎসা ICU তহে সম্ভৱ।

    এজন দুজনকৈ সৰ্প দংশনৰ ৰোগী হস্পিটেলমুখী হব আৰম্ভ কৰিছিল।কিন্তু আকৌ মই এটা সাংঘাতিক সমস্যাৰ সন্মুখীন হওঁ।সৰ্প দংশনৰ অধিকাংশ ৰোগীৰ আৰ্থিক অৱস্থা একেবাৰে বেয়া আছিল।ICU,ব্যক্তিগত চিকিৎসালয়ত পৰ্যবেক্ষণৰ কাৰণে ভৰ্তি হব লাগিব বুলি কলেই তেওঁলোক পলাই পত্ৰং দিছিল।কাৰণ এন্টিভেনম বেজী আৰু আনুষংগিক দৰৱ-পাতিৰ খৰছ ৰোগীৰ আত্মীয়সকলে বহন কৰিব নোৱাৰিছিল।ৰোগী হস্পিটেলত ভৰ্তি হৈ নাথাকিলে আৰু ৰোগীৰ লক্ষণ বিতংভাবে পৰ্য্যালোচনা নকৰিলে আমি কেনেকৈ শিকিম? আমি সৰ্প দংশনৰ ৰোগীক বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰিলেহে ৰোগী হস্পিটেললৈ আহিব বা ভৰ্তি হব আৰু তেতিয়াহে আমি বিষয়টোৰ ওপৰত বিস্তৃত অধ্যয়ন কৰিব পাৰিম! আমি বুজন সংখ্যক ৰোগীৰ লক্ষণক অধ্যয়ন কৰিলেহে আমি সমাজৰ অন্ধবিশ্বাসবোৰৰ বিৰুদ্ধে জয়ী হম।কিন্তু ব্যক্তিগত চিকিৎসালয়ত সেয়া যেন সম্ভৱ নহয়।

কি কৰা যায়?

     সেইবাবে মনে মনে ডিমৌ গ্ৰাম্য চিকিৎসালয়ত সৰ্প দংশনৰ ৰোগীৰ চিকিৎসাৰ কথা ভাবিবলৈ আৰম্ভ কৰোঁ।এটা একেবাৰে নতুন চিন্তাধাৰা। ৰিস্ক অত্যধিক আছিল। তাতে মই এজন সংজ্ঞাহাৰক বিশেষজ্ঞ।ICU নাই, পর্য্যাপ্ত সা সুবিধা নাই, পয্যাপ্ত স্বাস্থ্য কৰ্মীৰ অভাৱ, কেনেকৈ বাৰু সৰ্প দংশনৰ চিকিৎসা আৰম্ভ কৰোঁ? সৰ্প দংশন হলে ৰোগীক ICUত ভৰ্তি কৰিবই লাগিব নেকি? ICU নাথাকিলে সৰ্প দংশনৰ চিকিৎসা সম্ভৱ নহয় নেকি?আদি বিভিন্ন প্ৰশ্নই মোক ব্যতিব্যস্ত কৰিছিল।সৰ্প দংশন এটা গ্ৰাম্য সমস্যা।সৰ্প দংশনৰ পাছত এটা এটা পলৰ মহত্ব অপৰিসীম।তেনে ক্ষেত্ৰত সৰ্প দংশনৰ পাছত চহৰ অঞ্চলৰ ICU থকা হস্পিটেললৈ বুলি ৰোগীক স্থানান্তৰিত কৰি থাকোতেই দেখোন ৰোগীৰ মৃত্যু হব।যিহেতু গ্ৰাম্য অঞ্চলৰ চিকিৎসালয়বোৰত ICU নাই,তেনেহলে কি গ্ৰাম্য অঞ্চলৰ সৰ্পৰ দ্বাৰা দংশিত হোৱা মানুহবোৰ মৰিয়েই থাকিব নেকি? আগবাঢ়ি গৈ প্ৰায়ে ৰৈ গৈছিলো।ৰৈ দিলেই আকৌ মোৰ হাতত মৃত্যু হোৱা মহিলাৰ,তেওঁৰ লৰা ছোৱালীহালৰ শেঁতা চেহেৰা কেইটা সন্মুখত ভাঁহি উঠিছিল।মন দৃঢ় কৰি নিজকে নিজে কলো,নাই আগবাঢ়িব‌ই লাগিব।

এজন সংজ্ঞাহাৰক বিশেষজ্ঞ চিকিৎসক হৈও একমাত্ৰ গ্ৰাম্য চিকিৎসালয়ত কৰ্মৰত হোৱা বাবেই সমগ্ৰ বিশ্বৰ এই অৱহেলিত গ্ৰাম্য সমস্যাটোৰ সমাধান কৰিবলৈ আমি সক্ষম হলো।

    আজি আমি ১৭২৫ জন সৰ্প দংশন ৰোগীৰ চিকিৎসাৰ অনুভবেৰে পুষ্ট। ন্য়ূনতম খৰচ,আমাৰ সকলো স্বাস্থ্যকৰ্মীৰ একান্ত সদিচ্ছা আৰু ৰাইজৰ সজাগতাৰ বাবে আমি অসম্ভবক সম্ভৱ কৰিলোঁ।এইটোও প্ৰমাণিত হল যে যদিহে ৰাইজ সৰ্প দংশনৰ পাছত তৎক্ষণাৎ হস্পিটেললৈ আহে তেনেহলে কোনো বিয়াগোম ডাক্তৰ বা বিয়াগোম হস্পিটেল নালাগে।কালক্ৰমত ডিমৌ গ্ৰাম্য চিকিৎসালয় ভাৰতবৰ্ষৰ ভিতৰতে গ্ৰাম্য চিকিৎসালয় পৰ্য্যায়ত সৰ্প দংশনৰ ফলপ্ৰসূ চিকিৎসা প্ৰদান কৰা প্ৰথম আৰু একমাত্ৰ গ্ৰাম্য চিকিৎসালয় বুলি প্ৰমাণিত হয়।বিভিন্ন ৰাজ্য আদিলৈ আমাৰ ডিমৌ হস্পিটেলৰ কাহিনী প্ৰসাৰিত হল।অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰও আগবাঢ়ি আহিল।

   ২০২৩ বৰ্ষত প্ৰায় ৯৫% অসমৰ ৰাইজ সৰ্প দংশনৰ পাছত হস্পিটেললৈ আহিবলৈ আৰম্ভ কৰিছে।চৰকাৰেও সকলো সামূহিক চিকিৎসালয়ত এন্তিভেনমৰ ব্যৱস্থা কৰিছে।কিন্তু আমাৰ অসমৰ স্বাস্থ্যকৰ্মীসকল সৰ্প দংশন বিষয়টোত সজাগ নে?

     গ্ৰাম্য চিকিৎসালয়তে সৰ্প দংশনৰ চিকিৎসা কৰিব পাৰি, ICU আদি নালাগে, সাপৰ ফটো বা দংশন কৰা অংশটোৰ দাঁতৰ চিহ্ন চাই সৰ্প দংশনৰ চিকিৎসা কৰা নহয়, পিট ভাইপাৰ সাপৰ বাদে বাকী বিষাক্ত সাপৰ দংশনৰ কথা তেজৰ পৰীক্ষাত গম পোৱা নাযায়, শংখচূড় সাপে দংশন কৰিলে দাঁতৰ চিহ্ন নাথাকিব পাৰে, কিন্তু লক্ষণবোৰ কেতিয়াবা ২৪ঘণ্টা মানতহে দেখা দিব পাৰে বা বিষাক্ত সাপৰ দংশন মানেই এণ্টিভেনম বেজী নহয়, বাকী আনুষংগিক চিকিৎসাও আছে আদি বিভিন্ন কথাবোৰ আমাৰ প্ৰত্যেকজন ডাক্তৰ বা নাৰ্চে জানেনে? নাজনিবও পাৰে।সম্ভবত বুজন সংখ্যক স্বাস্থ্যকৰ্মীসকলে এইবোৰ কথা নাজনিবও পাৰে। এইবোৰ কথা আমাৰ পাঠ্যক্ৰমত নাই। এইবোৰ কথা একমাত্ৰ অসমৰ ক্ষেত্ৰতে প্ৰযোজ্য নহয়, ভাৰতবৰ্ষৰ প্ৰত্যেক ৰাজ্যৰ ক্ষেত্ৰতে প্ৰযোজ্য। ঠাইভেদে বিষাক্ত সাপৰ বিহ ভিন্নতা আছে।

     বিষয়টো যিহেতু আমাৰ দুখীয়া শ্ৰেণীৰ এটা আকস্মিক মেডিকেল সমস্যা,সেইবাবে কোনেও গুৰুত্ব দিয়া নাছিল।কিন্তু কিছু বছৰৰপৰা আমাৰ কিছু সজাগতাৰব বাবেই হওঁক বা অন্য কিবা কাৰণেই হওঁক,এতিয়া সঘনে আলোচনা-বিলোচনা হৈছে।কিছু বছৰ আগলৈকে সৰ্প দংশন মানেই মৃত্যু বুলি ৰাইজ, সমাজ বা আমাৰ স্বাস্থ্যকৰ্মীসকলে ধৰি লৈছিল। কিন্তু ২০১৮ বৰ্ষৰপৰা ডিমৌ হস্পিটেলৰ সকলো স্বাস্থ্যকৰ্মীয়ে সেয়া ভুল বুলি প্ৰমাণিত কৰিছে।ৰাইজৰ মাজত আশাৰ সঞ্চাৰ হৈছে। সেইবাবে আজি সৰ্প দংশনৰ পাছত কোনোবা ব্যক্তিৰ মৃত্যু হলেই ৰাইজে প্ৰশ্ন কৰিছে।ভাল কথা । আমি ভাল পাইছোঁ।আমি এইটো কোৱা নাই সৰ্প দংশনৰ পাছত কোনো ৰোগীৰ মৃত্যু নহয়।কিন্তু আমি এঘড়ী যুঁজি চোৱা উচিত।কিন্তু এঘড়ী যুঁজিবলৈ আমাৰ স্বাস্থ্যকৰ্মীসকল প্ৰস্তুত হৈছে নে?এইটোও থিক কিতাপৰ জ্ঞানেৰে এই বিষয়টোত আমি যুঁজ দিব নোৱাৰোঁ।তেনেকুৱা হলে ২০০৮ বৰ্ষত মোৰ হাতত এগৰাকী সৰ্প দংশন ৰোগীৰ মৃত্যু নহলহেঁতেন?আমাক হৈ-চৈ নালাগে,লাগে স্থায়ী সমাধান।আজিৰ তাৰিখত আমি আমাৰ স্বাস্থ্যকৰ্মীসকলক ব্যৱহাৰিক জ্ঞান প্ৰদান কৰিয়েই সম্ভৱ এই জলন্ত সমস্যাটোৰ সমাধান কৰিব পাৰিম।আজিৰ তাৰিখত ডিমৌ হস্পিটেলত সকলো নাৰ্চ ডাক্তৰসকলে সৰ্প দংশনৰ কোনজন ৰোগীক কেনেদৰে,কেতিয়া এন্তিভেনম বেজী দিব লগে বা নালগে সেই বিষয়টোত সম্পূৰ্ণৰূপে সিদ্ধহস্ত হৈছে!কাৰণ আমাৰ হস্পিটেলৰ সকলো স্বাস্থ্যকৰ্মী ১৭২৫ জন সৰ্প দংশন ৰোগীৰ চিকিৎসাৰ ব্যৱহাৰিক জ্ঞানেৰে সমৃদ্ধ আৰু সেইবাবেই আমি ক্ৰমাগত দুটা বছৰত শূন্য মৃত্যু সম্ভৱ কৰিছোঁ।

আমি আমাৰ স্বাস্থ্যকৰ্মীসকলক সৰ্প দংশনৰ ফলপ্ৰসূ চিকিৎসাৰ বাবে কেনেকৈ প্ৰস্তুত কৰিম?

১)MBBS ৰ চূড়ান্ত বৰ্ষত আমাৰ হবলগীয়া ডাক্তৰ সকলক অসমৰ বিষাক্ত সাপ,ইয়াৰ লক্ষণ আৰু চিকিৎসাৰ বিষয়ে সম্যক জ্ঞান দিব লাগিব।

২)MBBS পাছ কৰাৰ পাছত অসমৰ সৰ্প দংশনৰ চিকিৎসা প্ৰদান কৰা চিকিৎসালয়বোৰত বাধ্যতামূলক ৪-৫ দিনৰ কাৰণে ব্যৱহাৰিক জ্ঞানৰ বাবে পঠাব লাগিব।

৩)সকলো পি.জি পঢ়ি থকা ডাক্তৰ সকলকো ব্যৱহাৰিক জ্ঞানৰ বাবে পঠাব লাগিব।

৪)প্ৰত্যেক গ্ৰাম্য চিকিৎসালয়ত এই বিষয়টোত প্ৰশিক্ষণপ্ৰাপ্ত এজন ডাক্তৰ,এজন নাৰ্চক এই বিষয়টোৰ তত্বাৱধায়কৰ (IN CHARGE) দায়িত্ব অৰ্পণ কৰিব লাগিব।তেওঁলোকে এণ্টিভেনম বা আনুষংগিক দৰৱ-পাতিৰ মজুতকৰণ তদাৰক কৰিব।

৫)অসমৰ সকলো ডাক্তৰক পৰ্যায়ক্ৰমে প্ৰশিক্ষণৰ ব্যবস্থা কৰিব লাগিব।ইতিমধ্যে আমি চৰকাৰৰ সহযোগত অসমৰ ৩৫খন জিলাৰ ১৩৫ জন ডাক্তৰক প্ৰশিক্ষণ দিয়া হৈছে।কিন্তু সেইখিনি পযাপ্ত হোৱা নাই।সমান্তৰালভাৱে চৰকাৰে ব্যৱহাৰিক জ্ঞানৰ বাবেও ব্যবস্থা কৰিব লাগিব।

ডিমৌ চিকিৎসালয়ে প্ৰতি মাহে ৮০-৯০ জন সৰ্প দংশনৰ ৰোগীক হস্পিটেলত ভৰ্তি কৰে।এইবছৰ আজিৰ তাৰিখৰলৈকে ৫১০ জন সৰ্প দংশনৰ ৰোগী ভৰ্তি কৰিছে।সম্ভৱ আমাৰ চিকিৎসালয়খনৰ এই বিষয়টোত আমাৰ অনুভৱবোৰে অসমৰ স্বাস্থ্যকর্মীসকলক অনাগত যুদ্ধৰ বাবে প্ৰস্তুত কৰিব পাৰে বুলি মনে ধৰে।

এই যাত্ৰাত আমাক সহযোগ কৰা আমাৰ সকলো ৰোগী,আত্মীয়, স্বাস্থ্যকর্মী,ৰাইজ,বিভিন্ন সংগঠন আৰু সাংবাদিকসকলক মই শ্ৰদ্ধাৰে সুঁৱৰিছো।

ঠিকাভিত্তিক সংজ্ঞাহাৰক বিশেষজ্ঞ হিচাবে দুবাৰ পদত্যাগ কৰাৰ পাছতো ডিমৌৰ সাংবাদিক উমেশ চেতিয়া আৰু বীৰেন কলিতাৰ নিস্বাৰ্থ প্ৰচেষ্টাকো মই এই মুহূৰ্ত্তত সুঁৱৰিছো।

এইটোও ঠিক যে প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ সীমান্ত জ্যোতি টায়ে যদি প্ৰসূতি বিশেষজ্ঞ হিচাবে কৰ্মৰত নহলহেঁতেন বা ডিমৌ চিকিৎসালয়ত কোনো অস্ত্ৰোপচাৰ নহলহেঁতেন, তেনেহলে, কেতিয়াবাই চাগে মই ডিমৌৰ পৰা বিদায় মাগিলোহেঁতেন। কাৰণ আমাৰ কাম অস্ত্ৰোপচাৰ কক্ষতহে। তেওঁও থাকি গল! ময়ো থাকি গলো আৰু আজি আমি ৫৬০০ জন চিজাৰীয়ান ৰোগীৰ চিকিৎসাৰ অনুভবেৰে পুষ্ট।

আজি আমি সকলোৱে মিলি জুলি সৰ্প দংশনৰ চিকিৎসাৰ ক্ষেত্ৰত সমগ্র অসমতে এক নৱজাগৰণৰ সৃষ্টি কৰিব পাৰিলো।

শ্ৰদ্ধাৰে সুৱৰিছো শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা ডাঙৰীয়াদেৱক, ১৫ বছৰ পূৰ্বে তেখেতে প্ৰেৰণ কৰা এখন পত্ৰই মোৰ জীৱনৰ দিশ সলনি কৰি দিছিল।

আজিৰ তাৰিখত আমি আমাৰ সকলো অনুভৱবোৰ অসমৰ সকলো স্বাস্থ্যকৰ্মীক বিলাই দিবলৈ প্ৰস্তুত।আমি চৰকাৰ-প্ৰশাসনলৈ লিখিছোঁ।অসমৰ ডাক্তৰসকলক ডিমৌ চিকিৎসালয়লৈ ৩-৫ দিনলৈ পৰ্যবেক্ষক হিচাবে আহি ব্যৱহাৰিক জ্ঞান লৈ যাবলৈ আমি লিখিছোঁ।কাৰণ অসমৰ সাপ, ইয়াৰ বিহ আদিৰ চিকিৎসা পদ্ধতিবোৰ আমাৰ কিতাপত লিখা পদ্ধতিবোৰতকৈ কিছু পৃথক ।

চৰকাৰৰ সহযোগত আৰু অসমৰ সকলো জিলাৰ স্বাস্থ্যকৰ্মীসকলৰ প্ৰশিক্ষণৰ জৰিয়তে ২০২৫ বৰ্ষত অসমত শূন্য মৃত্যু সম্ভৱ হব বুলি মনে ধৰে।

আমি আশাবাদী।

ঠিকনাঃ সংজ্ঞাহাৰক বিশেষজ্ঞ (Anaesthesiologist)
ডিমৌ গ্ৰাম্য চিকিৎসালয়
সৰ্প দংশনৰ সামাজিক কৰ্মকর্তা
শিৱসাগৰ
ফোন: ৯৪৩৫০৫৬৬২৭

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More