তিনিচুকীয়াত আৰোহন আচঁনিৰ অন্তৰ্গত নিৰ্বাচিত মেণ্টীসকলৰ সৈতে প্ৰশাসনৰ অভিৰোচন অনুষ্ঠান

0 63

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৫ অক্টোবৰ : তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত আৰু শিক্ষা বিভাগৰ সহযোগত আজি আৰোহন আচঁনিৰ অন্তৰ্গত ২০২৩-২৪ বৰ্ষৰ নিৰ্বাচিত ’মেণ্টী’ সকলৰ সৈতে এক অভিৰোচন অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ তিনিচুকীয়াৰ বাইপাছস্থিত কনভেনচন চেণ্টাৰত অনুষ্ঠিত এই অভিৰোচন অনুষ্ঠানত তিনিচুকীয়া জিলাৰ ১১৬ খন বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ প্ৰথম স্থান অধিকাৰ কৰি উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে মেণ্টী হিচাপে অংশগ্ৰহন কৰে ৷ জিলা আয়ুক্ত স্বপ্নীল পালে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে অন্তৰংগ আলাপত মিলিত হোৱাৰ লগতে ভৱিষ্যতে এজন সফল ব্যক্তি তথা এজন সুনাগৰিক হ’বলৈ কিদৰে আহোপুৰুষাৰ্থ কৰিব লাগিব তাৰ ওপৰত বক্তব্য আগবঢ়াই ৷ জিলা আয়ুক্তই প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীকে সৎ, কৰ্তব্যপৰায়ণ আৰু শৃংখলাবদ্ধ হ’বলৈ পৰামৰ্শ দিয়ে ৷ তেওঁ জীৱনত সফলতা অৰ্জন কৰিবলৈ হ’লে আত্মবিশ্বাসী হোৱাৰ লগতে জীৱনৰ লক্ষ্য স্থিৰ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায় ৷ জিলা আয়ুক্তই ছাত্ৰ-ছাত্ৰীসকলক জীৱনত কেতিয়াও হতাশ নহবলৈ আৰু স্বাস্থ্যৰ প্ৰতি সচেতন হ’বলৈও পৰামৰ্শ আগবঢ়ায় ৷ প্ৰতিগৰাকী মেণ্টীয়ে এগৰাকী মেণ্টৰৰ তত্বাৱধানত আগন্তক শৈক্ষিক জীৱন সফলতাৰে আগুঁৱাই লৈ যোৱাৰ ক্ষেত্রত আৰোহন আচঁনিখনে বিশেষ বৰঙনি যোগাবলৈ সক্ষম হব বুলি জিলা আয়ুক্তই আশা প্ৰকাশ কৰে ৷ অনুষ্ঠানত আমন্ত্ৰিত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ডুমডুমাৰ বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ অধক্ষ্য ড° অমৰজিৎ শইকীয়া ৷ অধক্ষ্যগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক কোনোধৰণৰ মানসিক চাপ নোলোৱাকৈ মনপুতি পঢ়াশুনা কৰি একো একোজন সুনাগৰিক হিচাপে নিজকে গঢ়িবলৈ আহ্বান জনায় ৷ বন্তি প্ৰজ্বালনেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়ায় শিক্ষা বিভাগৰ অতিৰিক্ত আয়ুক্ত সোনতৃষ্ণা ঘৰফলীয়াই ৷ জিলা প্ৰশাসনৰ তৰফৰ পৰা উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক আদৰনি জনোৱাৰ লগতে উপহাৰো প্ৰদান কৰা হয় ৷ অভিৰোচন অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে নিজে প্ৰস্তুত কৰা বিজ্ঞান ভিত্তিক আৰ্হিসমূহৰ এক প্ৰদৰ্শনীও অনুষ্ঠিত হয় ৷ আজিৰ অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত চিন্ময় পাঠক, নিৰ্বাচনী বিষয়া কংকনজ্যোতি শইকীয়া, সহকাৰী আয়ুক্ত ক্ৰমে দিপাৱলী কুৰ্মী, বন্দিত গগৈ, ভাস্কৰ পেগু, বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতুপন হাজৰিকা প্ৰমুখ্যে শিক্ষা বিভাগৰ অন্যান্য বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More