মহাকাশত ৫০০ বাৰ কৃষ্ণগহ্বৰ জন্মৰ সাক্ষী ভাৰত

অভিলেখ গঢ়িলে ‘মিনি বিগ বেংছ’-এ

0 20

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ মে’ : ৰেডিঅ’ টেলিস্কোপৰ বিশ্বব্যাপী নেটৱৰ্ক ইভেণ্ট হৰাইজন টেলিস্কোপ (EHT)-এ আমাৰ হাতীপটি তাৰকাৰাজ্যৰ কেন্দ্ৰত থকা কৃষ্ণগহ্বৰৰ প্ৰথমখন ছবি ধৰি ৰখাৰ পিছত ক’ব পাৰি যে, মহাকাশ বিজ্ঞানত ভাৰতীয় বিজ্ঞানীসকল বহু পিছ পৰি থকা নাই। ভাৰতৰ এষ্ট্ৰ’ছেট মহাকাশ দূৰবীণ ৫০০সংখ্যক বাৰৰ বাবে কৃষ্ণগহ্বৰৰ জন্মৰ সাক্ষী হৈছে।

  •  কৃষ্ণ গহ্বৰ কি?
    কৃষ্ণগহ্বৰ হ’ল মহাকাশৰ এনে এক ঠাই য’ত মাধ্যাকৰ্ষণ শক্তি ইমানেই প্ৰবল যে ইয়াৰ টানৰ পৰা পোহৰো সাৰি যাব নোৱাৰে। নাছাৰ মতে, কৃষ্ণগহ্বৰত মাধ্যাকৰ্ষণ শক্তি ইমানেই প্ৰবল, কাৰণ পদাৰ্থক এটা ক্ষুদ্ৰ স্থানত চেপি ধৰা হয়। তৰা এটা মৃত্যুমুখত পৰিলে এনে হ’ব পাৰে। মহাকাশযান ব্যৱহাৰ কৰি এই কৃষ্ণগহ্বৰৰ জন্মৰ অধ্যয়নত ভাৰতে যথেষ্ট অগ্ৰগতি লাভ কৰিছে বুলি আন্তঃবিশ্ববিদ্যালয়ৰ জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞান কেন্দ্ৰই (Inter-University Centre for Astronomy and Astrophysics) (IUCAA) প্ৰকাশ কৰিছে।
  • ভাৰত আৰু কৃষ্ণগহ্বৰ
    কৃষ্ণ গহ্বৰৰ সন্ধান অভিযানৰ নেতৃত্ব দিয়া অধ্যাপক বৰুণ ভালেৰাৱে কয় যে ৬.৫ বছৰ পূৰ্বে প্ৰথমবাৰৰ বাবে মহাকাশযানখনে গামা-ৰে বাৰ্ষ্ট (GRB)ৰ ওপৰত অধ্যয়ন কৰি আহিছে। IUCAA-এ জনোৱা মতে, এষ্ট্ৰ’ছেটত থকা কেডমিয়াম জিংক টেলুৰাইড ইমেজাৰ (CZTI) যন্ত্ৰটো পাঁচশবাৰৰ বাবে কৃষ্ণগহ্বৰৰ জন্মৰ সাক্ষী হৈছে। “এয়া এক লেণ্ডমাৰ্ক কৃতিত্ব। গামা-ৰশ্মি বিস্ফোৰণৰ ওপৰত CZTI-এ লাভ কৰা সমৃদ্ধিৰ তথ্যই বিশ্বজুৰি বৃহৎ প্ৰভাৱ পেলাইছে।’’— CZTIৰ বৰ্তমানৰ প্ৰধান তদন্তকাৰী অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক দীপাংকৰ ভট্টাচাৰ্যই এক বিবৃতিত এনেদৰে কয়। ২০১৫ চনত মুকলি কৰা এষ্ট্ৰ’ছেটে গামা-ৰে পৰ্যবেক্ষণ কৰি আহিছে এই বিস্ফোৰণবোৰ ইমানেই শক্তিশালী যে ইয়াক “মিনি বিগ বেং” বুলি কোৱা হৈছে, ই সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডখনলৈ পোহৰৰ তীব্ৰ জেট আৰু উচ্চ শক্তিৰ বিকিৰণৰ শ্বুটিং পঠিয়াই দিয়ে।
  •  এষ্ট্ৰ’ছেটে কেনেকৈ কাম কৰে
    পাঁচটা বিজ্ঞান যন্ত্ৰৰে গঠিত এষ্ট্ৰ’ছেটে অতিবেঙুনীয়া, আলোকীয় আৰু এক্স-ৰে বিকিৰণৰ দ্বাৰা বিশ্বব্ৰহ্মাণ্ডৰ ওপৰত অধ্যয়ন কৰে। পি এইচ ডিৰ ছাত্ৰ গৌৰৱ ৱাৰাটকাৰে কয় যে, “এইটোৰ ওপৰত কাম কৰাটো অতি ৰোমাঞ্চকৰ। প্ৰতিবাৰেই আমি তথ্যসমূহ চাওঁতে কোটি কোটি আলোকবৰ্ষ দূৰত উৎপত্তি হোৱা এটা সংকেত আৱিষ্কাৰ কৰাৰ সম্ভাৱনাই মোক প্ৰলোভিত কৰি তোলে।” ২০১৫ চনৰ ২৮ ছেপ্টেম্বৰত এষ্ট্ৰ’ছেটক ৬৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ কক্ষপথলৈ প্ৰেৰণ কৰা হৈছিল আৰু পাঁচ বছৰৰ বাবে মিছনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। মহাকাশত আশা কৰাতকৈ বেছি প্ৰদৰ্শন কৰি আহিছে মহাকাশযানখনে। মহাকাশযানখনৰ বৈজ্ঞানিক উদ্দেশ্য আছিল নিউট্ৰন তৰা আৰু কৃষ্ণগহ্বৰ থকা বাইনাৰী তৰা ব্যৱস্থাত উচ্চ শক্তিৰ প্ৰক্ৰিয়া বুজি পোৱা, নিউট্ৰন তৰাৰ চুম্বকীয় ক্ষেত্ৰৰ অনুমান কৰা, আমাৰ তাৰকাৰাজ্যৰ বাহিৰত পৰি থকা তৰা ব্যৱস্থাত তৰাৰ জন্মৰ অঞ্চল আৰু উচ্চ শক্তিৰ প্ৰক্ৰিয়াৰ অধ্যয়ন কৰা, সীমিত গভীৰতা সম্পন্ন কৰা অতিবেঙুনীয়া অঞ্চলত বিশ্বব্ৰহ্মাণ্ডৰ ক্ষেত্ৰভিত্তিক জৰীপ কৰা আৰু আকাশত নতুন চমুকৈ উজ্জ্বল এক্স-ৰেৰ উৎস ধৰা পেলোৱা।

ইভেণ্ট হৰাইজন টেলিস্কোপৰ সহযোগত পৃথিৱীৰ পৰা প্ৰায় ২৭,০০০ আলোকবৰ্ষ দূৰত আমাৰ নিজৰ তাৰকাৰাজ্যৰ কেন্দ্ৰত থকা কৃষ্ণগহ্বৰৰ প্ৰথমখন ছবি সফলতাৰে তোলাৰ মাত্ৰ কেইসপ্তাহমানৰ পিছতে শেহতীয়া এই বিকাশ ঘটিছে। ইভেন্ট হৰাইজন টেলিস্কোপে M87 ব্লেক হোলৰ ফটো তোলাৰ পিছত এইখন আছিল টেলিস্কোপটোৰ দ্বিতীয়খন ব্লেক হোলৰ ফটো।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More