ৰাজ্যৰ ২৩০০ শিক্ষানুষ্ঠানৰ ১৯৫০২৭ শিক্ষকৰ ভৱিষ্যৎ অন্ধকাৰময়

মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ বক্তব্যত বিষোদগাৰ অসম হাইস্কুল শিক্ষক সংস্থাৰ

0 40

শতাব্দ প্ৰতিনিধি, নাৰায়ণপুৰ,২৯ ফেব্ৰুৱাৰী: চৰকাৰৰ বাজেট অধিৱেশনত শিক্ষামন্ত্ৰীৰ বক্তব্য আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অপ্ৰাদেশিকৃত বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ কৰিব নোৱাৰো বুলি স্পষ্টকৈ উল্লেখ কৰাক কেন্দ্ৰ কৰি তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে অসম হাইস্কুল শিক্ষক সংস্থাৰ ভিতৰ চ’ৰাত। বিদ্যালয় প্ৰাদেশিকীকৰণ কৰা, পুৰণা পেঞ্চন নীতি বাহাল ৰখা আৰু ২০১৩ চনত প্ৰাদেশিকৃত শিক্ষকৰ পোষ্ট কনফাৰমেশ্যন কৰা আদিৰ ক্ষেত্ৰত পূৰ্বৰেপৰা চৰকাৰৰ ওচৰত সংস্থাই দহদফীয়া দাবী জনাই আহিছিল আৰু বিষয়টো চৰকাৰেও বিবেচনাৰ আশ্বাস প্ৰদান কৰিছিল। অপ্ৰাদেশিকৃত বিদ্যালয়সমূহৰ শিক্ষক শিক্ষয়িত্ৰীসকলে চৰকাৰৰৰ হাতলৈ মুখলৈ চাই থকাৰ সময়তে হঠাৎ বাজেট অধিৱেশনত খোদ মুখ্যমন্ত্ৰীগৰাকীয়েই এই মন্তব্য প্ৰদান কৰাত এইসকল শিক্ষকৰ জীৱন অন্ধকাৰলৈ গতি কৰিছে। তাৰোপৰি পুৰণা পেন্সন নীতিৰ ক্ষেত্ৰতো চৰকাৰে প্ৰকাশ কৰা তথ্যক লৈ চৰম হতাশাত ভূগিছে শিক্ষকসকল। এই ক্ষেত্ৰত চৰকাৰক পুনৰ বিবেচনা কৰা আৰু উপান্ত শিক্ষকসকলক ভাতে নেমাৰি জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে। অসম হাইস্কুল শিক্ষক সংস্থাই কালি অনুষ্ঠিত কৰা এক ভাৰ্চুৱেল সভাত চৰকাৰক বিষয়টো অৱগত কৰি এক সুস্থিৰ সিদ্ধান্তত উপনীত হ’বলৈ কেতবোৰ সিদ্ধান্ত লৈছে। সমিতিৰ প্ৰায়সংখ্যক বিষয়ববীয়াই অংশগ্ৰহণ কৰা ভাৰ্চুৱেল সভাখনত মত প্ৰকাশ কৰি ৰাজ্য চৰকাৰখনক বিষয়টো সমাধান কৰিবলৈ অনুৰোধ জনাইছে। ৰাজ্যৰ প্ৰায় ২৩০০ ৰাজহুৱা শিক্ষানুষ্ঠানত ১৯৫০২৭গৰাকী শিক্ষকে বিগত ২৫/৩০ বছৰ ধৰি শিক্ষকতাৰ কৰাৰ পিছতো তেওঁলোকৰ পদসমূহ প্ৰাদেশিকীকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। ইতিমধ্যে প্ৰাদেশিকীকৰণৰ আশাত বন্দী হৈ ৰাজ্যত প্ৰায় ১০০০ শিক্ষক বিনা বেতনেৰেই চাকৰিৰ পৰা অৱসৰ ল’বলৈ বাধ্য হৈছে। তাৰোপৰি অসম হাইস্কুল শিক্ষক সংস্থাই উল্লেখ কৰিছে যে, অসমৰ বঞ্চিত, প্রতাৰিত আৰু বিশেষকৈ অসম চৰকাৰৰ ২০১৭ আৰু ২০১৮ (সংশোধনী) শিক্ষানুষ্ঠান প্রাদেশিকীকৰণ আইনখনৰ বিৰোধিতা কৰি আহিছে ৷ কিয়নো, এই আইনখনৰ আওঁতাৰ পৰা বাদ পেলাই থোৱা প্ৰায় ২৩০০ অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰী অন্যায়ভাৱে পদ প্রাদেশিকীকৰণৰ পৰা বাদ পৰিছে। উক্ত আইনত থকা বহু অনমনীয় ধাৰা, উপধাৰাৰ বাবে এতিয়াও প্রায় ২৩০০ (প্রাথমিকৰ পৰা কলেজ পৰ্যায়লৈ) শিক্ষানুষ্ঠান প্রাদেশিকীকৰণৰ পৰা বাদ পৰি ৰৈছে । শীঘ্ৰে এই পদসমূহ প্ৰাদেশিকীকৰণ কৰি এইসকল শিক্ষকৰ প্ৰতি ন্যায় কৰিবলৈ চৰকাৰক আহ্বান জনাইছে অসম হাইস্কুল শিক্ষক সংস্থাৰ হৈ সভাপতি সুনন্দ কলিতা, যুটীয়া সম্পাদক ৰমেন দুৱৰা আৰু তৰুণ চন্দ্ৰ নাথে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More