একত্ৰীকৰণৰ দিশত দেশৰ তিনি বাহিনী

0 18
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ ছেপ্টেম্বৰ : ভাৰত ক্ৰমান্বয়ে দেশৰ তিনিটা প্ৰধান সশস্ত্ৰ বাহিনী ক্ৰমে ভাৰতীয় সেনা, ভাৰতীয় বায়ুসেনা আৰু ভাৰতীয় নৌসেনাৰ একত্ৰীকৰণৰ দিশত আগবাঢ়িছে। ইয়াৰ ফলত এটা বাহিনীৰ সকলো প্ৰয়োজনীয় সম্পদ আন বাহিনীয়ে ব্যৱহাৰ কৰিব পাৰিব আৰু যিকোনো প্ৰয়োজনত একেলগে সমস্যাৰ সন্মুখীন হ’ব পাৰে। ১২ ছেপ্টেম্বৰ সোমবাৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই কথা প্ৰকাশ কৰে। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে দিল্লীত সেনাৰ লজিষ্টিক বিষয়ক এখন আলোচনা চক্ৰত অংশগ্ৰহণ কৰি এই মন্তব্য কৰিছে। এই আলোচনা চক্ৰৰ উদ্বোধনী অনুষ্ঠানত সেনা প্ৰধান মনোজ পাণ্ডে, বায়ুসেনাৰ মুখ্য বায়ু প্ৰধান মাৰ্শ্বাল ভি আৰ চৌধুৰী আৰু নৌসেনা প্ৰধান এডমিৰেল আৰ হৰি কুমাৰৰ লগতে নিটি আয়োগৰ সদস্য ভি কে সৰস্বতেও উপস্থিত থাকে। এই উপলক্ষে কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে সামৰিক আৰু অসামৰিক অংশীদাৰৰ মাজত সমন্বয়ৰ প্রয়োজনীয়তা সন্দর্ভত বক্তব্য দি দুয়োপক্ষৰ প্রতিনিধিৰ আগত এই বিষয়ত আগ্রহ প্রকাশ কৰে৷ এই আলোচনা চক্ৰত তিনিওটা বাহিনীৰ যৌথ কাৰ্যকলাপৰ সন্দৰ্ভত ৰাজনাথে দিল্লী কেণ্টনমেণ্টৰ মানেক্ষা কেন্দ্ৰত অনুষ্ঠিত এই আলোচনা চক্ৰত কয়— “দেশৰ তিনি বাহিনীৰ যৌথ কাৰ্যকলাপৰ দিশত আমি অতি ক্ষিপ্ৰতাৰে আগবাঢ়িছোঁ। এটা শক্তিৰ সম্পদ যাতে আন শক্তিয়ে ব্যৱহাৰ কৰিব পাৰে তাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে।” আজিৰ দিনটোত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীৰ এই ঘোষণা নিঃসন্দেহে তাৎপৰ্যপূৰ্ণ। যেতিয়া এই ব্যৱস্থা প্ৰৱৰ্তন হ’ব তেতিয়া যিকোনো জৰুৰীকালীন পৰিস্থিতিত এটা বাহিনীৰ সম্পদ আৰু জনশক্তি আন বাহিনীয়ে ব্যৱহাৰ কৰিব পাৰিব আৰু পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাটো বহুত সহজ হ’ব।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More